ETV Bharat / bharat

উত্তৰ বংগত প্ৰায় ৪,৫০০ কোটি টকাৰ প্ৰকল্প মুকলি প্ৰধানমন্ত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Mar 9, 2024, 8:57 PM IST

PM Modi in Siliguri: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পশ্চিমবংগত প্ৰায় ৪,৫০০ কোটি টকাৰ আন্তঃগাঁথনি প্ৰকল্প মুকলি কৰে । এই মাহত ৰাজ্যখনলৈ তৃতীয় ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে শিলিগুৰিত এক কাৰ্যসূচীৰ সময়ত এই প্ৰকল্পসমূহ মুকলি কৰে ।

PM Modi in Siliguri
উত্তৰ বংগত প্ৰায় ৪,৫০০ কোটি টকাৰ প্ৰকল্প মুকলি প্ৰধানমন্ত্ৰীৰ

নেশ্যনেল ডেস্ক,৯ মাৰ্চ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে উত্তৰ বংগ ভ্ৰমণৰ সময়ত ৪,৫০০ কোটি টকাৰ অধিক মূল্যৰ আন্তঃগাঁথনি প্ৰকল্পৰ শুভাৰম্ভ কৰে ৷ অনুষ্ঠানচ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে পশ্চিমবংগৰ ৰাজ্যপাল চিভি আনন্দ বসুও উপস্থিত থাকে । প্ৰধানমন্ত্ৰী মোদীৰ মতে স্বাধীনতাৰ পিচৰে পৰা পূৱ ভাৰতক উপেক্ষা কৰা হৈছিল ৷ কিন্তু বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বিকাশৰ বাবে উদ্যোগ লৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যোৱা ১০ বছৰত বংগৰ উন্নয়ন, বিশেষকৈ উত্তৰ বংগ বিজেপ চৰকাৰৰ বাবে অগ্ৰাধিকাৰ হৈ আহিছে । এক চৰকাৰী বিবৃতি অনুসৰি প্ৰধানমন্ত্ৰীয়ে কেইবাটাও ৰে'ললাইন বৈদ্যুতিকৰণ প্ৰকল্প আৰম্ভ কৰে যি উত্তৰ বংগ আৰু ইয়াৰ ওচৰৰ অঞ্চলসমূহৰ লোকসকলক লাভান্বিত কৰিব ।

বিবৃতিটোত আৰু কোৱা হৈছে যে যিবোৰ ৰে'ললাইন প্ৰকল্পৰ শুভাৰম্ভ কৰা হৈছে সেইবোৰ ক্ৰমে একলাখি-বালুৰঘাট শাখা, বৰছোই-ৰাধিকাপুৰ শাখা, ৰাণীনগৰ জলপাইগুৰি-হলদিবাৰী শাখা, বাগডোগ্ৰাহৈ শিলিগুৰি-আলুয়াবাৰী শাখা আৰু শিলিগুৰি চিভো আলিপুৰদুৱাৰ জংচন চামুকতলা শাখা । মণিগ্ৰাম-নিমতিতা শাখাত দৈত ৰে'লপথ আৰু আম্বাৰী-ফালাকাটা-আলুয়াবাৰী শাখাত স্বয়ংক্ৰিয় ব্লক চিগনেলিং হৈছে প্ৰকল্পবোৰৰ ভিতৰত অন্যতম । প্ৰধানমন্ত্ৰী মোদীয়ে শিলিগুৰি আৰু ৰাধিকাপুৰৰ মাজত এখন নতুন যাত্ৰীবাহী ৰে'ল সেৱাও আৰম্ভ কৰে ।

বিবৃতিটোত কোৱা হৈছে যে এই প্ৰকল্পসমূহৰ উদ্দেশ্য হৈছে ৰে'ল যোগাযোগ ব্যৱস্থা উন্নত কৰা, মালবাহী ৰে'লৰ চলাচল সুচল কৰা আৰু অঞ্চলটোত নিযুক্তি সৃষ্টি আৰু অৰ্থনৈতিক বিকাশ বৃদ্ধি কৰা । প্ৰধানমন্ত্ৰীয়ে পশ্চিমবংগত ৩,১০০ কোটি টকাৰ দুটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পও মুকলি কৰে । ইয়াৰ ভিতৰত আছে চাৰিলেনযুক্ত ঘোচপুকুৰ-ধুপগুৰি শাখা আৰু ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰিলেনযুক্ত ইছলামপুৰ বাইপাছ । ইয়াৰ পূৰ্বে দুবাৰকৈ প্ৰধানমন্ত্ৰীয়ে দক্ষিণ বংগৰ বিভিন্ন জিলা যেনে হুগলী, নাদিয়া আৰু উত্তৰ ২৪ পৰগণা ভ্ৰমণ কৰে যাক শাসনাধিষ্ঠিত তৃণমূল কংগ্ৰেছ চৰকাৰৰ দুৰ্গ বুলি গণ্য কৰা হয় ।

উল্লেখ্য যে প্ৰধানমন্ত্ৰীয়ে ১ মাৰ্চত হুগলী জিলাৰ আৰামবাগত ৭,২০০ কোটি টকাৰ প্ৰকল্প মুকলি কৰে আৰু পিছদিনা নাদিয়াৰ কৃষ্ণনগৰত ১৫,০০০ কোটি টকাৰ প্ৰকল্প মুকলি কৰে । তেওঁ ৬ মাৰ্চত কলকাতাত পানীৰ তলেৰে প্ৰথম মেট্ৰ' ৰে'ল প্ৰকল্প উদ্বোধন কৰিছিল ।

লগতে পঢ়ক :প্ৰধানমন্ত্ৰীয়ে দেশবাসীৰ বাবে মুকলি কৰিলে চেলা সুৰংগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.