ETV Bharat / bharat

আজি আবু ধাবিত অনুষ্ঠিত হ’ব ‘আহলান মোদী’ অনুষ্ঠান; উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী

author img

By ANI

Published : Feb 13, 2024, 2:16 PM IST

PM modi visit to UAE: আবু ধাবিত 13 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব ‘আহলান মোদী’ অনুষ্ঠান ৷ 13 ফেব্ৰুৱাৰীৰ পৰা 14 ফেব্ৰুৱাৰীত সংযুক্ত আৰব আমিৰশ্বাহীত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব । প্ৰধানমন্ত্ৰীয়ে ডুবাইত অনুষ্ঠিত হ’বলগীয়া বিশ্ব চৰকাৰৰ শীৰ্ষ সন্মিলন 2024 তো সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰিব ।

PM Modi's 'Ahlan Modi' event gathers enthusiastic response in Abu Dhabi
PM Modi's 'Ahlan Modi' event gathers enthusiastic response in Abu Dhabi

নেশ্যনেল ডেস্ক, 13 ফেব্ৰুৱাৰী: আবু ধাবিত অনুষ্ঠিত হ’বলগীয়া ‘আহলান মোদী’ শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে 13 ফেব্ৰুৱাৰীৰ পৰা 14 ফেব্ৰুৱাৰীত সংযুক্ত আৰব আমিৰশ্বাহীত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ এই সময়ছোৱাত মোদীয়ে সংযুক্ত আৰবৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে কৌশলগত অংশীদাৰিত্ব আগবঢ়োৱা সম্পৰ্কত এক বৈঠকত মিলিত হ’ব । প্ৰধানমন্ত্ৰীয়ে আবুধাবিত অনুষ্ঠিত হ’বলগীয়া সমূহীয়া কাৰ্যসূচীত প্ৰৱাসী ভাৰতীয়সকলক সম্বোধন কৰিব ।

‘আহলান মোডী’ শীৰ্ষক অনুষ্ঠানটিৰ বাবে দেশখনত থকা ভাৰতীয় সমাজ অতি উৎসুকতাৰে বাট চোৱা পৰিলক্ষিত হৈছে । সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ইণ্ডিয়ান পিপ’ল ফ’ৰামৰ সভাপতি তথা আহলান মোদী কাৰ্যসূচীৰ আয়োজক জিতেন্দ্ৰ বৈদ্যই এই যুগান্তকাৰী অনুষ্ঠানৰ বাবে সুখ আৰু আশা প্ৰকাশ কৰে ।

"আমাৰ গেট এতিয়াও খোলা নাই, কিন্তু ইতিমধ্যে এই ষ্টেডিয়ামৰ প্ৰতিখন গেটত মানুহ থিয় হৈ আছে । এই কথা মই নিশ্চয়তাৰে ক'ব পাৰো যে দেশৰ বাহিৰত প্ৰধানমন্ত্ৰী মোদীৰ কোনো ৰাজহুৱা অনুষ্ঠানৰ বিষয়ে মানুহে মনত পেলালে 'আহলান মোদী' অনুষ্ঠানক এক যুগান্তকাৰী পদক্ষেপ হিচাপে মনত পেলাব । দুপৰীয়া প্ৰায় 12 বজাত (স্থানীয় সময়) এই অনুষ্ঠান আৰম্ভ হ'ব । আজি ইয়াত 800 ৰো অধিক অংশগ্ৰহণকাৰীয়ে অনুষ্ঠান পৰিৱেশন কৰিব ।"

সভাস্থলীত দোকান স্থাপন কৰা ভাৰতীয় বিখ্যাত ৰেষ্টুৰেণ্ট ছপ্পন ভোগ আবুধাবিৰ প্ৰতিনিধি গৌৰৱ বাৰ্মাই এই অনুষ্ঠানৰ বাবে আগ্ৰহী । বাৰ্মাই কয়, " মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে পিএম মোদী ইয়ালৈ আহিব ৷ আমি অতিশয় উৎসাহিত হৈছো । আমাৰ খাদ্য বিপণিখন বিশুদ্ধ নিৰামিষ ৷"

এই অনুষ্ঠানৰ মূল উল্লেখযোগ্য দিশসমূহৰ ভিতৰত আছে 700 ৰো অধিক সাংস্কৃতিক শিল্পীৰ প্ৰদৰ্শনী, ভাৰতীয় কলাৰ বিশাল বৈচিত্ৰ্যক জীৱন্ত কৰি তোলা আৰু সৰ্বাংগীন সাংস্কৃতিক সমাৰোহ নিশ্চিত কৰা । এই অনুষ্ঠানত 150 টাতকৈও অধিক ভাৰতীয় সম্প্ৰদায়ৰ গোটে সক্ৰিয়ভাবে অংশগ্ৰহণ কৰিব ।

এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব । দুয়োগৰাকী নেতাই দেশসমূহৰ মাজত কৌশলগত অংশীদাৰিত্ব আৰু অধিক গভীৰ, সম্প্ৰসাৰণ আৰু শক্তিশালী কৰাৰ উপায়সমূহৰ বিষয়ে আলোচনা কৰিব ।

প্ৰধানমন্ত্ৰীয়ে ডুবাইত অনুষ্ঠিত হ’বলগীয়া বিশ্ব চৰকাৰৰ শীৰ্ষ সন্মিলন 2024 তো সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰিব ।

লগতে পঢ়ক: Hindu temple in Abu Dhabi: অহা বৰ্ষত আবু ধাবিত নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব হিন্দু মন্দিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.