ETV Bharat / bharat

ময়ো উচিত তদন্তৰ পোষকতা কৰিছো: স্বাতী মালিৱালৰ গোচৰ সন্দৰ্ভত প্ৰথমবাৰলৈ মুখ খুলিলে কেজৰিৱালে - CM Kejriwal on Swati Maliwal case

author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 10:36 PM IST

Swati Maliwal assault case: মুখ্যমন্ত্ৰীৰ বাসগৃহত আপৰ সাংসদ স্বাতী মালিৱালৰ সৈতে সংঘটিত হোৱা কথিত আক্ৰমণৰ গোচৰক লৈ প্ৰথমবাৰৰ বাবে মৌনতা ভংগ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে । বুধবাৰে তেওঁ কয়, ‘‘আমি উচিত তদন্তৰ আশা কৰিছো ।’’ মালিৱালে অভিযোগ কৰে যে যোৱা 13 মে’ত কেজৰিৱালৰ ব্যক্তিগত সহায়ক বিভৱ কুমাৰে তেওঁৰ লগত অসৎ আচৰণ কৰিছিল ।

SWATI MALIWAL ASSAULT CASE
Maliwal assault case (IANS)

নিউজ ডেস্ক, 22 মে’: মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে প্ৰথমবাৰৰ বাবে তেওঁৰ বাসগৃহত আম আদমী পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ স্বাতী মালিৱালৰ সৈতে হোৱা আক্ৰমণৰ অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । বুধবাৰে পিটিআইক দিয়া এক সাক্ষাৎকাৰত তেওঁ কয়, ‘‘এই গোচৰৰ উপযুক্ত তদন্ত হ’ব বুলি আমি আশা কৰিছো ।’’

দৰাচলতে স্বাতী মালিৱালে অভিযোগ কৰিছে যে 13 মে’ত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ যোৱাৰ সময়ত কেজৰিৱালৰ ব্যক্তিগত সহায়ক বিভৱ কুমাৰে তেওঁক আক্ৰমণ কৰিছিল । ইতিমধ্যে আৰক্ষীয়ে গোচৰ ৰুজু কৰি বিভৱ কুমাৰক গ্ৰেপ্তাৰ কৰিছে ।

লগতে পঢ়ক: স্বাতী মালিৱালৰ সৈতে কি ঘটিছিল মুখ্যমন্ত্ৰীৰ বাসগৃহত ? - Swati Maliwal Assault Case

পিটিআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী কেজৰিৱালে কয় যে বিষয়টোক লৈ বৰ্তমান তদন্ত চলি আছে আৰু তেওঁৰ মন্তব্যই কাৰ্যবিধিৰ ওপৰত প্ৰভাৱ পেলাব পাৰে । অৱশ্যে উপযুক্ত তদন্তৰ আশা কৰিছে তেওঁ । কেজৰিৱালৰ মতে, ঘটনাৰ দুটা সংস্কৰণ আছে । আৰক্ষীয়ে দুয়োটা সংস্কৰণৰ নিৰপেক্ষভাৱে তদন্ত কৰিব লাগে ।

ঘটনাৰ সময়ত তেওঁৰ চৰকাৰী বাসগৃহত উপস্থিত আছিল নেকি বুলি সোধাত আপৰ ৰাষ্ট্ৰীয় আহ্বায়কগৰাকীয়ে কয় যে তেওঁ তাত আছিল । কিন্তু ঘটনাস্থলীত উপস্থিত নাছিল ।

লগতে পঢ়ক: স্বাতী মালিৱালক আক্ৰমণ, মুখ্যমন্ত্ৰীৰ বাসভৱনৰ ওচৰত বিজেপিৰ মহিলা কৰ্মীৰ প্ৰতিবাদ - BJP protest at Delhi

লগতে পঢ়ক: মহিলা সাংসদক আক্ৰমণ; দিল্লী আৰক্ষীয়ে লিপিবদ্ধ কৰিলে স্বাতী মালিৱালৰ ভাষ্য - AAP MP Swati Maliwal

উল্লেখ্য যে কেজৰিৱালৰ সহযোগী বিভৱ বৰ্তমান এই গোচৰত পাঁচদিনৰ বাবে আৰক্ষীৰ জিম্মাত আছে । ইয়াৰ পূৰ্বে বুধবাৰে মালিৱালে অভিযোগ কৰিছিল যে তেওঁক বদনাম কৰিবলৈ দলৰ সকলোৰে ওপৰত যথেষ্ট হেঁচা প্ৰয়োগ কৰা হৈছে । ‘‘কালি দলৰ এজন ডাঙৰ নেতাৰ ফোন আহিল । তেওঁ কয় যে সকলোৰে ওপৰত বহুত হেঁচা আছে, স্বাতীৰ বিৰুদ্ধে কথা ক’ব লাগিব । মোক (স্বাতীক) যিয়ে সমৰ্থন কৰিব তেওঁক দলৰ পৰা বাহিৰ কৰি দিয়া হ’ব বুলি তেওঁ ক’লে ।’’ মালিৱালে কয় ৷

মঙলবাৰে বিভৱ কুমাৰক গ্ৰেপ্তাৰৰ পূৰ্বে ফৰ্মেট কৰা বুলি অভিযোগ উত্থাপন কৰা ফোনটোৰ পৰা তথ্য বিচাৰিবলৈ মুম্বাইলৈ লৈ যোৱা হৈছিল । আৰক্ষীয়ে সন্দেহ কৰিছে যে বিভৱে নিজৰ ফোনটোৰ ডাটা মুম্বাইৰ কোনো ব্যক্তি বা ডিভাইচলৈ ট্ৰেন্সফাৰ কৰি ফৰ্মেট কৰিছিল । বিভৱৰ ফোন আৰু লেপটপৰ লগতে কেজৰিৱালৰ ঘৰৰ চিচি টিভি ৰেকৰ্ডিং ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি এগৰাকী বিষয়াই জানিবলৈ দিয়ে ।

লগতে পঢ়ক: আৰক্ষীয়ে ৰচিছে কাহিনী; আপক কলংকিত কৰিবলৈ বিজেপিৰ কথা মতে কাম কৰিছে স্বাতী মালিৱালে: আপৰ অভিযোগ - SWATI MALIWAL ASSAULT CASE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.