ETV Bharat / bharat

পাকিস্তানী নাৱৰ পৰা জব্দ ৬০০ কোটি টকাৰ নিচাজাতীয় দ্ৰব্য, ১৪ জনক আটক - ICG seizes drugs

author img

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 8:15 PM IST

ICG seizes drugs
পাকিস্তানী নাৱৰ পৰা জব্দ ৬০০ কোটি টকাৰ নিচাজাতীয় দ্ৰব্য

ICG seizes drugs: ভাৰতীয় উপকূলৰক্ষী বাহিনী আৰু নাৰ্ক'টিক্স কণ্ট্ৰোল ব্যুৰ'ৰ যুটীয়া অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য । ১৪ জন লোককো আটক কৰা হয় । নিচাজাতীয় দ্ৰব্যখিনিৰ মূল্য প্ৰায় ৬০০ কোটি হ'ব বুলি অনুমান কৰা হৈছে ।

নেশ্যনেল ডেস্ক,২৮ এপ্ৰিল : ভাৰতীয় উপকূলৰক্ষী বাহিনী এক সফল অভিযান । দেওবাৰে উপকূলৰক্ষী বাহিনীৰ অভিযানত জব্দ প্ৰায় ৬০০ কোটি টকাৰ । এখন পাকিস্তানী নাৱৰ পৰা দলটোৱে ৮৬ কিলোগ্ৰাম নিচাজাতীয় দ্ৰব্য জব্দ কৰিবলৈ সক্ষম হয় । গুজৰাট উপকূলৰ সমীপত চলা এই অভিযানত জাহাজখনত থকা ১৪ জন লোককো গ্ৰেপ্তাৰ কৰা হয় ।

সামুদ্ৰিক সুৰক্ষাৰ দায়িত্বত থকা সংস্থাটোৱে এক চৰকাৰী বিজ্ঞপ্তিত কয় যে আৰৱ সাগৰত নিশা অভিযানটো চলোৱা হৈছিল । গুজৰাট সন্ত্ৰাসবাদ বিৰোধী দল (এটিএছ) আৰু নাৰ্ক'টিক্স কণ্ট্ৰোল ব্যুৰ' (এনচিবি)ৰ যুটীয়া দলে অভিযানটো চলাইছিল ।

উপকূলৰক্ষী বাহিনীয়ে এতিয়াও প্ৰকাশ কৰা নাই যে পাকিস্তানী নাওখনৰ পৰা কেনে ধৰণৰ নিচাজাতীয় দ্ৰব্য জব্দ কৰা হৈছিল । বিবৃতি অনুসৰি এই অভিযানৰ বাবে উপকূলৰক্ষী বাহিনীৰ জাহাজ আৰু বিমান মোতায়েন কৰা হৈছিল । আইচিজি জাহাজ ৰজৰতনে এনচিবি আৰু এটিএছ বিষয়াসকলৰ সহায়ত সন্দেহজনক নাওখন চিনাক্ত কৰিবলৈ সক্ষম হৈছিল ।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে দ্ৰুত আৰু শক্তিশালী আইচিজি জাহাজ ৰাজৰতনৰ বিশেষজ্ঞ দলে সন্দেহজনক নাওখন চিনাক্ত কৰিছিল । পিচত পুংখানুপুংখ পৰীক্ষাৰ অন্তত বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্যখিনি উদ্ধাৰ কৰা হয় । পাকিস্তানী নাওখনৰ পৰা আটক কৰা ১৪ জন লোকক অধিক অনুসন্ধানৰ বাবে পোৰবন্দৰলৈ প্ৰেৰণ কৰা হৈছে ।

উল্লেখ্য যে সময়ে সময়ে এনেদৰে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে বিভিন্ন ধৰণৰ অভিযানত নিচাজাতীয় দ্ৰব্য জব্দ কৰাকে ধৰি অপৰাধীসকলক নিষ্ক্ৰিয় কৰিবলৈ সক্ষম হৈছে । তাৰ অংশ হিচাপে আইচিজি আৰু এটিএছৰ যুটীয়া অভিযানত যোৱা ৩ বছৰত এনেধৰণৰ ১১ টা সফল অভিযান চলোৱা হৈছে ।

লগতে পঢ়ক :উধমপুৰত গুলীচালনা, ভিলেজ ডিফেন্স গাৰ্ডৰ এজন জোৱান আহত - Militant Attack

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.