6 গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ, লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ মিজোৰামত - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 18, 2024, 10:15 PM IST

LOK SABHA ELECTION MIZORAM

মিজোৰামৰ একমাত্ৰ লোকসভা আসনৰ ভোটগ্ৰহণৰ বাবে 1,276 টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে ৷ ৰাজ্যখনৰ মুঠ 8,56,364 জন ভোটাৰৰ ভিতৰত 4,14,805 জন পুৰুষ আৰু 4,41,559 গৰাকী মহিলা ভোটাৰ ৷

মিজোৰামত ব্যাপক নিৰ্বাচনী তৎপৰতা

তেজপুৰ, 18 এপ্ৰিল : দেশত 19 এপ্ৰিলত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন ৷ ইতিমধ্যে ভোটগ্ৰহণ কেন্দ্ৰলৈ নিৰ্বাচন সামগ্ৰীসহ ৰাওনা হৈছে নিৰ্বাচনী বিষয়া ৷ মিজোৰামতো প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দেখা গৈছে ব্যাপক তৎপৰতা ৷ ৰাজ্যখনৰ একমাত্ৰ লোকসভা সমষ্টিটোৰ বাবে শুকুৰবাৰে অনুষ্ঠিত হ’ব ভোটগ্ৰহণ ৷ ইতিমধ্যে মিজোৰাম (এছ টি) সংসদীয় সমষ্টিৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে ৰাওনা হৈছে বিষয়া-কৰ্মচাৰীৰ দল ৷

মিজোৰামৰ একমাত্ৰ লোকসভা আসনৰ ভোটগ্ৰহণৰ বাবে ৰাজ্যখনত 1,276 টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে ৷ ইয়াৰে 168 টা পি-2 ভোটকেন্দ্ৰ (দূৰত থকা বা দুৰ্গম অঞ্চলত থকা ভোটগ্ৰহণ কেন্দ্ৰ) আৰু এই কেন্দ্ৰসমূহত নিযুক্তি দিয়া ভোটগ্ৰহণকাৰী দলসমূহে নিজৰ কৰ্তব্যৰ বাবে বুধবাৰেই ৰাওনা হয় ৷ আনহাতে 1,108 টা পি-1 ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণৰ বাবে 5,071 গৰাকী বিষয়াক কৰ্তব্যৰ বাবে নিয়োগ কৰা হৈছে ৷ শেহতীয়া নিৰ্বাচনী তথ্য অনুসৰি ৰাজ্যখনৰ মুঠ 8,56,364 জন ভোটাৰৰ ভিতৰত 4,14,805 জন পুৰুষ আৰু 4,41,559 গৰাকী মহিলা ভোটাৰ ৷ 4,963 জন সেৱা ভোটাৰ ( পুৰুষ - 4,872, মহিলা - 91), 85 বছৰ আৰু তাৰ ওপৰৰ 4,741 জন ভোটাৰ (পুৰুষ - 2,167, মহিলা - 2,574), 3,396 জন বিশেষভাৱে সক্ষম ভোটাৰ ( পুৰুষ -1,876, মহিলা -1,521) আৰু 36,370 জন যুৱ ভোটাৰৰ বয়স 18-19 (পুৰুষ - 18,659, মহিলা - 17,711) বুলি জানিব পৰা গৈছে ৷

ৰাজ্যখনৰ 1,276 টা ভোটকেন্দ্ৰৰ ভিতৰত 751 টা গ্ৰাম্য ভোটকেন্দ্ৰ আৰু 525 টা নগৰীয়া ভোটকেন্দ্ৰ ৷ গড়ে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত 671 জন ভোটাৰ আছে ৷ 765 টা ভোটগ্ৰহণ কেন্দ্ৰ ৱেবকাষ্টিঙৰ জৰিয়তে নিৰীক্ষণ কৰা হ’ব ৷ 14 টা দুৰ্বল ভোটগ্ৰহণ কেন্দ্ৰ (কোলাছিব জিলা - ৭, আইজল জিলা - ৩, চম্পাই জিলা - ৪), 5 টা স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰ ( সকলোবোৰ ছাইতুৱেল জিলাৰ), 11 টা ভোটকেন্দ্ৰলৈ কেৱল খোজকাঢ়ি যাব লাগে (মমিত জিলা - 6, লুংলেই জিলা - 4, লংটলাই জিলা - 1) আৰু 15 টা ভোটকেন্দ্ৰ যিবোৰ কেৱল জলপথেৰেহে যাব পাৰি, সেয়া হৈছে (লুংলেই জিলা - 13, মামিত জিলা -2) ৷

মিজোৰামত 25 টা আদৰ্শ ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে ৷ ইয়াৰে লুংলেই জিলাৰ 4 টা সহায়ক ভোটকেন্দ্ৰ, 136 টা মহিলাৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰ (গোলাপী ভোটকেন্দ্ৰ Pink Polling station ), 7 টা সকলো যুৱকৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰ আৰু 1 টা বিশেষভাৱে সক্ষম লোকৰ পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰ ৷ ভোটাৰসকলে যাতে শান্তিপূৰ্ণভাৱে আৰু কোনো অসুবিধা নোহোৱাকৈ ভোটদান কৰিব পাৰে তাক নিশ্চিত কৰিবলৈ নূন্যতম সুবিধা (AMF) ব্যৱহাৰ কৰাৰ প্ৰচেষ্টা হাতত লৈছে ৷ এই নিৰ্বাচনত আইজল জিলাত সৰ্বাধিক ভোটাৰৰ সংখ্যা 2,88,304 টাৰ ভিতৰত (পুৰুষ- 1,34,838 আৰু মহিলা- 1,53,466) আনহাতে হ্নাহথিয়াল জিলাত সৰ্বনিম্ন ভোটাৰৰ সংখ্যা 16,223 জন- (পুৰুষ- 8,008 আৰু মহিলা- 8,215) ৷ সৰ্বাধিক ভোটাৰ থকা ভোটগ্ৰহণ কেন্দ্ৰটো জেমাবাক- অষ্টম (আইজল জিলা) আৰু সৰ্বনিম্ন ভোটাৰ থকা কেন্দ্ৰ থেহলেপ (লুংলেই জিলা)ত চিনাক্ত কৰা হৈছে ৷

লগতে পঢ়ক : প্ৰথম পৰ্যায়ৰ নিৰ্বাচন : ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা বিষয়া-কৰ্মচাৰী, ডিব্ৰুগড়ত অৰাজক পৰিস্থিতি - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.