ETV Bharat / bharat

তেলেংগানাৰ মুখ্যমন্ত্ৰীক 'সৎ প্ৰতাৰক' আখ্যা কেটিআৰৰ

author img

By ANI

Published : Mar 11, 2024, 8:36 AM IST

তেলেংগানাৰ মুখ্যমন্ত্ৰীক 'সৎ প্ৰতাৰক' আখ্যা কেটিআৰৰ
তেলেংগানাৰ মুখ্যমন্ত্ৰীক 'সৎ প্ৰতাৰক' আখ্যা কেটিআৰৰ

KTR Slams CM Revanth Reddy : "তেওঁ বহুতো কথা কৈছিল । তেওঁ ৯ ডিচেম্বৰত ঋণ ৰেহাই দিব বুলি কৈছিল । কিন্তু ইতিমধ্যে ৯ মাৰ্চ পাৰ হ'ল, ঋণ মাফ কৰা হোৱা নাই । তেওঁ ছোৱালীৰ বিয়াৰ বাবে ১ তোলা সোণ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু সেয়াও পূৰণ কৰা নাই । ১৭ মাৰ্চত চৰকাৰৰ ১০০ দিন সম্পূৰ্ণ হ'ব ।" তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ ওপৰত কেটিআৰৰ অভিযোগ ।

নিউজ ডেস্ক, ১১ মাৰ্চ : ভাৰত ৰাষ্ট্ৰ সমিতিৰ (বিআৰএছ) কাৰ্যকৰী সভাপতি তথা বিধায়ক কে টি ৰামা ৰাৱে তেলেংগানাৰ মুখ্যমন্ত্ৰী এ ৰেৱন্ত ৰেড্ডীক কাৰ্যভাৰ গ্ৰহণৰ পূৰ্বে দিয়া তেওঁৰ প্ৰতিশ্ৰুতি সন্দৰ্ভত আক্ৰমণ কৰে । লগতে তেওঁক 'সৎ প্ৰতাৰক' বুলি অভিহিত কৰে ।

"কংগ্ৰেছ চৰকাৰ ক্ষমতালৈ আহিছে আৰু বিজেপি বিধায়কে মিছা, ভুৱা প্ৰতিশ্ৰুতি আৰু মিছা প্ৰচাৰেৰে কামাৰেড্ডীত জয়ী হৈছিল । ৰেৱন্ত ৰেড্ডীয়ে মুকলিকৈ কৈছিল যে মানুহে প্ৰতাৰিত হ'ব বিচাৰে আৰু প্ৰৱঞ্চনা অনিবাৰ্য । যদিও তেওঁ এজন প্ৰতাৰক, তেওঁ এজন সৎ প্ৰতাৰক । তেওঁ কৈছিল যে তেওঁ প্ৰতাৰণা কৰিব আৰু তেওঁ সেয়াই কৰিছে ।" দেওবাৰে কামাৰেড্ডী সমষ্টিত এখন দলীয় সভাত ভাষণ দি কেটিআৰে কয় ।

"তেওঁ বহুতো কথা কৈছিল । তেওঁ ৯ ডিচেম্বৰত ঋণ ৰেহাই দিব বুলি কৈছিল । কিন্তু ইতিমধ্যে ৯ মাৰ্চ পাৰ হ'ল, ঋণ মাফ কৰা হোৱা নাই । তেওঁ ছোৱালীৰ বিয়াৰ বাবে ১ তোলা সোণ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু সেয়াও পূৰণ কৰা নাই । ১৭ মাৰ্চত চৰকাৰৰ ১০০ দিন সম্পূৰ্ণ হ'ব । তেওঁ কৃষকসকলক প্ৰতি কুইণ্টলত ৫০০ টকা বোনাচ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল । শস্য চপোৱা হৈ গৈছে । মই ৰেৱন্ত ৰেড্ডীক নিৰ্বাচনী আচৰণ বিধি ঘোষণা কৰাৰ পূৰ্বে ইয়াক প্ৰদান কৰিবলৈ দাবী জনাইছোঁ ।" তেওঁ লগতে কয় ।

বিআৰএছ নেতাগৰাকীয়ে মুখ্যমন্ত্ৰীক সাহস আছে যদি প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰিবলৈ আহ্বান জনায় । "শেহতীয়াকৈ মহাবুবনগৰত এখন সভাত তেওঁ কৈছিল যে তেওঁ পকেটত কেঁচি লৈ ঘূৰি ফুৰে । কোনে পকেটত কেঁচি লৈ ঘূৰি ফুৰে ? পকেটমাৰসকলে কৰে । কোনো মুখ্যমন্ত্ৰীয়ে এনে কৰে নেকি ? আপুনি মুখ্যমন্ত্ৰী যেতিয়া, মুখ্যমন্ত্ৰীৰ দৰে কথা পাতক । মই ৰেৱন্ত ৰেড্ডীক প্ৰত্যাহ্বান জনাইছোঁ যে যদি তেওঁৰ সাহস আছে তেন্তে তেওঁ দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰক ।" তেওঁ কয় ।

