ETV Bharat / bharat

ৰাছিয়ান তেলৰ বিকল্প অবিহনে মধ্য প্ৰাচ্যৰ খাৰুৱা তেলৰ মূল্য আকাশচুম্বী হ'লহেঁতেন : বিশেষজ্ঞৰ মত - crude oil price hike

author img

By ETV Bharat Assamese Team

Published : May 13, 2024, 9:11 PM IST

Global Crude Oil Price : ৰাছিয়াৰ তেলৰ বিকল্প অবিহনে মধ্য প্ৰাচ্যৰ খাৰুৱা তেলৰ বিশ্বজনীন মূল্যই আকাশ চুলেহেঁতেন । জেএনইউৰ চেণ্টাৰ ফৰ ৰাছিয়ান এণ্ড চেণ্ট্ৰেল এছিয়ান ষ্টাডিজৰ অধ্যক্ষ অৰ্চনা উপাধ্যায়ে এই মত প্ৰকাশ কৰে । তদুপৰি, কোভিডৰ আঘাতৰ পৰা ওলাই আহিবলৈ সংগ্ৰাম কৰি থকা উন্নয়নশীল অৰ্থনীতিবোৰো ধ্বংস কৰিলেহেঁতেন বুলি তেওঁ লগতে আঙুলিয়াই দিয়ে ।

Global Crude Oil Price
ৰাছিয়ান তেলৰ বিকল্পই খাৰুৱা তেলৰ মূল্য নিয়ন্ত্ৰণত ৰাখিছে (ETV Bharat)

বিশেষ প্ৰতিবেদন, ১৩ মে' : আমেৰিকা, ব্ৰিটেইন আদিৰ দৰে কেইবাখনো পশ্চিমীয়া দেশৰ ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা থকা সত্ত্বেও ভাৰতে মস্কোৰ পৰা তেল ক্ৰয় অব্যাহত ৰাখিছে । যিটো ৰাছিয়া-ইউক্ৰেইন সংঘৰ্ষৰ পিচৰে পৰা বিতৰ্কত আছে । আনহাতে, ৰাছিয়ান তেলৰ আমদানিৰ জৰিয়তে ভাৰতে ইয়াৰ শক্তিৰ উৎসত বিচিত্ৰতা আনি যোগানৰ সংকট প্ৰতিহত কৰাত সহায় কৰিছে । ভাৰতে একাধিক যোগানকৰ্তাৰ ওপৰত নিৰ্ভৰ কৰি যিকোনো এটা উৎসৰ পৰা সম্ভাৱ্য ব্যাঘাতৰ প্ৰভাৱ হ্ৰাস কৰিব পাৰে । লগতে দেশখনে শক্তিৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে তেলৰ অধিক স্থিৰ যোগান নিশ্চিত কৰিব পাৰে । ইয়াৰ উপৰি বিশ্ব তেলৰ এক মুখ্য উৎপাদক ৰাছিয়াৰ পৰা তেল আমদানি কৰাটোৱে ভাৰতক আলোচনাত সুবিধা প্ৰদান কৰে আৰু বজাৰত প্ৰতিযোগিতামূলক মূল্য নিৰ্ধাৰণ বৰ্তাই ৰখাত সহায় কৰে ।

ভাৰতৰ ৰাছিয়ান তেলৰ আমদানিয়ে কেনেদৰে বিশ্ব বজাৰক ত্বৰান্বিত কৰাত সহায় কৰিব পাৰে সেই সন্দৰ্ভত ইটিভি ভাৰতে এক অন্বেষণ কৰিছে । এই সন্দৰ্ভত এগৰাকী বিশেষজ্ঞই কয় যে ৰাছিয়াৰ তেলৰ বিকল্প অবিহনে মধ্য প্ৰাচ্যৰ খাৰুৱা তেলৰ বিশ্বজনীন মূল্য আকাশলংঘী হ'লহেঁতেন । জেএনইউৰ চেণ্টাৰ ফৰ ৰাছিয়ান এণ্ড চেণ্ট্ৰেল এছিয়ান ষ্টাডিজৰ অধ্যক্ষ অৰ্চনা উপাধ্যায়ে ইটিভি ভাৰতক কয় যে ই কোভিডৰ আঘাতৰ পৰা ওলাই আহিবলৈ সংগ্ৰাম কৰি থকা উন্নয়নশীল অৰ্থনীতিবোৰ ধ্বংস কৰিব পাৰিলেহেঁতেন ।

