ETV Bharat / bharat

১৫ এপ্ৰিললৈ তিহাৰ কাৰাগাৰৰ আলহী হ’ল কেজৰিৱাল - Kejriwal ED custody

author img

By ETV Bharat Assamese Team

Published : Apr 1, 2024, 11:15 AM IST

Updated : Apr 1, 2024, 12:37 PM IST

Kejriwal ED custody
কেজৰিৱালক হাজিৰ কৰোৱা হ'ব আদালতত

Kejriwal ED custody: যোৱা ২৮ মাৰ্চত আদালতে কেজৰিৱালক পুনৰ ৪ দিনৰ ইডিৰ জিম্মালৈ প্ৰেৰণ কৰিছিল । আজি সেই জিম্মা সমাপ্ত হয় । ইডিয়ে নেতাগৰাকীক ৰাউজ এভিনিউ আদালতত হাজিৰ কৰায় । এইবাৰ ১৫ এপ্ৰিললৈ কেজৰিৱালক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।

নেশ্যনেল ডেস্ক,১ এপ্ৰিল : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সুৰা নীতি কেলেংকাৰী গোচৰত ১৫ এপ্ৰিললৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অসহযোগমূলক আচৰণৰ কথা উল্লেখ কৰি ইডিয়ে ১৫ দিনৰ ন্যায়িক জিম্মাৰ কথা উল্লেখ কৰিছিল ।

দিল্লীৰ সুৰা নীতি কেলেংকাৰীৰ গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰা মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ইডিৰ জিম্মা সমাপ্ত হয় । সোমবাৰে মুখ্যমন্ত্ৰীগৰাকীক ৰাউজ এভিনিউ আদালতত হাজিৰ কৰোৱা হয় । সুৰা নীতি কেলেংকাৰী গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পিচত তেওঁক আদালতে ১ এপ্ৰিললৈকে ইডিৰ জিম্মালৈ প্ৰেৰণ কৰিছিল ।

অধিক জেৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি দিল্লীৰ মুখ্যমন্ত্ৰীক ইডিয়ে ৭ দিনৰ জিম্মা বৃদ্ধি কৰিবলৈ অনুৰোধ জনাইছিল । কিন্তু ২৮ মাৰ্চত আদালতে কেজৰিৱালৰ ইডি জিম্মা ৪ দিন অৰ্থাৎ ১ এপ্ৰিললৈ বৃদ্ধি কৰে ।

ইফালে অৰবিন্দ কেজৰিৱালে তেওঁৰ পত্নী সুনীতা কেজৰিৱালৰ সহায়ত কাৰাগাৰৰ পৰাই দিল্লীৰ চৰকাৰ চলাই আছে । তেওঁৰ আদেশ মন্ত্ৰীসভালৈ প্ৰেৰণ কৰা হৈছে । দেওবাৰে কেজৰিৱালৰ পত্নী সুনীতাই বিৰোধী ইণ্ডিয়া ব্লকৰ 'লোকতন্ত্ৰ বচাও' ৰেলীতো অংশগ্ৰহণ কৰে য'ত তেওঁ কেজৰিৱালক 'স্বাধীনতা সংগ্ৰামী' বুলি দাবী কৰে । ৰেলীটোত উপস্থিত থকা শীৰ্ষ বিৰোধী নেতাসকলে কেজৰিৱাল আৰু ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ মুক্তিৰ বাবেও জোৰ দিয়ে ।

২১ মাৰ্চত গ্ৰেপ্তাৰ হোৱা আৰু পৰৱৰ্তী সময়ত দিল্লীৰ এখন আদালতে ইডিৰ জিম্মালৈ প্ৰেৰণ কৰা আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক কেজৰিৱালে নিৰ্দিষ্ট ব্যক্তিৰ পক্ষত সুৰা নীতি প্ৰস্তুত কৰাৰ সৈতে সম্পৰ্কিত ষড়যন্ত্ৰত পোনপটীয়াকৈ জড়িত থকাৰ অভিযোগৰ সন্মুখীন হৈছে ।

দিল্লীৰ সুৰা নীতি কেলেংকাৰী গোচৰত ইতিমধ্যে কেইবাগৰাকী নেতাক গ্ৰেপ্তাৰ কৰা হৈছে । আপৰ নেতা তথা প্ৰাক্তন মন্ত্ৰী মনীষ ছিছোডিয়া, তেলেংগানাৰ বিআৰএছ নেত্ৰী কে কবিতাও ইয়াৰ পূৰ্বে একেটা কেলেংকাৰী গোচৰতে গ্ৰেপ্তাৰ হৈছে ।

লগতে পঢ়ক :তৃণমূল নেতা শ্বাহজাহান শ্বেখক জেৰা চলোৱাৰ অনুমতি পালে ইডিয়ে - Sheikh Shahjahans Land Grab Case

Last Updated :Apr 1, 2024, 12:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.