ETV Bharat / entertainment

অজয়-মাধৱনৰ চয়তানে মুক্তিৰ পিচতে ভংগ কৰিব পাৰে বহু অভিলেখ

author img

By ETV Bharat Assamese Team

Published : Mar 6, 2024, 12:08 PM IST

Shaitaan Box Office Prediction: ছবিগৃহত মুক্তিৰ বাবে সাজু হৈছে অজয় ​​দেৱগন আৰু আৰু মাধৱনৰ ছবি চয়তান । প্ৰথম দিনাই ছবিখনে কিমান উপাৰ্জন কৰিব জানো আহক এই প্ৰতিবেদনত ৷

Ajay Devgn R Madhavan movie Shaitaan Box Office Day 1 Prediction
চয়তানৰ মুক্তিৰ মাজত মাত্ৰ বাকী দুটা দিন

চিটাৰা ডেস্ক, ৬ মাৰ্চ: অজয় ​​দেৱগন আৰু আৰ মাধৱনৰ ভৌতিক ছবি চয়তানলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে অনুৰাগীয়ে । এই ছবিখনৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ পিচৰে পৰা সকলোৱে ইয়াৰ মুক্তিৰ বাবে অপেক্ষা কৰি আছে । ছবিখনত চয়তানৰ চৰিত্ৰত দেখা যাব আৰ মাধৱনক । এই কাৰণতে ছবিখনক লৈ অনুৰাগীৰ মাজত ব্যাপক উচাহ দেখা গৈছে ৷ কাৰণ প্ৰথমবাৰৰ বাবে এনে ব্যতিক্ৰমী চৰিত্ৰত দেখা যাব অভিনেতাগৰাকীক ৷ অহা ৮ মাৰ্চত ছবিগৃহত মুক্তি পাব চয়তান আৰু এতিয়া অগ্ৰিম বুকিঙো আৰম্ভ হৈছে ছবিখনৰ । অগ্ৰিম বুকিঙৰ পৰাই ছবিখনে উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিছে । ট্ৰেড বিশ্লেষকসকলৰ মতে ছবিখনে প্ৰথম দিনাই ব্যয় কৰা আধা বাজেট উপাৰ্জন কৰিব পাৰিব বুলি কোৱা হৈছে । গতিকে এই বিষয়ে সবিশেষ জানো আহক ৷

চয়তান ছবিখনত অজয় ​​দেৱগন, আৰ মাধৱনৰ সৈতে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা যাব জ্যোতিকা আৰু জনাকী বডিৱালাক । ছবিখন পৰিচালনা কৰিছে বিকাশ বাহলে ।

প্ৰথম দিনা কিমান উপাৰ্জন কৰিব ছবিখনে ?

যদি আমি চয়তানৰ বাজেটৰ কথা কওঁ, তেন্তে সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি ৬০-৬৫ কোটি টকাৰে নিৰ্মাণ কৰা হৈছে । কিছু কিছু সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি চয়তানে মুক্তিৰ প্ৰথম দিনা প্ৰায় ৮-১০ কোটি টকাৰ ব্যৱসায় কৰিব পাৰে । ছবিখনৰ এডভান্স বুকিং বৃদ্ধি পোৱাৰ লগে লগে এই সংখ্যা আৰু বৃদ্ধি পাব পাৰে । মঙলবাৰে এডভান্স বুকিঙত প্ৰায় ৮০ লাখ টকা সংগ্ৰহ কৰিছে ছবিখনে ।

চয়তানৰ কাহিনীৰ কথা ক’বলৈ গ’লে ইয়াত ক’লা যাদুৰ চিত্ৰণ কৰা হৈছে । ছবিখনত অজয় ​​দেৱগনে নিজৰ পৰিয়ালৰ সৈতে সুখেৰে জীৱন কটায় । তাৰ পিচত এদিন আৰ মাধৱনে সহায় খোজাৰ অজুহাতত অজয়ৰ ঘৰলৈ আহে, তাৰ পিচত অজয়ৰ জীয়েকক নিজৰ নিয়ন্ত্ৰণত লৈ লয় আৰু জীয়েকক যি মন যায় তাকেই কৰিবলৈ বাধ্য কৰায় । ইয়াৰ পিচত কি হয় সেয়া জানিবলৈ ছবিখনৰ মুক্তিলৈ অপেক্ষা কৰিব লাগিব । ছবিখনত দেখা যাব মাধৱনৰ এক বেলেগ অৱতাৰ ।

লগতে পঢ়ক: অনন্ত আম্বানীৰ প্ৰি-ৱেডিং অনুষ্ঠানত কিয় উপস্থিত নাছিল কংগনা ৰনৌত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.