ইফালে ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত এৰিক গাৰ্চেটিয়ে দাবী কৰিছে যে আমেৰিকাই ভাৰতক ৰাছিয়াৰ তেল ক্ৰয় কৰিবলৈ অনুমতি দিছে । বিগত সপ্তাহত ৱাশ্বিংটনত বৈদেশিক সম্পৰ্ক পৰিষদে আয়োজন কৰা এক অনুষ্ঠানত ভাষণ দি তেওঁ কয়, "বিশ্বজুৰি মূল্যবৃদ্ধি নোহোৱাটো নিশ্চিত কৰিবলৈ আমি ক্ৰয় কৰিবলৈ অনুমতি দিছিলোঁ ।"

"এই ব্যৱস্থাৰ বাবে বিশ্বজুৰি তেলৰ মূল্যবৃদ্ধি হোৱা নাছিল আৰু ভাৰতে ইয়াৰ ওপৰত নেতৃত্ব প্ৰদান কৰিছিল ।" তেওঁ লগতে কয় । উল্লেখ্য যে যোৱা মাহৰ আৰম্ভণিতে ভাৰত ভ্ৰমণ কৰা আমেৰিকাৰ এগৰাকী কোষাগাৰ বিষয়ায়ো কৈছিল যে আমেৰিকাই ভাৰতক ৰাছিয়াৰ তেল আমদানি হ্ৰাস কৰিবলৈ কোৱা নাছিল । "তেলৰ যোগান নিয়ন্ত্ৰণ কৰাটো আমাৰ বাবে গুৰুত্বপূৰ্ণ । কিন্তু আমি যি কৰিব বিচাৰোঁ সেয়া হ'ল ইয়াৰ পৰা পুটিনৰ লাভ সীমিত কৰা ।" আমেৰিকাৰ কোষাগাৰৰ সহকাৰী সচিব এৰিক ভান নষ্ট্ৰাণ্ডে এনেদৰে কয় ।

আনহাতে, এৰিক গাৰ্চেটিৰ মন্তব্য সন্দৰ্ভত মন্তব্য কৰি অৰ্চনা উপাধ্যায়ে কয়, "ৰাছিয়াৰ তেল ক্ৰয় নকৰাৰ ক্ষেত্ৰত ভাৰতে আমেৰিকাৰ আদেশ গ্ৰহণ কৰিব পাৰিলেহেঁতেন নেকি ? মোৰ মতে নহয় । ভাৰত অনুমোদন ব্যৱস্থাৰ অংশ নহয় । ৰাছিয়াৰ সৈতে জড়িত হোৱাটো মুক্ত, যিটো ভাৰতে কৰিছে আৰু ইয়াক অব্যাহত ৰাখিব ।"

তেওঁ কয়, "আমেৰিকাৰ ৰাষ্ট্ৰীয় স্বাৰ্থ সম্পৰ্কে ভাৰতৰ পচন্দবোৰ গ্ৰহণ কৰাৰ বাহিৰে কোনো বিকল্প নাই... এই ক্ষেত্ৰত ই হৈছে ভাৰতৰ শক্তি সুৰক্ষা । ভাৰতৰ বৈদেশিক মন্ত্ৰীয়ে এইটো সম্পূৰ্ণৰূপে স্পষ্ট কৰি দিছিল যে ভাৰতৰ ৰাষ্ট্ৰীয় স্বাৰ্থই ভাৰতৰ পচন্দ নিৰ্ধাৰণ কৰিব আৰু ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক হৈছে ইয়াৰ আটাইতকৈ স্থিৰ সম্পৰ্ক, যিয়ে ভাৰতৰ স্বাৰ্থ ভালদৰে পূৰণ কৰিছে ।"

"ৰেহাইযুক্ত তেলৰ মূল্যই ভাৰতক ঘৰুৱাভাৱে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম কৰিছে । নিৰ্বাচনী পৰিস্থিতিত থকা এখন দেশত এইটো গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হৈছে । ভাৰতৰ বিত্ত মন্ত্ৰীয়ে লগতে কয় যে ভাৰতে আনকি আমেৰিকাৰ পৰাও তেল ক্ৰয় কৰিবলৈ ইচ্ছুক হ'ব, যদিহে ৰাছিয়াৰ তেলতকৈ সস্তা হাৰৰ গেৰাণ্টি দিব পাৰে ।" বিশেষজ্ঞগৰাকীয়ে মত প্ৰকাশ কৰে ।

