ETV Bharat / bharat

স্বাতী মালিৱালৰ সৈতে কি ঘটিছিল মুখ্যমন্ত্ৰীৰ বাসগৃহত ? - Swati Maliwal Assault Case

author img

By ETV Bharat Assamese Team

Published : May 13, 2024, 8:53 PM IST

Swati Maliwal Assault Case: স্বাতী মালিৱালৰ নামত দিল্লী আৰক্ষীয়ে এটা ফোন কল পাইছিল । মহিলাগৰাকীয়ে অভিযোগ কৰিছে যে মুখ্যমন্ত্ৰীৰ বাসগৃহত কেজৰিৱালৰ ব্যক্তিগত সচিবে তেওঁক আক্ৰমণ কৰিছে । এতিয়াও নিশ্চিত তথ্য পোৱা হোৱা নাই ।

Swati Maliwal Assault Case
স্বাতী মালিৱালৰ সৈতে কি ঘটিছিল মুখ্যমন্ত্ৰীৰ বাসগৃহত (ETV Bharat)

নেশ্যনেল ডেস্ক,১৩ মে': শেহতীয়াকৈ দিল্লীৰ সুৰা নীতি কেলেংকাৰী গোচৰত সাময়িক সকাহ হিচাপে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে অন্তৱৰ্তীকালীন জামিন লাভ কৰিছিল । তাৰ মাজতে কেজৰিৱালৰ সন্মুখত আন এক সমস্যাই দেখা দিছে । কেজৰিৱালৰ বাসগৃহত আম আদমি পাৰ্টীৰ এগৰাকী মহিলা সাংসদক মাৰধৰ কৰাৰ অভিযোগ উত্থাপন হৈছে । মহিলা সাংসদগৰাকী স্বাতী মালিৱাল বুলি দাবী কৰা হৈছে ।

জানিব পৰা মতে পুৱা প্ৰায় ৯.১৫ বজাত দিল্লী আৰক্ষীয়ে এটা ফোনকল পাইছিল । সেই ফোনটো এগৰাকী মহিলাই কৰিছিল । মহিলাগৰাকীয়ে দাবী কৰিছিল যে মুখ্যমন্ত্ৰীৰ এগৰাকী সহায়কৰ সৈতে তেওঁৰ হতাহতি হৈছিল ।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসগৃহত আম আদমি পাৰ্টীৰ কাউন্সিলাৰসকলৰ এখন গুৰুত্বপূৰ্ণ বৈঠকৰ আহ্বান কৰা হৈছিল । তাৰ পূৰ্বে এই অভিযোগটো উত্থাপন কৰা হৈছিল ।

ফোনটো লাভ কৰাৰ পিচতে দিল্লী আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু বিষয়টো তদন্ত কৰি আছে বুলি জানিব পৰা গৈছে । অৱশ্যে এই বিষয়ত আৰক্ষীয়ে কোনো ধৰণৰ সঁহাৰি দিয়া নাই । কিন্তু ৰাজ্যখনৰ মুখ্য বিৰোধী দল বিজেপিয়ে এই বিষয়ত সম্পূৰ্ণৰূপে সক্ৰিয় হৈ পৰিছে । বিজেপি নেতাসকলে এই সন্দৰ্ভত সামাজিক মাধ্যমত একাধিক পোষ্ট শ্বেয়াৰ কৰিছে ।

দিল্লী বিজেপিৰ মুখপাত্ৰ প্ৰবীণ শংকৰ কাপুৰে এক্সৰ এটা পোষ্টত লিখিছে যে সূত্ৰৰ মতে সোমবাৰে পুৱা প্ৰায় ৯.১৫ বজাত মুখ্যমন্ত্ৰীৰ এগৰাকী সহায়ক আৰু মুখ্যমন্ত্ৰীৰ বাসগৃহত এগৰাকী জ্যেষ্ঠ মহিলা নেত্ৰীৰ মাজত সংঘৰ্ষ হৈছিল । একে সময়তে বিজেপি যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সম্পাদক তাজিন্দ্ৰ বাগ্গাই লিখিছে যে তেওঁ স্বাতী মালিৱালৰ পক্ষত আছে ।

ইয়াৰ উপৰিও, আম আদমি পাৰ্টী চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা বিজেপি নেতা কপিল মিশ্ৰই এক্সত এটা ভিডিঅ' শ্বেয়াৰ কৰি কৈছে পুৱা স্বাতীয়ে আৰক্ষীক কেজৰিৱালৰ ঘৰলৈ কিয় মাতিব লগা হৈছিল ? কেজৰিৱালৰ পিএ বিভৱ কুমাৰে স্বাতী মালিৱালক প্ৰহাৰ কৰিছিল নেকি বুলি তেওঁ প্ৰশ্ন কৰে । এই সন্দৰ্ভত তেওঁ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ স্পষ্টীকৰণ দাবী কৰিছে । তেওঁ আশা কৰিছে যে মুখ্যমন্ত্ৰীৰ বাসগৃহত সাংসদক প্ৰহাৰ কৰা খবৰ মিছা হওঁক ।

লক্ষণীয়ভাৱে বিজেপি এই বিষয়ত সম্পূৰ্ণ আক্ৰমণাত্মক হৈ পৰিছে । অৱশ্যে, এতিয়ালৈকে এই সন্দৰ্ভত দিল্লী আৰক্ষীৰ পৰা কোনো বিবৃতি প্ৰকাশ পোৱা নাই । আম আদমি পাৰ্টীয়েও এই সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই । স্বাতী মালিৱাল দিল্লী মহিলা আয়োগৰ এগৰাকী প্ৰাক্তন অধ্যক্ষ আৰু ৰাজ্যসভাৰ বৰ্তমানৰ সাংসদ । একে সময়তে, বিভৱ কুমাৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ প্ৰাক্তন ব্যক্তিগত সচিব ।

লগতে পঢ়ক :কেজৰিৱালক মুখ্যমন্ত্ৰীৰ পদৰ পৰা অপসাৰণৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ - Delhi CM Arvind Kejriwal

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.