ETV Bharat / bharat

উত্তৰ প্ৰদেশত ৩৪,৭০০ কোটি টকাৰ প্ৰকল্পৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Mar 10, 2024, 3:17 PM IST

PM Modi in UP
উত্তৰ প্ৰদেশত ৩৪,৭০০ কোটি টকাৰ প্ৰকল্পৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ

PM Modi in UP: লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশত প্ৰায় ৩৪,৭০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে উদ্বোধন কৰে । আজমগড় এতিয়া দেশৰ ভিতৰতে জিলিকি আছে বুলি দাবী কৰে প্ৰধানমন্ত্ৰীয়ে ।

নেশ্যনেল ডেস্ক,১০ মাৰ্চ : সমাগত লোকসভা নিৰ্বাচন । তাৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ভিন্ন প্ৰান্তত কোটি কোটি টকাৰ নতুন প্ৰকল্পৰ শুভাৰম্ভ কৰিছে । একপ্ৰকাৰ উত্তৰ প্ৰদেশত প্ৰধানমন্ত্ৰীৰ নতুন প্ৰকল্পৰ বৰষুণ পৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে পুনৰ উত্তৰ প্ৰদেশত প্ৰায় ৩৪,৭০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰে আৰু আধাৰশিলা স্থাপন কৰে ।

প্ৰকল্প উদ্বোধন কৰি মোদীয়ে ভাষণত কয় যে এসময়ত পিছপৰা বুলি গণ্য কৰা আজমগড়ে আজি এক উজ্জ্বল তাৰকা আৰু দেশৰ বাবে উন্নয়নৰ এক নতুন অধ্যায় লিখিছে । এসময়ত যেতিয়া দিল্লীত এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল আন ৰাজ্যসমূহে তাত যোগদান কৰিছিল । কিন্তু আজি আজমগড়ত অনুষ্ঠান হৈছে আৰু দেশৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ লোকে ইয়াৰ সৈতে সংযোগ স্থাপন কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে ।

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে এই প্ৰকল্পসমূহৰ নিৰ্বাচনৰ সৈতে সম্পৰ্ক নাই । ২০৪৭ চনৰ ভিতৰত উন্নত ভাৰতৰ সপোন সত্য হোৱাৰ বাবেহে উন্নয়নমূলক কামবোৰ তেওঁ তৎপৰ কৰি তুলিছে । তেওঁ ২০৪৭ চনৰ ভিতৰত উন্নত ভাৰতৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ দেশখনক দ্ৰুতগতিত আগুৱাই লৈ গৈছে ।

প্ৰধানমন্ত্ৰীয়ে জিলাখনৰ মাণ্ডুৰী অঞ্চল পৰিদৰ্শন কৰাৰ সময়ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু অন্যান্য বিজেপি নেতাসকল উপস্থিত থাকে । মোদীয়ে আজমগড়, শ্ৰাৱস্তী, চিত্ৰকূট আৰু আলিগড় বিমানবন্দৰ আৰু লক্ষ্ণৌৰ চৌধুৰী চৰণ সিং আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল উদ্বোধন কৰে ।

প্ৰধানমন্ত্ৰীয়ে ১০৮ কোটি ব্যয়েৰে নিৰ্মাণ কৰা আজমগড়ৰ মহাৰাজা সুহেল দেৱ ৰাজ্যিক বিশ্ববিদ্যালয়ো উদ্বোধন কৰে । তেওঁ ১১,৫০০ কোটি টকাৰ ৫ টা মুখ্য ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত উত্তৰ প্ৰদেশৰ ৫৯ খন জিলাত নিৰ্মাণ কৰা ৫,৩৪২ কিলোমিটাৰৰো অধিক দৈৰ্ঘৰ পথ উদ্বোধন কৰে । উত্তৰ প্ৰদেশত প্ৰধানমন্ত্ৰীয়ে ৮,২০০ কোটি টকাৰ ১২ টা ৰে'ল প্ৰকল্পৰো শুভাৰম্ভ কৰে । তেওঁ ৰাজ্যখনৰ প্ৰয়াগৰাজ, ইটাৱা আৰু জৌনপুৰ জিলাত ১,১১৪ কোটি টকাৰ নমামি গংগা যোজনাৰ অধীনত নিৰ্মাণ কৰা তিনিটা নৰ্দমা প্ৰকল্পও উদ্বোধন কৰে । প্ৰধানমন্ত্ৰীয়ে লক্ষ্ণৌত লাইট হাউচ প্ৰকল্প (এলএইচপি) উদ্বোধন কৰাৰ কথা আছে যাৰ অধীনত আধুনিক আন্তঃগাঁথনিৰে ১,০৪০ তকৈও অধিক সুলভ ফ্লেট নিৰ্মাণ কৰা হৈছে ।

লগতে পঢ়ক :উত্তৰ বংগত প্ৰায় ৪,৫০০ কোটি টকাৰ প্ৰকল্প মুকলি প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.