ETV Bharat / bharat

কংগনা ৰনৌতে খেলিব লোকসভা নিৰ্বাচন; বিজেপিৰ পঞ্চম প্ৰাৰ্থীৰ তালিকাৰ পৰা বাদ পৰিল বৰুণ গান্ধী - Lok Sabha elections

author img

By ANI

Published : Mar 25, 2024, 6:55 AM IST

Updated : Mar 25, 2024, 10:37 AM IST

BJP Candidate Kangana Ranaut : সততে বিজেপিৰ মুখপাত্ৰৰ ভূমিকা পালন কৰি অহা কংগনালৈ বিজেপিয়ে উপহাৰ হিচাপে লোকসভাৰ টিকট প্ৰদান কৰিছে । আনহাতে, শেহতীয়াকৈ বিজেপিৰ কেতবোৰ সিদ্ধান্তত অসন্তুষ্ট হৈ সৰৱ হোৱা সাংসদ বৰুণ গান্ধীক টিকট প্ৰদান কৰা হোৱা নাই ।

বিজেপিৰ প্ৰাৰ্থী তালিকা
বিজেপিৰ প্ৰাৰ্থী তালিকা

নিউজ ডেস্ক, ২৫ মাৰ্চ : আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে দেওবাৰে ১১১ গৰাকী প্ৰাৰ্থীৰ পঞ্চমখন তালিকা প্ৰকাশ কৰে । ইয়াৰে ভিতৰত আছে উত্তৰ প্ৰদেশৰ ১৩ গৰাকী আৰু পশ্চিমবংগৰ ১৯ গৰাকী প্ৰাৰ্থীৰ নাম ।

বিজেপিয়ে উত্তৰ প্ৰদেশ, বিহাৰ, ওড়িশা, ৰাজস্থান, হাৰিয়ানা, মহাৰাষ্ট্ৰ, পশ্চিমবংগ, কেৰালা, কৰ্ণাটক, গোৱা, গুজৰাট, হিমাচল প্ৰদেশ, ঝাৰখণ্ড, মিজোৰাম, ছিকিম, তেলেংগানা, পশ্চিমবংগ আৰু অন্ধ্ৰ প্ৰদেশৰ লোকসভা আসনৰ প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰিছে ।

উত্তৰ প্ৰদেশৰ মিৰাটৰ পৰা ৰামানন্দ সাগৰৰ 'ৰামায়ণ'ত ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰা প্ৰবীণ অভিনেতা অৰুণ গোভিলক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বিজেপিয়ে । দলটোৱে হিমাচল প্ৰদেশৰ বাবে দুটা নাম ঘোষণা কৰে । ইয়াৰে ভিতৰত অন্যতম মাণ্ডিৰ পৰা বলীউড অভিনেত্ৰী কংগনা ৰনৌত ।

বিজেপিয়ে ইয়াৰ পূৰ্বে হামিৰপুৰৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ আৰু চিমলাৰ পৰা সুৰেশ কাশ্যপক প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে । আনহাতে, বিজেপিয়ে উত্তৰ প্ৰদেশৰ পিলিভিটৰ পৰা বৰুণ গান্ধীক বাদ দিছে আৰু প্ৰাক্তন কংগ্ৰেছ নেতা জিতেন প্ৰসাদক এই আসনখন প্ৰদান কৰে ।

ইফালে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মানেকা গান্ধীক পুনৰবাৰ উত্তৰ প্ৰদেশৰ চুলতানপুৰৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে । সৰ্বাধিক ৮০ গৰাকী সাংসদ থকা উত্তৰ প্ৰদেশত সাতটা পৰ্যায়ত ভোটদান অনুষ্ঠিত কৰা হ'ব । প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ বাবে ভোটদান ১৯ এপ্ৰিল আৰু ২৬ এপ্ৰিলত অনুষ্ঠিত হ'ব । ইয়াৰ পিচত ৰাজ্যখনে পুনৰ ৭ মে' আৰু ১৩ মে'ত তৃতীয় আৰু চতুৰ্থ পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ।

উল্লেখ্য যে, পশ্চিমবংগত শেহতীয়াকৈ কলিকতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পদৰ পৰা পদত্যাগ কৰা ন্যায়াধীশ অভিজিৎ গংগোপাধ্যায়ে তামলুকৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব । বিহাৰত দলটোৱে আৰাহৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী আৰ কে সিং, উজিয়াৰপুৰৰ পৰা নিত্যানন্দ ৰায় আৰু বেগুচৰাইৰ পৰা গিৰিৰাজ সিঙক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । পাটনা চাহিবত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদৰ নাম তালিকাখনত প্ৰকাশ পাইছে ।

আনহাতে, দলটোৱে ধৰ্মেন্দ্ৰ প্ৰধানক চম্বলপুৰ আসনৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু বৈজয়ন্ত জয় পাণ্ডাক কেন্দ্ৰপাৰাৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । ডেম্পো ইণ্ডাষ্ট্ৰিজৰ কাৰ্যবাহী সঞ্চালক পল্লৱী ডেম্পো হৈছে গোৱাত বিজেপিৰ নিৰ্বাচনী ইতিহাসৰ প্ৰথমগৰাকী মহিলা প্ৰাৰ্থী । তেওঁ দক্ষিণ গোৱাৰ পৰা দলৰ টিকটত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ।

লগতে পঢ়ক :হিমাচলৰ 6 জনকৈ বিদ্ৰোহী কংগ্ৰেছীয়ে পিন্ধিলে গেৰুৱা বসন - Himachal Political Crisis

Last Updated :Mar 25, 2024, 10:37 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.