ETV Bharat / bharat

ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত দৈনিক দুঘন্টাকৈ বিমানৰ উৰণ-অৱতৰণত নিষেধাজ্ঞা

author img

By ETV Bharat Assamese Team

Published : Jan 19, 2024, 11:54 PM IST

Updated : Jan 23, 2024, 12:04 PM IST

Flight operations suspended: দিল্লী বিমান বন্দৰত প্ৰতিদিনেই দুঘন্টাৰ বাবে বন্ধ থাকিব বিমানৰ উৰণ আৰু অৱতৰণ ৷ ভাৰতীয় বিমান বন্দৰ কৰ্তৃপক্ষই জাৰী কৰিছে এই নিৰ্দেশনা ৷ পুৱাৰ ১০.২০ বজাৰ পৰা দুপৰীয়া ১২.৪৫ বজালৈকে এই সময় নিৰ্ধাৰণ কৰা হৈছে ৷ সবিশেষ পঢ়ক...

Delhi airport
Flight operations suspended

নিউজ ডেস্ক, ১৯ জানুৱাৰী: গণৰাজ্য দিৱসৰ প্ৰস্তুতি তথা উদযাপনৰ বাবে ২৬ জানুৱাৰীলৈকে প্ৰতিদিনে পুৱা ১০.২০ বজাৰ পৰা দুপৰীয়া ১২.৪৫ বজালৈ দিল্লী বিমানবন্দৰত কোনো ধৰণৰ বিমানৰ উৰণ আৰু অৱতৰণ নহ’ব বুলি এগৰাকী বিষয়াই জানিবলৈ দিয়ে । ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষই জাৰি কৰা NOTAM (Notice to Airmen) নতুন নিষেধাজ্ঞা প্ৰৱৰ্তনৰ বাবে সংশোধন কৰা হৈছে ।

ইয়াৰ পূৰ্বে কিছুমান ব্যতিক্ৰম সেৱা বাদ দি কেৱল অ-নিৰ্ধাৰিত বিমানৰ বাবেহে এই নিষেধাজ্ঞা প্ৰদান কৰা হৈছিল । ১৯ জানুৱাৰীৰ পৰা ২৬ জানুৱাৰীলৈ পুৱা ১০.২০ বজাৰ পৰা দুপৰীয়া ১২.৪৫ বজালৈ দিল্লী বিমানবন্দৰৰ পৰা কোনো বিমানে যাত্ৰা নকৰাৰ লগতে কোনো বিমান অৱতৰণো কৰিব নোৱাৰিব বুলি শুকুৰবাৰে বিষয়াগৰাকীয়ে জনায় । সাধাৰণতে NOTAM (Notice to Airmen) হৈছে বিমান পৰিচালনাৰ সৈতে জড়িত কৰ্মীসকলৰ বাবে অপৰিহাৰ্য তথ্য থকা জাননী ।

গণৰাজ্য দিৱসৰ প্ৰস্তুতি আৰু উদযাপনৰ ক্ষেত্ৰত নিৰাপত্তা সুনিশ্চিত কৰাৰ উদ্দেশ্যেই ৰাষ্ট্ৰীয় ৰাজধানীত শুকুৰবাৰৰ পৰা (১৯ জানুৱাৰী)ৰ পৰা সোমবাৰ (২৯ জানুৱাৰী)লৈ আকাশমাৰ্গ নিয়ন্ত্ৰণৰ ব্যৱস্থা থাকিব । ১৯-২৫ জানুৱাৰীৰ সময়ছোৱাত পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১.১৫ বজালৈ নিৰ্ধাৰিত বিমান সংস্থাসমূহৰ অ-নিৰ্ধাৰিত বিমান সেৱাৰ অৱতৰণ বা উৰণৰ অনুমতি দিয়া নহ’ব ।

চলিত সপ্তাহৰ আৰম্ভণিতে জাৰি কৰা NOTAM অনুসৰি ২৬ জানুৱাৰীৰ পৰা ২৯ জানুৱাৰীলৈ এই নিষেধাজ্ঞাসমূহ পুৱা ৬ বজাৰ পৰা নিশা ৯ বজালৈ বলৱৎ হ’ব ।

ভাৰতীয় বায়ুসেনা, বি এছ এফ, সেনাবাহিনীৰ বিমান বা হেলিকপ্টাৰ অভিযানৰ লগতে যিকোনো এখন ৰাজ্যৰ ৰাজ্যপাল বা মুখ্যমন্ত্ৰীৰ সৈতে থকা চৰকাৰী বিমান আৰু হেলিকপ্টাৰৰ ক্ষেত্ৰত NOTAM ৰ কোনো প্ৰভাৱ নপৰে । ৰাষ্ট্ৰীয় ৰাজধানীত অৱস্থিত ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (আই জি আই এ)ত দৈনিক প্ৰায় ১৩০০ বিমান সেৱা পৰিচালনা কৰা হয় ।

লগতে পঢ়ক: জ্ঞানৱাপী গোচৰ, প্ৰতিবেদন দাখিলৰ বাবে অতিৰিক্ত সময় বিচাৰি আবেদন এএছআইৰ

Last Updated : Jan 23, 2024, 12:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.