ETV Bharat / bharat

প্ৰচণ্ড বৰষুণে প্ৰাণ কাঢ়িলে মাতৃসহ তিনি সন্তানৰ; গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত 2 জন

author img

By PTI

Published : Mar 3, 2024, 2:17 PM IST

Jammu and Kashmir House Collapse: প্ৰৱল বৰষুণৰ ফলত দেওবাৰে জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাত মাতৃসহ তিনি কন্যা মৃত্যুমুখত পৰে ৷ পৰিয়ালটোৰ দুজনকৈ সদস্য গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৷ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে দুয়োকে ৷

Jammu and Kashmir House Collapse
প্ৰচণ্ড বৰষুণে প্ৰাণ কাঢ়িলে মাতৃসহ তিনি সন্তানৰ; গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত 2 জন

নেশ্যনেল ডেস্ক, 3 মাৰ্চ: বৰষুণে প্ৰাণ কাঢ়িলে জম্মু-কাশ্মীৰৰ 4 জনকৈ লোকৰ ৷ দেওবাৰে জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাত সংঘটিত হয় এই শোকাৱহ ঘটনাটো ৷ জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাত এটা কেঁচা ঘৰত বাস কৰিছিল মাতৃসহ তিনি কন্যাই ৷

প্ৰৱল বৰষুণৰ ফলত পৰিয়ালটোৰ কেঁচা ঘৰটো ভাঙি যায় আৰু এগৰাকী মহিলাৰ লগতে তেওঁৰ তিনিগৰাকী কন্যাৰ মৃত্যু ঘটে ৷ প্ৰাকৃতিক দুৰ্যোগে প্ৰাণ কঢ়া শিশুকেইটিৰ বয়স দুবছৰৰ পৰা পাঁচ বছৰ বয়সৰ ভিতৰত বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, যোৱা 1 আৰু 2 মাৰ্চত জম্মু-কাশ্মীৰৰ কেইবাটাও অঞ্চলত মধ্যমীয়াৰ পৰা প্ৰচণ্ড বৰষুণ দিছিল ৷ ৰাজ্যখনৰ কেইবাখনো ঠাইত আহিছিল প্ৰচণ্ড বতাহ আৰু শিলাবৃষ্টি ৷ যাৰ ফলত বহু আৱাসিক এলেকা ক্ষতিগ্ৰস্ত হৈছিল ৷ ইয়াৰ ফলত ৰিয়াছি জিলাৰ কুন্দৰধন মহৰা গাঁৱত বসবাস কৰি থকা মাতৃসহ তিনি কন্যাই অকালতে প্ৰাণ হেৰুৱায় ৷

শিশুকেইটি হ’ল নাছিমা (5), ছাফিনা কৌছাৰ (3) আৰু সমৰীন কৌছাৰ (2) ৷ মহিলাগৰাকী ফল্লা আখতাৰ আৰু বয়স 30 বুলি জানিব পৰা গৈছে ৷ পৰিয়ালটোৰ দুজন বৃদ্ধ সদস্য কালু (60) আৰু তেওঁৰ পত্নী বানু বেগম (58) এই ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু দুয়োকে চিকিৎসালয়লৈ লৈ যোৱা হয় বুলি জানিবলৈ পৰা গৈছে ।

ধ্বংসাৱশেষৰ পৰা উদ্ধাৰকাৰীয়ে ইতিমধ্যে মৃতদেহসমূহ উদ্ধাৰ কৰিছে । আনহাতে, হিমাচল প্ৰদেশতো তুষাৰপাত আৰু বৰষুণৰ ফলত সাধাৰণ জনজীৱনত ব্যাঘাত জন্মিছে ৷ ৰাজ্য়খনৰ কিন্নৌৰ, লাহৌল স্পিতি, চম্বা, কুল্লুৰ ওপৰৰ অঞ্চলত প্ৰচণ্ড তুষাৰপাত হৈছে । চাৰিটা ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি 350 টা পথ বন্ধ কৰি দিয়া হৈছে ।

লগতে পঢ়ক: বৃষ্টিপাত-তুষাৰপাতত হিমাচলত ঘাইপথকে ধৰি ৩৫০টা পথত যাতায়ত ব্য়াহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.