ETV Bharat / bharat

নৰেন্দ্ৰ মোদীৰ মনোনয়নৰ সময়ত কাষতে থকা ব্যক্তিগৰাকী কোন ? - lok sabha election 2024

author img

By ETV Bharat Assamese Team

Published : May 14, 2024, 3:59 PM IST

Narendra Modi Nomination Event : প্ৰধানমন্ত্ৰী মোদীয়ে লোকসভা নিৰ্বাচনৰ বাবে মঙলবাৰে মনোনয়ন দাখিল কৰে । তেওঁৰ মনোনয়ন প্ৰক্ৰিয়াৰ সময়ছোৱাত এজন দাঢ়ি থকা বৃদ্ধ ব্ৰাহ্মণৰ সৈতে কথা পাতি থকা দেখা গৈছে । কেৱল সেয়াই নহয়, সমগ্ৰ প্ৰক্ৰিয়াটোত ব্ৰাহ্মণগৰাকী মোদীৰ কাষত বহি আছিল আৰু মোদীকো তেওঁৰ সৈতে সন্মানেৰে কথা পাতি থকা দেখা গৈছিল । কিন্তু এই ব্যক্তিজন কোন ? কিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ সৈতে ইমান ঘনিষ্ঠভাৱে কিয় কথা পাতি আছিল ?

Narendra Modi Nomination Event
মোদীৰ মনোনয়নৰ সময় গণনা কৰা গণেশ্বৰ শাস্ত্ৰী দ্ৰাবিড় (ETV Bharat)

নিউজ ডেস্ক, ১৪ মে' : মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসীৰ পৰা তৃতীয়বাৰৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিশ্বাস আৰু ধৰ্মৰ প্ৰতি যথেষ্ট সচেতন । এইবাৰ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মনোনয়নৰ বাবে বাছনি কৰা চাৰিগৰাকী প্ৰস্তাৱকৰ ভিতৰত এগৰাকী হৈছে প্ৰখ্যাত জ্যোতিষী তথা গাণিতিক বিশেষজ্ঞ গণেশ্বৰ শাস্ত্ৰী দ্ৰাবিড় ।

জ্যোতিষী গণেশ্বৰ শাস্ত্ৰী দ্ৰাবিড় হৈছে সেইগৰাকী ব্যক্তি, যিয়ে অযোধ্যাৰ ৰামলালা মন্দিৰৰ ভূমি পূজন আৰু শিলা পূজন কৰাৰ লগতে ৰাম মন্দিৰৰ বিশাল উদ্বোধনৰ সময়ো গণনা কৰিছিল । প্ৰধানমন্ত্ৰী মোদীৰ মনোনয়নৰ সময়ছোৱাত গণেশ্বৰ শাস্ত্ৰী দ্ৰাবিড়ক প্ৰধানমন্ত্ৰীৰ কাষত দেখা যায় ।

প্ৰধানমন্ত্ৰীয়ে মঙলবাৰে দিনৰ ১১.৫৫ বজাত মনোনয়ন দাখিল কৰে । এই মুহূৰ্তটোও গণেশ্বৰ শাস্ত্ৰী দ্ৰাবিড়ে গণনা কৰি উলিয়াইছিল । উল্লেখ্য যে বাৰাণসীৰ গণেশ্বৰ শাস্ত্ৰী দ্ৰাবিড়ৰ জ্যোতিষ আৰু বেদ-বেদাংগৰ বিশ্বত যথেষ্ট সুনাম আছে ।

মনোনয়ন দাখিলৰ সময়ত মোদীৰ সৈতে গণেশ্বৰ শাস্ত্ৰী দ্ৰাবিড়
মনোনয়ন দাখিলৰ সময়ত মোদীৰ সৈতে গণেশ্বৰ শাস্ত্ৰী দ্ৰাবিড় (ETV Bharat)

জগতগুৰু ৰামানন্দচাৰ্য বঁটা লাভ কৰা গণেশ্বৰ শাস্ত্ৰী দ্ৰাবিড়ৰ পৰিয়ালে দীৰ্ঘদিন ধৰি কাশীত বাস কৰি আহিছে । মূলত দক্ষিণ ভাৰতৰ যদিও গণেশ্বৰ শাস্ত্ৰী দ্ৰাবিড়ে ৰামঘাট অঞ্চলৰ গংগাৰ পাৰত থকা এখন সংস্কৃত বিদ্যালয়তে বাস কৰে ।

এই বিদ্যালয়খনো তেওঁৰ প্ৰপিতামহৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল । শাস্ত্ৰীৰ সৈতে তেওঁৰ ভাতৃ পণ্ডিত বিশ্বেশ্বৰ শাস্ত্ৰীও আছে । তেৱোঁ এগৰাকী পণ্ডিত । গণেশ্বৰ শাস্ত্ৰীৰ গ্ৰহ-নক্ষত্ৰ বিচাৰৰ সৈতে জ্যোতিষশাস্ত্ৰৰ যথেষ্ট জ্ঞান আছে । তেওঁৰ দ্বাৰা ডাঙৰ মুহূৰ্তও গণনা কৰা হয় ।

আচাৰ্য গণেশ্বৰ শাস্ত্ৰীৰ জন্ম ১৯৫৮ চনৰ ৯ ডিচেম্বৰত কাশীৰ ৰামনগৰত হৈছিল । তেওঁ ৰামঘাটিস্থিত চাংনা বেদ স্কুলত শিশুসকলক সংস্কৃতৰ শিক্ষা প্ৰদান কৰে । তেওঁৰ পিতৃ হৈছে আচাৰ্য ৰাজেশ্বৰ শাস্ত্ৰী দ্ৰাবিড় আৰু তেওঁক পণ্ডিতৰাজ উপাধিৰ লগতে মুখ্য অসামৰিক সন্মান পদ্মভূষণ বঁটাও প্ৰদান কৰা হৈছিল ।

আচাৰ্য গণেশ্বৰ শাস্ত্ৰী দ্ৰাবিড়ক কাশীত যথেষ্ট সন্মান কৰা হয় । কাৰণ তেওঁ সকলো সময়তে খালি ভৰিৰে খোজকাঢ়ে আৰু কঠোৰ নিয়ম অনুসৰণ কৰে । লগতে তেওঁ এতিয়াও প্ৰাচীন সংস্কৃতি অনুসৰি জীয়াই থাকে । আনহাতে, গণেশ্বৰ শাস্ত্ৰী দ্ৰাবিড়ৰ ওচৰত আজিও মোবাইল ফোন নাই বা তেওঁ ডিজিটেল পৃথিৱীৰ সৈতে সংযুক্ত হৈ নাথাকে ।

লগতে পঢ়ক :আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দাখিল কৰিব মনোনয়ন - PM Modi Nomination

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.