ETV Bharat / bharat

ডুবিব ধৰা ৫ মাছমৰীয়াক উদ্ধাৰ ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ - Premsagar fishing boat case

author img

By ETV Bharat Assamese Team

Published : Mar 25, 2024, 1:31 PM IST

ডুবিব ধৰা ৫ মাছমৰীয়াক উদ্ধাৰ ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ
ডুবিব ধৰা ৫ মাছমৰীয়াক উদ্ধাৰ ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ

Indian Coast Guard Rescued Fishermen : ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে প্ৰেমসাগৰ নামৰ ডুবিব ধৰা নাওখনৰ পৰা পাঁচোজন মাছমৰীয়াক উদ্ধাৰ কৰে । উদ্ধাৰৰ পিচত চিকিৎসা সাহায্য প্ৰদান কৰি তেওঁলোকক পোৰবন্দৰলৈ নিয়া হয় আৰু তাত মীন বিভাগক হস্তান্তৰ কৰা হয় ।

নিউজ ডেস্ক, ২৫ মাৰ্চ : ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে পোৰবন্দৰৰ পৰা ৫০ কিলোমিটাৰ দূৰৈত সাগৰৰ মাত ডুবিব ধৰা প্ৰেমসাগৰ নামৰ মাছধৰা এখন নাৱৰ পৰা ৫ জন মাছমৰীয়াক উদ্ধাৰ কৰে । ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে পোৰবন্দৰৰ পৰা ৫০ কিলোমিটাৰ দূৰৈত সাগৰত ডুব যোৱা প্ৰেমসাগৰ মাছ ধৰা নাওখনৰ পৰা ৫ জন মাছমৰীয়াক উদ্ধাৰ কৰে ।

উল্লেখ্য যে দেওবাৰে ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ নিয়ন্ত্ৰণ কক্ষই এটা ফোন লাভ কৰে । ফোনকলটোত কোৱা হয় যে প্ৰেমসাগৰ নামৰ নাও এখন ডুবিব ওলাইছে তাৰ তাত থকা মাছমৰীয়াসকলক সহায়ৰ বাবে আবেদন জনায় । লগে লগে সহকাৰী কমাণ্ডাৰ কাৰ্তিকেয়ানৰ নেতৃত্বত আইচিজি ইণ্টাৰচেপ্টাৰ জাহাজ চি-161 তৎক্ষণাৎ প্ৰেৰণ কৰা হয় ।

তাৰ পিচত পোৰবন্দৰৰ পৰা মাছমৰীয়া কেইজনক উদ্ধাৰ কৰা হয় । মাছধৰা নাওখনৰ ওচৰত সোনকালেই এখন চি-161 উপস্থিত হয় আৰু প্ৰয়োজন অনুসৰি সহায়ৰ বাবে ক্ষতি নিয়ন্ত্ৰণ অভিযান আৰম্ভ কৰে । এই দলটোৰ প্ৰচেষ্টাতেই নাওখনত পানী সোমোৱা বন্ধ হয় আৰু নাওখন এখন মাছধৰা নাৱেৰে টানি অনা হয় । উল্লেখ্য যে নাওখনত ইতিমধ্যেই 75 শতাংশ পানী আছিল, যাৰ ফলত ই ডুব গৈ আছিল ।

কিন্তু আইচিজি জাহাজখনে সফলতাৰে ৫ গৰাকী মাছমৰীয়াক উদ্ধাৰ কৰে আৰু চিকিৎসা সাহায্য আগবঢ়ায় । তাৰ পিছত তোওঁলোকক পোৰবন্দৰলৈ নিয়া হয় আৰু মীন সংস্থাক গতাই দিয়া হয় ।

উপকূলৰক্ষী বাহিনীয়ে জনোৱা মতে, উপকূলৰক্ষী বাহিনীৰ জিলা মুখ্য কাৰ্যালয়-১ৰ (দক্ষিণ গুজৰাট, দমন আৰু দিউ) সামুদ্ৰিক উদ্ধাৰ উপ-কেন্দ্ৰই নাও আৰু মাছমৰীয়াৰ ডুবি যোৱাৰ বিষয়ে তথ্য লাভ কৰে । তথ্য পোৱাৰ লগে লগে আইচিজি জাহাজ চি-16 লগে লগে পোৰবন্দৰলৈ ৰাওনা হয় । আইচিজিয়ে প্ৰেমসাগৰ নাৱৰ পাঁচোজন মাছমৰীয়াক উদ্ধাৰ কৰি তেওঁলোকক চিকিৎসা সহায় আগবঢ়ায় ।

লগতে পঢ়ক :উজ্জয়িনীৰ মহাকাল মন্দিৰত অগ্নিকাণ্ড; কেইবাজনো পুৰোহিত আহত - Mahakal Temple Fire

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.