ETV Bharat / bharat

নিৰ্বাচনী বণ্ডৰ নতুন তথ্য প্ৰকাশ, বিজেপিয়ে লাভ কৰিছে মুঠ ৬,৯৮৭.৪০ কোটি টকাৰ অনুদান

author img

By ETV Bharat Assamese Team

Published : Mar 17, 2024, 7:03 PM IST

Electoral Bond Details
বিজেপিয়ে লাভ কৰিছে মুঠ ৬,৯৮৭.৪০ কোটি টকাৰ অনুদান

Electoral Bond Details: দেশৰ ভিতৰতে বিজেপি দলে নিৰ্বাচনী বণ্ডৰ জৰিয়তে সৰ্বাধিক অনুদান লাভ কৰিছে । নিৰ্বাচন আয়োগে প্ৰকাশ কৰা নতুন তথ্য অনুসৰি দলটোৱে ৬,৯৮৭.৪০ কোটি টকাৰ অনুদান লাভ কৰিছে । উচ্চতম ন্যায়ালয়ৰ অন্তৱৰ্তীকালীন আদেশৰ নিৰ্দেশ অনুসৰি দলবোৰে নিৰ্বাচনী বণ্ডৰ তথ্য বন্ধ খামত দাখিল কৰিছিল ।

নেশ্যনেল ডেস্ক,১৭ মাৰ্চ : ভাৰতৰ নিৰ্বাচন আয়োগে দেওবাৰে বিভিন্ন ব্যক্তিয়ে ক্ৰয় কৰা নিৰ্বাচনী বণ্ড আৰু দলসমূহে লাভ কৰা অনুদানৰ নতুন বিৱৰণ প্ৰকাশ কৰিছে । এই তথ্যত ৰাজনৈতিক দলসমূহৰ দ্বাৰা বন্ধ কভাৰত ইচিআইক দাখিল কৰা নিৰ্বাচনী বণ্ডৰ বিৱৰণ অন্তৰ্ভুক্ত আছে ।

নিৰ্বাচনী পেনেলে এক বিবৃতিত কয় যে ২০১৯ চনৰ ১২ এপ্ৰিলত উচ্চতম ন্যায়ালয়ৰ অন্তৱৰ্তীকালীন আদেশৰ নিৰ্দেশ অনুসৰি দলবোৰে নিৰ্বাচনী বণ্ডৰ তথ্য চীলড বা বন্ধ খামত দাখিল কৰিছিল ।

ৰাজনৈতিক দলসমূহৰ পৰা লাভ কৰা তথ্য উচ্চতম ন্যায়ালয়ত বন্ধ খাম নোখোলাকৈ জমা কৰা হৈছিল । উচ্চতম ন্যায়ালয়ৰ ১৫ মাৰ্চৰ আদেশ অনুসৰি, উচ্চতম ন্যায়ালয়ৰ পঞ্জীয়নে বন্ধ খামৰ পেন ড্ৰাইভত ইয়াৰ ডিজিটাইজড ৰেকৰ্ডৰ সৈতে ভৌতিক প্ৰতিলিপি ঘূৰাই দিছে । ভাৰতৰ নিৰ্বাচন আয়োগে দেওবাৰে উচ্চতম ন্যায়ালয়ৰ পঞ্জীয়নৰ পৰা ডিজিটাইজড প্ৰপত্ৰত লাভ কৰা তথ্য ইয়াৰ ৱেবছাইটত নিৰ্বাচনী বণ্ডৰ ওপৰত আপলোড কৰে ।

শেহতীয়া তথ্যত ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু অস্বীকৃত ৰাজনৈতিক দলকে ধৰি সকলো ৰাজনৈতিক দলৰ পুঁজিৰ বিৱৰণ অন্তৰ্ভুক্ত আছে । বিজেপিয়ে ২০২৩ চনৰ ১৫ নৱেম্বৰত নিৰ্বাচনী ব্যয় বিভাগক দিয়া উত্তৰত, ২০১৭-১৮ বৰ্ষৰ পৰা ২০২৩-২৪ চনলৈ (ছেপ্টেম্বৰ ২০২৩) গেৰুৱা দলে লাভ কৰা নিৰ্বাচনী বণ্ডৰ বিৱৰণ বহন কৰি চীলড কভাৰৰ অধীনত ২০ পৃষ্ঠাৰ এক বিবৃতি প্ৰদান কৰে । বিজেপিয়ে মুঠ ৬,৯৮৭.৪০ কোটি টকাৰ নিৰ্বাচনী বণ্ড নগদীকৰণ কৰিছে; ২০১৯-২০ বৰ্ষত সৰ্বাধিক ২,৫৫৫ কোটিৰ অনুদান লাভ কৰিছিল ।

সৰ্বাধিক মূল্যৰ নিৰ্বাচনী বণ্ড লাভ কৰা দলৰ ভিতৰত দ্বিতীয় স্থানত আছে তৃণমূল কংগ্ৰেছ । দলটোৱে নিৰ্বাচনী বণ্ডৰ জৰিয়তে ১,৩৯৭ কোটি টকা লাভ কৰিছিল । কংগ্ৰেছে নিৰ্বাচনী বণ্ডৰ জৰিয়তে মুঠ ১,৩৩৪.৩৫ কোটি টকা লাভ কৰিছিল । বি.আৰ.এছ. হৈছে চতুৰ্থ সৰ্ববৃহৎ নিৰ্বাচনী বণ্ড লাভ কৰা দল, যি ১,৩২২ কোটি টকাৰ বণ্ড নগদীকৰণ কৰে । বিজেডিয়ে ৯৪৪.৫ কোটি টকাৰ নিৰ্বাচনী বণ্ড, ৱাইএছআৰ কংগ্ৰেছে ৪৪২.৮ কোটি টকা আৰু টিডিপিয়ে ১৮১.৩৫ কোটি টকা লাভ কৰিছে ।

সমাজবাদী পাৰ্টীয়ে নিৰ্বাচনী বণ্ডৰ জৰিয়তে ১৪.০৫ কোটি টকা, অকালি দলে ৭.২৬ কোটি টকা, এআইএডিএমকেয়ে ৬.০৫ কোটি টকা আৰু নেশ্যনেল কনফাৰেন্সে ৫০ লাখ টকা লাভ কৰিছে ।

লগতে পঢ়ক :ইউনিক নম্বৰৰ সৈতে নিৰ্বাচনী বণ্ডৰ তথ্য জমা দিয়া নাই; উচ্চতম ন্যায়ালয়লৈ জাননী ছুপ্ৰিম কোৰ্টৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.