ETV Bharat / entertainment

OTT প্লেটফৰ্মত চয়তান চাব বিচৰা সকললৈ সুখবৰ ! ক’ত মুক্তিলাভ এই ছবিখনে জানি লওক - Shaitaan On OTT

author img

By ETV Bharat Assamese Team

Published : Mar 22, 2024, 4:09 PM IST

Updated : Mar 22, 2024, 6:12 PM IST

Shaitaan On OTT: অজয় দেৱগন আৰু আৰ মাধৱনৰ Supernatural Horror Thriller চয়তানে বৰ্তমান চিনেমাগৃহত ঢৌ তুলিছে । এই ছবিখনে বক্স অফিচত এতিয়ালৈকে বিপুল সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । মুক্তিৰ ১৫ দিন সম্পূৰ্ণ হোৱাৰ পিচত এতিয়া চয়তান ক’ত কেতিয়া অ’টিটিত মুক্তি পাব সেই সন্দৰ্ভত আলোচনা তীব্ৰ হৈ পৰিছে । আজি এই বিষয়ে জানো আহক-

Ajay Devgn R Madhavan Shaitaan OTT Release Details
OTT প্লেটফৰ্মত চয়তান চাব বিচৰা সকললৈ সুখবৰ! ক’ত মুক্তিলাভ এই ছবিখনে জানি লওক

চিটাৰা ডেস্ক, 22 মাৰ্চ: গাঁৰ নোম শিয়ৰাই তোলা চয়তান ছবিৰ জৰিয়তে আকৌ এবাৰ জনপ্ৰিয় অভিনেতা অজয় দেৱগনে বলীউডত এন্ট্ৰি মাৰিছে ৷ পৰিচালক বিকাশ বাহলৰ পৰিচালনাত নিৰ্মিত এই চিনেমাখনে এতিয়ালৈকে ছবিগৃহৰ পৰা বক্স অফিচলৈকে নিজৰ শক্তিশালী স্থান অক্ষুণ্ণ ৰাখিছে ৷ অজয় দেৱগন, আৰ মাধৱন আৰু জ্যোতিকা অভিনীত এই হৰৰ, থ্ৰিলাৰখনে দৰ্শকৰ ইতিবাচক সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে ৷

ইফালে, এতিয়া চয়তান অ’টিটিত মুক্তি পোৱাৰ সন্দৰ্ভত চৰ্চা তীব্ৰতৰ হৈ পৰিছে আৰু দুসপ্তাহতকৈ অধিক সময় ছবিগৃহত আধিপত্য বিস্তাৰ কৰা এই চিনেমাখন ডিজিটেল প্লেটফৰ্মত চাবলৈ দৰ্শক যেন অতি আগ্ৰহী হৈ পৰিছে ৷ এনে পৰিস্থিতিত চয়তান কোনটো OTT প্লেটফৰ্মত আৰু কেতিয়া মুক্তি পাব জানো আহক-

এইটো OTT প্লেটফৰ্মত মুক্তি পাব চয়তান

আজিকালি এই ধাৰাটো যথেষ্ট সাধাৰণ হৈ পৰিছে যে এমাহ বা দুমাহ ধৰি চিনেমাগৃহত চলি থকাৰ পিচত লগে লগে অ’টিটিত ছবিসমূহ মুক্তিলাভ কৰে ৷ ইয়াৰ লগতে ছবিখন মুক্তিৰ পূৰ্বে ইয়াৰ ডিজিটেল অধিকাৰো বিখ্যাত অ’টিটি প্লেটফৰ্মে ক্ৰয় কৰে ৷ এই কথা চয়তানৰ বাবে সম্পূৰ্ণ উপযুক্ত বুলি প্ৰমাণিত হয় ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ইফালে চয়তান অ’টিটিত মুক্তিৰ সন্দৰ্ভত নেটফ্লিক্সে অজয় ​​দেৱগনৰ ছবিখনৰ ডিজিটেল ৰাইট ক্ৰয় কৰিছে ৷ ছবিখনৰ পোষ্টাৰত কাষত নেটফ্লিক্সৰ নামো উল্লেখ কৰা হৈছে ৷

এনে পৰিস্থিতিত সহজেই ক’ব পাৰি যে ছবিগৃহৰ পিচত এই অ’টিটি প্লেটফৰ্মত পোনপটীয়াকৈ চয়তান মুক্তি পাব ৷ অৱশ্যে এতিয়ালৈকে এই ছবিখনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰা হোৱা নাই ৷

বক্স অফিচত চয়তানে সৃষ্টি কৰিলে খলকনিৰ

তাৰকা অভিনেতা-অভিনেত্ৰীসকলৰ উজ্জ্বল কাহিনী আৰু বলিষ্ঠ অভিনয়ৰ বাবেই চয়তানে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ মুক্তিৰ ১৪ দিনৰ ভিতৰত এই ছবিখনে বক্স অফিচত প্ৰায় ১১৮ কোটি টকাৰ ভাল সংগ্ৰহ লাভ কৰিছে ৷ বিশ্বব্যাপী সংগ্ৰহৰ ক্ষেত্ৰত এই ছবিখনে এতিয়ালৈকে প্ৰায় ১৬৫ কোটি টকা উপাৰ্জন কৰিছে ৷

লগতে পঢ়ক: মাত্ৰ তিনিদিনতে ব্যয় কৰা ধন আদায় কৰিলে অজয় দেৱগনৰ চয়তানে

Last Updated : Mar 22, 2024, 6:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.