তেওঁ মুখ্যমন্ত্ৰী ৰেড্ডীক পৰিয়ালকেন্দ্ৰিক ৰাজনীতি সন্দৰ্ভত তেওঁৰ বক্তব্যৰ বাবে সমালোচনা কৰে আৰু ৰাহুল গান্ধীকে ধৰি কংগ্ৰেছ নেতাসকলৰ শিপা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে ।

শেহতীয়াভাৱে ৰেৱন্তে কয় যে তেওঁ পিতৃৰ নাম লৈ ৰাজনীতিলৈ অহা নাই । ৰাহুল গান্ধী, শ্ৰীধৰ বাবু, দামোদৰ ৰাজা নৰসিংহ, কোমাতিৰেড্ডী ৰাজ গোপাল ৰেড্ডী আৰু ভাট্টি বিক্ৰমৰ্কাৰ বিষয়ে কি ক'ব, যিসকলে তেওঁলোকৰ পৰিয়ালৰ বাবে ৰাজনীতিলৈ আহিছিল ? মোৰ পিতৃৰ নাম কে চন্দ্ৰশেখৰ ৰাও (কেচিআৰ) । মই আন্দোলনৰ সময়ত ৰাজনীতিত প্ৰৱেশ কৰিছিলোঁ আৰু পাঁচবাৰ বিধায়ক হিচাপে জয়ী হৈছোঁ । মই ভুল পথ লোৱা নাই বা আপোনাৰ দৰে দল সলনি কৰা নাই । মোৰ পিতৃ তেলেংগানা আন্দোলনৰ নেতা । কেচিআৰ হৈছে 'তেলেংগানাৰ বাপু' । কেটিআৰে মন্তব্য কৰে ।

"মই ৰেৱন্তক চিৰচিলা আৰু কোদাংগলৰ নিজ নিজ আসনৰ পৰা পদত্যাগ কৰিবলৈ আৰু মালকাজগিৰিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰত্যাহ্বান জনাইছো ।, কিন্তু তেওঁ এতিয়ালৈকে ইয়াৰ কোনো সঁহাৰি দিয়া নাই । ৰেৱন্তে তেওঁৰ লঘু আলোচনা বন্ধ কৰা উচিত আৰু মুখ্যমন্ত্ৰীৰ দৰে আচৰণ কৰা আৰম্ভ কৰা উচিত ।" তেওঁ লগতে কয় ।

কেটিআৰে লগতে কংগ্ৰেছ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ ওপৰত ৰাজ্যখনৰ পানীৰ অভাৱৰ বাবেও অভিযোগ উত্থাপন কৰে । কালেশ্বৰম লিফ্ট জলসিঞ্চন আঁচনিৰ কথা উল্লেখ কৰি কেটিআৰে কয়, "কালেশ্বৰম এক বেৰেজ নহয় । ইয়াত 3 টা বেৰেজ, 15 টা জলাশয়, 21 টা পাম্প হাউছ, 19 টা ছাব-ষ্টেচন, 270 টা টানেল আৰু কিবাকিবি আছে । কালেশ্বৰামে প্ৰতিদিনে 2 টিএমচি ফুট (হাজাৰ নিযুত ঘনফুট) পানী উত্তোলন কৰে । মেদিগাড্ডা হৈছে ১.৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা বেৰেজ । ইয়াত 85 টা পিলাৰ আছে, ইায়ৰে ভিতৰত 2-3 টা পিলাৰ এক সমস্যাৰ সন্মুখীন হৈছে ।"

"মুখ্যমন্ত্ৰীয়ে ৩ মাহত ৩ টা পিলাৰ মেৰামতি কৰিবলৈও সময় নাপালে নেকি ? যদি ইয়াক মেৰামতি কৰা হয় আৰু পানী পাম্প কৰা হয়, তেন্তে খেতিপথাৰবোৰ শুকাই যোৱাত বাধা দিয়াৰ সম্ভাৱনা নাই নেকি ? এইটো ঋতুৱে অনা অভাৱ নহয়, বৰঞ্চ কংগ্ৰেছে অনা অভাৱহে ।" বিআৰএছ নেতাগৰাকীয়ে লগতে কয় ।

লগতে পঢ়ক :লোকসভা নিৰ্বাচনত ব্যক্তিগত বিমান-হেলিকপ্টাৰৰ চাহিদা 40 শতাংশ বৃদ্ধি পোৱাৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.