ETV Bharat / bharat

কেজৰিৱালৰ ডায়েবেটিছ চিকিৎসা বিতৰ্ক : দিল্লীৰ মন্ত্ৰীৰ দাবীক প্ৰত্যাখান তিহাৰ জেল কৰ্তৃপক্ষৰ - KEJRIWALS DIABETES TREATMENT ROW

author img

By ETV Bharat Assamese Team

Published : Apr 21, 2024, 10:39 PM IST

KEJRIWALS DIABETES TREATMENT ROW
কেজৰিৱালৰ ডায়েবেটিছ চিকিৎসা বিতৰ্ক

দিল্লীৰ মন্ত্ৰী সৌৰভ ভৰদ্বাজে দেওবাৰে অভিযোগ কৰে যে কেন্দ্ৰই অৰবিন্দ কেজৰিৱালক ইনচুলিন আৰু চিকিৎসাৰ পৰামৰ্শ প্ৰদান কৰা নাই, যাৰ ফলত তেওঁ তিহাৰ কাৰাগাৰত "ধীৰ মৃত্যু"ত ভুগিব লগা হৈছে। পিচত এক স্পষ্টীকৰণত কাৰাগাৰ প্ৰশাসনে কয় যে মুখ্যমন্ত্ৰীৰ পত্নী সুনীতা কেজৰিৱালে ইয়াৰ বাবে অনুৰোধ কৰাৰ পিচত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে এইমছৰ এজন জ্যেষ্ঠ চিকিৎসকৰ পৰামৰ্শ লোৱা হৈছিল।

নিউজ ডেস্ক, 21 এপ্ৰিল : দিল্লীৰ মন্ত্ৰী তথা আম আদমি পাৰ্টিৰ নেতা সৌৰভ ভৰদ্বাজে দেওবাৰে দাবী কৰে যে তিহাৰ জেলত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ডায়েবেটিছ চিকিৎসাক লৈ বিতৰ্কৰ সৃষ্টি হোৱাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে এজন নিৰ্বাচিত মুখ্যমন্ত্ৰীক ‘হত্যা কৰাৰ ষড়যন্ত্ৰ’ কৰিছে ৷ তিহাৰ জেলৰ ডিজিৰ পৰা এইমছলৈ ডায়েবেট’লজিষ্ট বিচাৰি এইমছলৈ লিখা পত্ৰৰ কথা উল্লেখ কৰি ভৰদ্বাজে তিহাৰ জেলত চিকিৎসাৰ সুবিধা পৰ্যাপ্ত বুলি বিজেপিৰ দাবী খণ্ডন কৰে ৷

আপ মন্ত্ৰীসকলৰ অভিযোগৰ পিচতে, কাৰাগাৰ প্ৰশাসনে কৈছিল যে মুখ্যমন্ত্ৰীৰ পত্নী সুনীতা কেজৰিৱালৰ অনুৰোধৰ পিচত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে এইমছৰ এজন জ্যেষ্ঠ চিকিৎসকৰ পৰামৰ্শ লোৱা হৈছিল ৷

কেজৰিৱালক ইনচুলিন আৰু চিকিৎসাৰ পৰামৰ্শৰ পৰা বঞ্চিত কৰা বুলি দাবী কৰি “এটা ষড়যন্ত্ৰ চলি আছে” বুলি আপৰ অভিযোগ অব্যাহত থকাৰ মাজতে তিহাৰ জেল কৰ্তৃপক্ষই এই স্পষ্টীকৰণ দিছে ৷

ভৰদ্বাজে কয়- "মই সম্পূৰ্ণ দায়বদ্ধতাৰে ক’ব বিচাৰো যে কেজৰিৱালৰ মৃত্যুৰ ষড়যন্ত্ৰ চলি আছে ৷" টাইপ ২ ডায়েবেটিছৰ বাবে কেজৰিৱালে তেওঁৰ পৰিয়ালৰ চিকিৎসকক ভিডিঅ’ কনফাৰেন্স কৰি জেলত ইনচুলিন যোগান ধৰিবলৈ কৈ আহিছে ৷

