ETV Bharat / bharat

অৰ্ধ-উলংগ মহিলাক পেৰেড, দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ সৈতে তুলনা আদালতৰ - Woman paraded naked

author img

By ETV Bharat Assamese Team

Published : Apr 9, 2024, 12:26 PM IST

Woman paraded naked: যোৱা ৩১ মাৰ্চত পাঞ্জাবৰ তৰ্ণ তৰণত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা ঘটনা । একাংশ লোকে এগৰাকী মহিলাক অৰ্ধ-উলংগ কৰি পেৰেড কৰে । এই ঘটনাক বৰ্বৰ আখ্যা আদালতৰ ।

Woman paraded naked
অৰ্ধ-উলংগ মহিলাক পেৰেড, দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ সৈতে তুলনা আদালতৰ

নেশ্যনেল ডেস্ক, ৯ এপ্ৰিল : পাঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে সোমবাৰে তৰ্ণ তৰণৰ এক ঘটনাক মহাভাৰতৰ 'দ্ৰৌপদীৰ বস্ত্ৰহৰণ'ৰ সৈতে তুলনা কৰে । এগৰাকী মহিলাক বোৱাৰীয়েকৰ পিতৃ পৰিয়ালে নিৰ্যাতন চলাই অৰ্ধ-উলংগ কৰি পেৰেড কৰা ঘটনাটোত আদালতে নিজাববীয়া জাননী জাৰি কৰে আৰু কয় যে এই ঘটনাই মহাভাৰতৰ কৌৰৱৰ নিৰ্দেশত 'দ্ৰৌপদীৰ বস্ত্ৰহৰণ'ৰ কথা মনত পেলাই দিছে ।

উল্লেখ্য যে পাঞ্জাবৰ তৰ্ণ তৰণ জিলাত ৫৫ বছৰীয়া মহিলাগৰাকীক তেওঁৰ পুত্ৰই পলুৱাই অনা যুৱতীৰ পৰিয়ালৰ লোকে আক্ৰমণ কৰি অৰ্ধ-উলংগ কৰি পেৰেড কৰিছিল । ঘটনাটো ৩১ মাৰ্চত এখন গাঁৱত সংঘটিত হৈছিল । ভুক্তভোগীৰ পুত্ৰই যুৱতীগৰাকীৰ সৈতে পলাই গৈ বিয়া পতাৰ কেইদিনমান পিচতে এই ঘটনা সংঘটিত হৈছিল বুলি আৰক্ষীয়ে কৈছিল ।

ন্যায়াধীশ সঞ্জয় বশিষ্ঠই সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ জৰিয়তে ইয়াক বৰ্বৰ আৰু লজ্জাজনক ঘটনাৰ বুলি উল্লেখ কৰিছে । লগতে বিষয়টোক ৰাজহুৱা স্বাৰ্থৰ মোকৰ্দমা হিচাপে গণ্য কৰাৰ সিদ্ধান্ত লৈছে । ন্যায়াধীশ বশিষ্ঠই তৰণ সত্ৰ বিভাগৰ প্ৰশাসনিক ন্যায়াধীশো । পৰৱৰ্তী সময়ত বিষয়টো কাৰ্যকৰী মুখ্য ন্যায়াধীশ জি এছ সান্ধাৱালিয়া আৰু ন্যায়াধীশ লাপিতা বানাৰজীৰ খণ্ড বিচাৰপীঠৰ সন্মুখত ৰখা হয়, যিয়ে পাঞ্জাব চৰকাৰক প্ৰস্তাৱৰ জাননী জাৰি কৰে ।

আদালতে কয়, "মহাভাৰতৰ যুগত সংঘটিত হোৱা ঐতিহাসিক ঘটনা ৷ অৰ্থাৎ কৌৰৱৰ নিৰ্দেশত 'দ্ৰৌপদীৰ বস্ত্ৰহৰণ' আৰু ভীষ্ম পিতামহকে ধৰি পাণ্ডৱসকলৰ নীৰৱতাৰ কথা মোৰ মনত পৰিল, যাৰ ফলত অৱশেষত মহাভাৰত যুদ্ধত হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছিল ।" ন্যায়াধীশ বশিষ্ঠই কয় যে বৰ্তমান সময়ত এজন সাধাৰণ মানুহেও আশা নকৰে যে ন্যায় ব্যৱস্থাই নীৰৱ হৈ এনে ঘটনা চাই থাকিব ।

তৰ্ণ তৰণ সত্ৰ বিভাগৰ প্ৰশাসনিক ন্যায়াধীশ হোৱাৰ বাবে তেওঁ মত পোষণ কৰিছে যে এই ঘটনাৰ বিষয়ে ন্যায়িক দিশত স্বতঃস্ফূৰ্তভাৱে বিবেচনা কৰা প্ৰয়োজন ৷ কিয়নো উচ্চ ন্যায়ালয় এনে ঘটনাৰ বাবে নিমাত হ'ব নোৱাৰে ৷ য'ত এগৰাকী মহিলাৰ সন্মান আৰু শালীনতা মুকলিকৈ ম্লান হয় । আৰক্ষী আৰু সংশ্লিষ্ট আন কৰ্তৃপক্ষই এক নিষ্প্ৰভ মনোভাৱ প্ৰদৰ্শন কৰে বা গ্ৰহণ কৰে আৰু তৎক্ষণাৎ পদক্ষেপ গ্ৰহণ নকৰে বুলিও ন্যায়াধীশে উল্লেখ কৰে ।

আৰক্ষীয়ে কোৱা মতে ঘটনাটো সন্দৰ্ভত ৪ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । ভুক্তভোগীয়ে দাখিল কৰা অভিযোগ অনুসৰি, তেওঁ ঘৰত অকলে আছিল যেতিয়া লোকসকলে তেওঁক আক্ৰমণ কৰিছিল । ভুক্তভোগীৰ মতে তেওঁক অৰ্ধ-উলংগ অৱস্থাত গাঁওখনত পেৰেড কৰোৱা হৈছিল ।

শুকুৰবাৰে সামাজিক মাধ্যমত ভুক্তভোগীগৰাকীক গাঁওখনত পেৰেড কৰা দেখুওৱা এটা ভিডিঅ' পোহৰলৈ আহিছিল । ঘটনা সন্দৰ্ভত ভুক্তভোগীৰ বোৱাৰীকে ধৰি ৪ গৰাকী লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

লগতে পঢ়ক : পুত্ৰই পলুৱাই আনিলে ছোৱালী; যুৱকৰ মাতৃক ৰাজপথত অৰ্ধনগ্ন কৰিলে যুৱতীৰ পৰিয়ালে - Sexual Assault

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.