ETV Bharat / bharat

দুই বাঘৰ তয়াময়া ৰণ, এটা বাঘৰ কৰুণ মৃত্যু - Bagaha Valmiki Tiger Reserve

author img

By ETV Bharat Assamese Team

Published : Mar 25, 2024, 3:52 PM IST

FIGHT BETWEEN TWO TIGERS
দুই বাঘৰ তয়াময়া ৰণ, এটা বাঘৰ কৰুণ মৃত্যু

Fight between two tigers: দেওবাৰে বিহাৰৰ ভিটিআৰত এটা বাঘৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। দুটা বাঘৰ মাজত হোৱা সংঘৰ্ষৰ ফলত বাঘটোৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে ৷ পঢ়ক এই প্ৰতিবেদন...

নেশ্যনেল ডেস্ক, 25 মাৰ্চ : দেওবাৰে বাল্মীকি ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলৰ মাংগুৰাহা বন পৰিসৰৰ অন্তৰ্গত থোৰী কমপ্লেক্সৰ বলবাল-1 ত টহল দিয়াৰ সময়ত বনকৰ্মীয়ে এটা বাঘ মৃত অৱস্থাত উদ্ধাৰ কৰে । লগে লগে বনকৰ্মীসকলে জ্যেষ্ঠ বিষয়াসকলক ঘটনা সন্দৰ্ভত অৱগত কৰে ৷ তথ্য লাভ কৰাৰ পিচতে বন সংৰক্ষকৰ ডিএফঅ' - নেছামণি, প্ৰদ্যুমন গৌৰৱ আৰু পশু চিকিৎসা বিষয়া ঘটনাস্থলীত উপস্থিত হয় মৃত বাঘটো উদ্ধাৰ কৰে ৷

ভিটিআৰৰ পৰা বাঘৰ মৃতদেহ উদ্ধাৰ :

বন বিষয়াসকলে কৰা অনুসন্ধানত সন্দেহ কৰা হৈছিল যে, দুটা বাঘৰ মাজত হোৱা সংঘৰ্ষৰ ফলত বাঘটোৰ মৃত্যু হয় ৷ বন সংৰক্ষক তথা সঞ্চালক নেছামণি কেয়ে জানিবলৈ দিয়া অনুসৰি, ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ কৰ্তৃপক্ষৰ (এছ.ও.পি.) অধীনত বাঘটোৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছে ৷ ইফালে বন কৰ্মীসকলক আনটো বাঘৰ অৱস্থানৰ নীৰিক্ষণ কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে ৷ যাতে কোনো কাৰণতে সেই বাঘটোৱে আৱাসিক এলেকালৈ যাবলৈ নোৱাৰে ৷

উল্লেখ্য যে, বাল্মীকি টাইগাৰ ৰিজাৰ্ভত ইয়াৰ পূৰ্বেও বাঘৰ সংঘৰ্ষৰ ঘটনা সংঘটিত হৈছে ৷ এনে সংঘৰ্ষৰ ফলত পূৰ্বতেও বাঘে প্ৰাণ হেৰুৱাইছে । বৰ্তমান, ভিটিআৰত বাঘৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি হৈছে আৰু প্ৰায় 60 টা বাঘ বনাঞ্চলত আছে ।

বন বিভাগৰ বিষয়াসকলৰ মতে, বাঘে 25 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত সিহঁতৰ অঞ্চল স্থাপন কৰে । যেতিয়া অন্য এটা অঞ্চলৰ বাঘে বেলেগ বাঘ কৰা অঞ্চলত উপস্থিত হয় তেতিয়াই সংঘৰ্ষৰ সৃষ্টি হয় ৷

বিশেষজ্ঞসকলৰ অনুসৰি, বাঘে সংঘৰ্ষত লিপ্ত হ’লে খঙৰ মাত্ৰা বৃদ্ধি হ’লেই এটা বাঘে আনটো বাঘক আক্ৰমণ কৰে ৷ বিশেষজ্ঞসকলৰ মতে, এটা বাঘে আন এটা বাঘক হত্যাৰ পিচত শৰীৰটো ফালি ছিৰি পেলাই যদিও ভক্ষণ নকৰে ৷

লগতে পঢ়ক: ডুবিব ধৰা ৫ মাছমৰীয়াক উদ্ধাৰ ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ - Premsagar fishing boat case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.