অৱশ্যে কাৰাগাৰ প্ৰশাসনে তেওঁৰ অনুৰোধ নাকচ কৰিছে বুলি দলটোৱে প্ৰকাশ কৰিছে ৷ “উচ্চ চুগাৰ থকা ৰোগীয়ে যদি ঔষধ সেৱন নকৰে তেন্তে তেওঁৰ শৰীৰৰ অংগবোৰ ক্ষতিগ্ৰস্ত হ’ব পাৰে ৷ অৰবিন্দ কেজৰিৱাল জীৰ ক্ষেত্ৰতো এনেকুৱা হ’ব পাৰে ৷ যদি এনেকুৱা হয় তেন্তে কোনো এল-জিয়ে তেওঁক কিডনী বা লিভাৰ দিব নোৱাৰিব ৷"

ভৰদ্বাজে লগতে কয় যে কাৰাগাৰত থকাৰ সময়ত প্ৰতিদিনে তেওঁৰ তেজৰ চেনিৰ মাত্ৰা পৰীক্ষা কৰিবলৈ মেচিন ব্যৱহাৰৰ অনুমতি মুখ্যমন্ত্ৰীক আদালতে দিছিল ৷ দিল্লীৰ মন্ত্ৰীজনে দাবী কৰে যে কেজৰিৱালৰ চিকিৎসাত হেৰফেৰ কৰা হৈছে আৰু এজন নিয়মীয়া চিকিৎসকৰ পৰামৰ্শৰ ওপৰত ভিত্তি কৰি মুখ্যমন্ত্ৰীক ইনচুলিন প্ৰত্যাখ্যান কৰা হৈছে ৷

কাৰাগাৰৰ কৰ্তৃপক্ষই ইয়াৰ উত্তৰত কয় যে কেজৰিৱালে গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বে তেওঁৰ ইনচুলিন গ্ৰহণ বন্ধ কৰি দিছিল আৰু তেওঁক এই সন্দৰ্ভত কোনো পৰামৰ্শ দিয়া হোৱা নাছিল ৷ দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰক দিয়া প্ৰতিবেদনত কেজৰিৱালে উল্লেখ কৰিছে যে তেওঁ মাত্ৰ মৌখিক ঔষধ মেটফৰ্মিন নামৰ মৌলিক ডায়েবেটিছ প্ৰতিৰোধী ঔষধ খাইছিল আৰু ইনচুলিন ৰিভাৰ্ছেল প্ৰগ্ৰেমত আছিল ৷

দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে দাখিল কৰা প্ৰস্তাৱৰ ওপৰত ৰাউজ এভিনিউ আদালতে ৰায় সংৰক্ষিত কৰি ৰখাৰ এদিন পিচতে আপে এই বক্তব্য প্ৰকাশ কৰিছে, য’ত তেওঁৰ গুৰুতৰ ডায়েবেটিচ আৰু অস্থিৰ ৰক্ত শৰ্কৰাৰ স্তৰ সম্পৰ্কে তিহাৰ জেল কৰ্তৃপক্ষই তেওঁক ইনচুলিন দিবলৈ আৰু ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে প্ৰতিদিনে 15 মিনিটৰ বাবে চিকিৎসকৰ ওচৰলৈ যাবলৈ অনুমতি দিবলৈ অনুৰোধ জনাইছিল ৷

যোৱা মাহত, প্ৰৱৰ্তন সঞ্চালকালয়ে আদালতত কৈছিল যে আপৰ মুৰব্বী আৰু দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱাল "দিল্লী আবকাৰী কেলেংকাৰীৰ কিংপিন আৰু মুখ্য ষড়যন্ত্ৰকাৰী" ৷

লগতে পঢ়ক : মনীষ ছিছোদিয়াৰ অন্তৰ্ৱৰ্তীকালীন জামিন আবেদনৰ ৰায় সংৰক্ষণ আদালতৰ - Delhi Liquor Policy Case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.