তেওঁ লগতে কয় যে চীনক নিয়ন্ত্ৰণ কৰাৰ পৰিকল্পনাত ভাৰত হৈছে আমেৰিকাৰ বাবে গুৰুত্বপূৰ্ণ । এই বাস্তৱিকতাই নিজেই ভাৰতৰ বাবে এক নিৰ্দিষ্ট স্থান সৃষ্টি কৰে । "এইটো লক্ষণীয় যে ৰাছিয়াৰ পৰিশোধিত তেলেও ভাৰতীয় পথেৰে ইউৰোপীয় বজাৰলৈ গৈছিল । অৰ্থাৎ নিষেধাজ্ঞাবোৰ বলৱৎ কৰা কঠিন । ক্ৰেতাসকলে সদায়ে তেওঁলোকে বিচৰাখিনি পাবলৈ এটা উপায় বিচাৰি উলিয়ায় ।" অৰ্চনা উপাধ্যায়ে লগতে কয় ।

শেহতীয়াভাৱে আমেৰিকাৰ বিষয়াসকলে জি-7ৰ এই সিদ্ধান্ত বজাই ৰাখিছে যে ইউৰোপীয় ইউনিয়ন আৰু অষ্ট্ৰেলিয়াই মস্কোৰ লাভৰ মাৰ্জিন হ্ৰাস কৰিবলৈ ৰাছিয়াৰ তেল প্ৰতি বেৰেলত 60 ডলাৰৰ ওপৰত বিক্ৰী হোৱাটো নিবিচাৰে । এই মিত্ৰজোঁটটোৱে পশ্চিমীয়া বীমাৰ ব্যৱহাৰ নিষিদ্ধ কৰিব, যদিহে টেংকাৰবোৰে প্ৰতি বেৰেলত ৬০ ডলাৰৰ ওপৰত ৰাছিয়ান তেল কঢ়িয়াই আনে ।

উল্লেখনীয় যে ভাৰত ভ্ৰমণৰ পিছত আমেৰিকাৰ ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ অৱসৰপ্ৰাপ্ত অবৰ সচিব (আণ্ডাৰ ছেক্ৰেটেৰী) ভিক্টোৰিয়া নুলেণ্ডে আমেৰিকান চিনেটৰ বৈদেশিক সম্পৰ্ক সমিতিক কৈছিল যে ৰাছিয়াৰ সৈতে ভাৰতৰ ৬০ বছৰৰ জটিলতা আছে, যাৰ সমাপ্তিৰ প্ৰয়োজন ।

আনহাতে, ভাৰতে চাৰিটা ৰাছিয়াৰ কোম্পানীক টেংকাৰসমূহক সামুদ্ৰিক বীমা ক'ভাৰেজ প্ৰদান কৰিবলৈ অনুমতি দিছে । ঐতিহাসিকভাৱে ভাৰত আৰু ৰাছিয়াই বাহ্যিক চাপ সত্ত্বেও এক নিৰ্দিষ্ট পৰিমাণৰ কৌশলগত সহযোগিতা বজাই ৰাখিছে । ভাৰত-ৰাছিয়াৰ সম্পৰ্ক ঐতিহাসিকভাৱে শক্তিশালী হৈ আহিছে, যাৰ বিশেষত্ব হৈছে প্ৰতিৰক্ষা সহযোগিতা, অৰ্থনৈতিক অংশীদাৰিত্ব আৰু সাংস্কৃতিক বিনিময় । এই সম্পৰ্কবোৰে ভূ-ৰাজনৈতিক পৰিৱৰ্তন সহ্য কৰিছে আৰু ই ক্ৰমান্বয়ে বিকশিত হৈ আছে ।

লগতে পঢ়ক :ভাৰতীয় অৰ্থনীতি: অৰ্থনৈতিক বৃদ্ধিৰ বাবে গ্ৰাহকৰ আস্থা অতি গুৰুত্বপূৰ্ণ - Pump Up The Confidence

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.