ETV Bharat / bharat

ষষ্ঠ দিনাও পুঞ্চত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত - Poonch search operation

author img

By ETV Bharat Assamese Team

Published : May 9, 2024, 10:26 AM IST

Poonch search operation
ষষ্ঠ দিনাও পুঞ্চত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত (IANS)

IAF CONVOY ATTACK : বায়ু সেনাৰ ওপৰত আক্ৰমণ কৰা সন্ত্ৰাসবাদীৰ ফটো মুকলি । আক্ৰমণস্থলীৰ ঘন অৰণ্য আৰু আৱাসিক এলেকাত একেৰাহে ষষ্ঠ দিনাও নিৰাপত্তা বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে ।

নেশ্যনেল ডেস্ক, ৯ মে' : জম্মু-কাশ্মীৰৰ পুঞ্চত নিৰাপত্তা বাহিনীৰ অভিযান অব্যাহত আছে । ষষ্ঠ দিনাও অঞ্চলটোৰ বিভিন্ন প্ৰান্তত নিৰাপত্তা বাহনীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে । যোৱা শনিবাৰে ভাৰতীয় বায়ু সেনাৰ কনভয়ত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিছিল । সেই আক্ৰমণৰ পিচৰে পৰা সেনা, অৰ্ধসামৰিক বাহিনী, জম্মু কাশ্মীৰ আৰক্ষী আৰু আৰক্ষীৰ বিশেষ গোটে অঞ্চলটোত কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে ।

সন্ত্ৰাসবাদীকেইটাক বিচাৰি উলিয়াবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে । আক্ৰমণস্থলীৰ ঘন অৰণ্য আৰু ওচৰৰ আৱাসিক এলেকাত তালাচী অভিযান তীব্ৰতৰ কৰি তুলিছে । ইফালে, যোৱা সপ্তাহত জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত বায়ু সেনাৰ কনভয়ত হোৱা আক্ৰমণত জড়িত বুলি সন্দেহ কৰা তিনিটা সন্ত্ৰাসবাদীৰ ফটো আৰক্ষীয়ে মুকলি কৰিছে ।

খবৰ অনুসৰি সন্ত্ৰাসবাদীকেইটাই এই আক্ৰমণত উচ্চ ক্ষমতা সম্পন্ন এছল্ট ৰাইফল, আমেৰিকাৰ নিৰ্মিত এম ৪ আৰু ৰাছিয়াত নিৰ্মিত একে-৪৭ ব্যৱহাৰ কৰিছিল । বিগত বছৰবোৰত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত কেইবাটাও সংঘৰ্ষ হৈছে যদিও এই আক্ৰমণ বছৰটোৰ প্ৰথম বৃহৎ আক্ৰমণ আছিল ।

ইতিমধ্যে ফটো মুকলি কৰা সন্ত্ৰাসবাদীকেইটাৰ ভিতৰত এটা হৈছে পাকিস্তান সেনাৰ প্ৰাক্তন কামাণ্ডো ইলিয়াছ, হাদুন নামৰ পাকিস্তানী সন্ত্ৰাসবাদী আৰু নিষিদ্ধ লস্কৰ-ই-তৈবাৰ কমাণ্ডাৰ আবু হামজা বুলি চিনাক্ত কৰা হৈছে । এই সন্ত্ৰাসবাদীকেইটাক বিচাৰি উলিয়াবলৈ নিৰাপত্তা বাহিনীয়ে অভিযান চলোৱাৰ সমান্তৰালকৈ স্নিফাৰ ড'গ মোতায়েন কৰিছে । সেনা, আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জ্যেষ্ঠ বিষয়াসকলেও পুঞ্চ ভ্ৰমণ কৰি বৃহৎ তালাচী অভিযানৰ তদাৰক কৰিছে ।

উল্লেখ্য যে শনিবাৰে ভাৰতীয় বায়ু সেনাৰ কনভয়ত হোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণত এগৰাকী জোৱান শ্বহীদ হোৱাৰ লগতে আন ৪ জোৱান আহত হয় ।

লগতে পঢ়ক :বায়ু সেনাৰ কনভয়ত আক্ৰমণৰ পিচতে পুঞ্চত তীব্ৰ তালাচী - IAF Convoy Attack

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.