ETV Bharat / bharat

লোকসভা নিৰ্বাচনত ব্যক্তিগত বিমান-হেলিকপ্টাৰৰ চাহিদা 40 শতাংশ বৃদ্ধি পোৱাৰ সম্ভাৱনা

author img

By ETV Bharat Assamese Team

Published : Mar 10, 2024, 10:13 PM IST

Lok Sabha Election Campaign : লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহৰ মাজত বিশেষ বিমান আৰু হেলিকপ্টাৰৰ চাহিদা বৃদ্ধি পাইছে। বিশেষজ্ঞসকলৰ মতে, যোৱা সাধাৰণ নিৰ্বাচনৰ তুলনাত এই চাহিদা ৪০ শতাংশ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। তথ্য অনুসৰি এখন বিশেষ বিমানৰ মাচুল প্ৰতি ঘণ্টাত ৪.৫ লাখৰ পৰা ৫.২৫ লাখ টকা আৰু হেলিকপ্টাৰৰ মাচুল প্ৰতি ঘণ্টাত প্ৰায় ১.৫ লাখ টকা।

Lok Sabha Elections Campaign
ব্যক্তিগত বিমান-হেলিকপ্টাৰৰ চাহিদা 40 শতাংশ বৃদ্ধি পোৱাৰ সম্ভাৱনা

নিউজ ডেস্ক, 10 মাৰ্চ : বিমান উদ্যোগৰ বিশেষজ্ঞসকলে কয় যে 2024 চনৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰস্তুতি চলোৱাৰ লগে লগে বিগত সাধাৰণ নিৰ্বাচনৰ তুলনাত বিশেষ বিমান আৰু হেলিকপ্টাৰৰ চাহিদা 40 শতাংশ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷

‘ক্লাব ৱান এয়াৰ’ৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO) ৰাজন মেহৰাই কয়- ‘ব্যক্তিগত বিমানৰ চাহিদা দ্ৰুতগতিত বৃদ্ধি পাব আৰু এই চাহিদা বিশেষ বিমান আৰু হেলিকপ্টাৰৰ উপলব্ধতাক অতিক্ৰম কৰিব বুলি আশা কৰা হৈছে ৷ বিশেষ বিমান আৰু হেলিকপ্টাৰ সীমিত সংখ্যকত যোগান ধৰা হয় ৷'

বিশেষ বিমান আৰু হেলিকপ্টাৰ সেৱাৰ পৰা ঘণ্টাৰ ভিত্তিত ধন লোৱা হয় | উদ্যোগ বিশেষজ্ঞসকলৰ মতে এই বিশেষ বিমানৰ মাচুল প্ৰতি ঘণ্টাত 4.5 লাখৰ পৰা 5.25 লাখ টকাৰ ভিতৰত হ’ব পাৰে ৷ এখন হেলিকপ্টাৰৰ প্ৰতি ঘণ্টাৰ মাচুল প্ৰায় ডেৰ লাখ টকা হ’ব পাৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

বিজনেছ এয়াৰক্ৰাফ্ট অপাৰেটৰ এছ’চিয়েশ্যনৰ পৰিচালন সঞ্চালক কেপ্তেইন আৰ কে বালিয়ে কয় যে লোকসভা নিৰ্বাচনৰ সময়ত পূৰ্বৰ নিৰ্বাচনৰ তুলনাত ব্যক্তিগত বিশেষ বিমান আৰু হেলিকপ্টাৰৰ চাহিদা 30 ৰ পৰা 40 শতাংশ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। চৰকাৰী তথ্য অনুসৰি 2023 চনৰ ডিচেম্বৰৰ শেষৰ ফালে 112 টা নন-শ্বেডুলেড অপাৰেটৰ (এন এছ অ’ পি) আছিল ৷

সাধাৰণতে এন.এছ.অ’.পি. হৈছে এনে এক ইউনিট যাৰ কোনো নিৰ্দিষ্ট সময়সূচী নাই আৰু যেতিয়াই প্ৰয়োজন হয় তেওঁলোকৰ বিমান উৰে ৷ বালিয়ে কয় যে প্ৰায় 112 টা এনএছঅ'পি আছে কিন্তু তেওঁলোকৰ 40-50 শতাংশই মাত্ৰ এখন বিমান পৰিচালনা কৰে ৷ এনএছঅ'পিৰ ওচৰত প্ৰায় 450 খন বিমান আছে বুলি অনুমান কৰা হৈছে বুলি কয় তেওঁ৷

অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ ওচৰত উপলব্ধ তথ্য অনুসৰি এই অপাৰেটৰসকলৰ মালিকানাধীন বিমান আৰু হেলিকপ্টাৰসমূহৰ আসনৰ ক্ষমতা তিনিৰ পৰা 37 জনলৈকে ৷ পৰিসংখ্যা অনুসৰি বেছিভাগ বিমান আৰু হেলিকপ্টাৰতে বহিব পৰা ক্ষমতা 10 জনতকৈ কম ৷

মেহৰাই কয় যে ৰাজনৈতিক নেতাসকলে সৰু চহৰলৈ যাবলৈ হেলিকপ্টাৰ দাবী কৰিব, গতিকে হেলিকপ্টাৰৰ চাহিদা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ ভাৰতীয় নিৰ্বাচন আয়োগক দাখিল কৰা 2019-20 বৰ্ষৰ বাৰ্ষিক অডিট একাউন্ট অনুসৰি শাসকীয় ভাৰতীয় জনতা পাৰ্টিয়ে বিমান/হেলিকপ্টাৰৰ বাবে মুঠ 250 কোটি টকাৰ ওপৰত ব্যয় কৰিছে ৷

লগতে পঢ়ক : 15 মাৰ্চৰ ভিতৰত দুগৰাকী নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.