ETV Bharat / business

ইণ্ডিগ’ত 100 খন সৰু বিমানৰ নৱ সংযোজন - IndiGo

author img

By ETV Bharat Business Team

Published : May 14, 2024, 12:15 PM IST

INDIGO PLAN : আঞ্চলিক নেটৱৰ্কৰ পৰিসৰ সম্প্ৰসাৰণ কৰাৰ উদ্দেশ্যৰে ইণ্ডিগ’ৰ নৱ সংযোজন ৷ ইণ্ডিগ’ত অচিৰেই সংযোজন কৰিব 100 খন সৰু বিমান ৷

INDIGO PLAN
ইণ্ডিগ’ত 100 খন সৰু বিমানৰ নৱসংযোজন (IANS Photo)

নেশ্যনেল ডেস্ক, 14 মে’ : ভাৰতৰ সৰ্ববৃহৎ এয়াৰ লাইন ইণ্ডিগ'ত অচিৰেই হ’ব নতুন বিমানৰ সংযোজন ৷ ইতিমধ্যে এই সন্দৰ্ভত ইণ্ডিগ’ৰ কৰ্তৃপক্ষই এটিআৰ, এমব্ৰেয়াৰ আৰু এয়াৰবাছৰ সৈতে আলোচনা কৰি আছে বুলি জানিব পৰা গৈছে । ইণ্ডিগ’ই শেহতীয়াকৈ আঞ্চলিক নেটৱৰ্ক সম্প্ৰসাৰিত কৰাৰ ক্ষেত্ৰ বিশেষ পদক্ষেপ হাতত লৈছে ৷ ইয়াৰ অংশস্বৰূপে ইণ্ডিগ’ৰ ফালৰ পৰা কমেও 100 খন সৰু বিমানৰ অৰ্ডাৰ দিবলৈ পৰিকল্পনা কৰিছে ।

ইতিমধ্যে ইণ্ডিগ’ 45, 78 আসনৰ এটিআৰ-72 বিমান পৰিচালনা কৰি আছে ৷ ইয়াৰ পিচতে চলিত বৰ্ষৰ ভিতৰতে আৰু পাঁচখন বিমানৰ ডেলিভাৰী গ্ৰহণ কৰা হ’ব এয়াৰলাইনটো ফ্ৰেংকো-ইটালিয়ান নিৰ্মাতা এটিআৰৰ পৰা ইণ্ডিগ’ই আশা প্ৰকাশ কৰিছে ৷ অৱশ্যে, এয়াৰবাছ A220 আৰু এমব্ৰেয়াৰৰ ই-175 বিমানেও সেৱা আগবঢ়াই আছে ৷

ইণ্ডিগ’ই ভাৰতত নেটৱৰ্ক নিজৰ স্থিতি মজুবত কৰাৰ প্ৰচেষ্টা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনত নিজ স্থান দখল কৰাৰ দৰে অনুৰূপ ঘটনা ৷ ইণ্ডিগ’ই যোৱা 25 এপ্ৰিলত ঘোষণ কৰে যে, এতিয়ালৈ 30 খন এয়াৰবাছৰ A350-900 বিমানৰ অৰ্ডাৰ দিয়া হৈছে ৷ ই হৈছে বহল প্ৰস্থৰ প্ৰথম বিমান ৷ এটিআৰৰ উপৰিও ইণ্ডিগ’ লগত আছে এয়াৰবাছ A320 আৰু A321 বিমান । ইয়াৰ ক’ডশ্বেয়াৰ অংশীদাৰ হৈছে টাৰ্কিছ এয়াৰলাইন্স ৷ টাৰ্কিছ এয়াৰলাইন্সৰ পৰা হ্ৰস্বম্যাদী লীজত দুখন বয়িং 777 বিমান আছে ৷

ভাৰতৰ ঘৰুৱা বিমান পৰিবহণৰ 60 শতাংশ যাত্ৰী ইণ্ডিগ’ই কঢ়িয়াই নিয়ে ৷ এই সৰু বিমানৰ সহায়েৰে কম জনবসতিপূৰ্ণ চহৰসমূহত বিভিন্ন সুযোগ উপলব্ধ হ’ব ৷ য’ত বিমানবন্দৰৰ আন্তঃগাঁথনিৰ উন্নতিৰ বাবে বিমান যাত্ৰাৰ চাহিদা বৃদ্ধি পাব ৷ ইণ্ডিগ’ৰ এই নৱ সংযোজনৰ উদ্দেশ্য হৈছে আঞ্চলিক বিমান সংযোগ বিকশিত আৰু উৎসাহিত কৰা ।

লগতে পঢ়ক:ৰাছিয়ান তেলৰ বিকল্প অবিহনে মধ্য প্ৰাচ্যৰ খাৰুৱা তেলৰ মূল্য আকাশচুম্বী হ'লহেঁতেন : বিশেষজ্ঞৰ মত - crude oil price hike

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.