শীঘ্ৰেই ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ছবি "ইতি তোমাৰ" - Iti Tumar

author img

By ETV Bharat Assamese Team

Published : Mar 27, 2024, 5:48 PM IST

the-new-assamese-film-iti-tomar-is-coming-to-theaters-on-march

Iti Tumar: অহা ২৯মাৰ্চত ৰে'ড ৰিভাৰ ফাণ্ড আৰু মনচুন স্ক্ৰিপ্ট এণ্টাৰটেইনমেণ্টৰ বেনাৰত ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ছবি "ইতি তোমাৰ" ৷

চিটাৰা ডেস্ক, 27 মাৰ্চ: আগন্তুক ২৯মাৰ্চত ছবিগৃহলৈ আহি আছে "নীলাকণ্ঠ"ৰ এটি জীয়া প্ৰেম কাহিনীক লৈ নিৰ্মিত এখন নতুন অসমীয়া ছবি "ইতি তোমাৰ" ৷ এই ছবিখনৰ পৰিচালনা আৰু প্ৰযোজনা পাৰৱেজ আহমেদৰ ৷ সমাজৰ তথাকথিত কিছু নীতি-নিয়মৰ বশৱৰ্তী হৈ কেতিয়াবা "প্ৰেম"ৰ মৃত্যু হয় এনে এক কাহিনীকে আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা হৈছে নতুন অসমীয়া ছবি "ইতি তোমাৰ" ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ৰে'ড ৰিভাৰ ফাণ্ড আৰু মনচুন স্ক্ৰিপ্ট এণ্টাৰটেইনমেণ্টৰ বেনাৰত নিৰ্মিত এই ছবিখনত অভিনয় কৰিছে অৰুণ নাথ, লিপিকা বৰা মেধি, ডাঃ অনুপম কৌশিক বৰা, দৰথী ভৰদ্বাজ, হৰ্ষদ ডি কাশ্যপ, বৰেণ্যা বৰা, ডঃ আকাশীতৰা, নৰ্মদা দাস, ডঃ জয়ন্ত দাস, অসীম শৰ্মা, পাৰ্থপ্ৰতিম বৰা, ৰবীন কলিতা, কৌশিক নাথ, সোণমণি শৰ্মা, প্ৰশান্ত চৌধুৰী, নন্দিনী বৰুৱা, প্ৰাঞ্জল দাস আৰু অৰূপ কোঁৱৰে ৷ অতিথি শিল্পী হিচাপে থাকিব মলয়া গোস্বামী আৰু মনীষা হাজৰিকাকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ৷

আনহাতে, ছবিখনৰ সম্পাদনা কৰিছে ধ্ৰুৱজিৎ কলিতাই, সংগীতৰ কৰিছে হীৰকজ্যোতি নাথ আৰু যুতিমালা বুঢ়াগোঁহাই ৷ কলা নিৰ্দেশনা জ্যোতি শংকৰ ভট্টাচাৰ্যৰ ৷ আনহাতে, কাৰ্যবাহী প্ৰযোজনা অনুপম হাজৰিকাৰ ৷

প্ৰেমক কাহিনী হিচাপে লৈ নিৰ্মাণ কৰা এই নতুন অসমীয়া ছবিখন গুৱাহাটী, শ্বিলং, মিৰ্জা আদিকে ধৰি ভিন্ন স্থানত ছবিখনৰ চিত্ৰগ্ৰহণ কৰা হৈছে ৷

অহা ২২ মাৰ্চ তাৰিখে অসমৰ প্ৰায় ৪০টা ছবিগৃহত মুক্তি লাভ কৰিব ৷ ইফালে ছবিখনৰ বৰ্তমানলৈকে মুক্তিপ্ৰাপ্ত গীত তথা টিজাৰে ইতিমধ্যে যথেষ্ট দৰ্শকৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক: টাইটানিকত ৰোজৰ জীৱন ৰক্ষা কৰা দুৱাৰখন ৫ কোটি টকাত নিলাম

লগতে পঢ়ক: বিশ্ব নাট্য দিৱস উদযাপনৰ উদ্দেশ্য তথা ইয়াৰ আৰম্ভণি কেনেকৈ হ’ল জানি লওক - WORLD THEATRE DAY 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.