ETV Bharat / bharat

চিলিকন চিটিলৈ অশনি সংকেত : এফালে গৰম, আনফালে পানীৰ নাটনি - WATER CRISIS IN BENGALURU

author img

By ETV Bharat Assamese Team

Published : Apr 8, 2024, 10:34 AM IST

WATER CRISIS IN BENGALURU
চিলিকন চিটিলৈ অশনি সংকেত, এটুপি পানীৰ বাবে হাহাকাৰ কৰিছে বেংগালুৰুবাসীয়ে

WATER CRISIS IN BENGALURU : উৎকত গৰমে দহিছে বেংগালুৰুবাসীক ৷ ইয়াৰ সমান্তৰালকে দিনক দিনে চহৰখনত পানীৰ সমস্যাই ভয়াৱহ ৰূপ লৈছে ৷ দেওবাৰে চিলিকন চিটিৰূপে খ্যাত বেংগালুৰুত তাপমাত্ৰা 37.6 ডিগ্ৰী চেলচিয়াছলৈ ৰেকৰ্ড কৰে ৷ চহৰখনত যোৱা আঠ বছৰত এয়া সৰ্বাধিক তাপমাত্ৰা ৷

নেশ্যনেল ডেস্ক, 8 এপ্ৰিল : ভূতৰ ওপৰত দানহ পৰাদি বেংগালুৰু চহৰত পানীৰ নাটনিৰ লগতে এতিয়া ভয়ংকৰ তামাত্ৰাই বেংগালুৰুবাসীক জলা-কলা দেখুৱাইছে ৷ ইতিমধ্যে চহৰবাসীয়ে পানীৰ নাটনিৰ ফলত বৃহৎ সমস্যাৰ ভুগি থকাৰ সময়তে উৎকত গৰমে চহৰখনত অভিলেখ ভংগ কৰিছে ৷ ফলত এতিয়া অত্যন্ত গৰমৰ সন্মুখীন চহৰখনত পানীৰ সংকট অধিক মাত্ৰাত বৃদ্ধি হৈছে ৷

সাধাৰণতে বেংগালুৰু চহৰখন অনুকূল বতৰৰ বাবে জনাজাত ৷ কিন্তু এই দেওবাৰে চিলিকন চিটিখনত তাপমাত্ৰা 37.6 ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি হৈ বিগত 8 বছৰৰ অভিলেখ ভংগ কৰে ৷ শেহতীয়াকৈ তীব্ৰ গৰমৰ সন্মুখীন হোৱা কৰ্ণাটকৰ জিলাসমূহ হৈছে ৰাইচুৰ (41.8 ডিগ্ৰী চেলচিয়াছ), বাগালকোট (41.5 চেলচিয়াছ), কপ্পাল (41.3চে) আৰু বিজয়পুৰা (41চি)।

উল্লেখ্য যে, বতৰ বিজ্ঞান বিভাগেও ৰাজ্যখনত সম্প্ৰতি বতৰ শুকান হৈ থকাৰ পূৰ্বানুমান কৰিছে ৷ অৱশ্যে অহা 24 ঘণ্টাত চামৰাজনগৰ, চিক্কামাগালুৰু, হাছান, কোডাগু আৰু শিৱমোগা জিলাৰ বিভিন্ন স্থানত পাতলকৈ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰোপৰি মঙলবাৰে দক্ষিণ কানাড়া, উদুপি, বিদাৰ, কালাবুৰ্গী, ৰাইচুৰ, য়াদগিৰি, চামৰাজনগৰ, চিক্কামাগালুৰু, হাছান, কোডাগু আৰু শিৱমোগা জিলাৰ বিভিন্ন স্থানত পাতল বৰষুণ হ’ব বুলি বতৰ বিজ্ঞান বিভাগে ভৱিষ্যতবাণী কৰিছিল ।

বতৰ বিভাগে কৈছিল যে অহা দুদিনৰ বাবে দক্ষিণ কানাড়া, উদুপি, কোডাগু আৰু চিক্কামাগালুৰ জিলাৰ পশ্চিম অংশত গৰম আৰু আৰ্দ্ৰ পৰিস্থিতি বিৰাজ কৰাৰ সম্ভাৱনা আছে ৷ উত্তৰ কৰ্ণাটকৰ সকলো জিলা আৰু বেংগালুৰু গ্ৰাম্য আৰু নগৰজিলা, ৰামনগৰা, শিৱমোগা, দাভানাগেৰে, মাইচুৰু, মাণ্ড্য, হাছান আৰু টুমাকুৰু জিলাত অহা দুদিনৰ ভিতৰত সৰ্বাধিক তাপমাত্ৰা ক্ৰমান্বয়ে ২ চেণ্টিগ্ৰেডৰ পৰা ৪ চেণ্টিগ্ৰেডলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিভাগে জানিবলৈ দিয়ে ।

লগতে কোৱা হৈছে যে অহা দুদিনৰ ভিতৰত উত্তৰা কানাড়া, বেলাগাভি, বাগালকোট, ধাৰৱাদ, ৰাইচুৰ আৰু কালবুৰ্গী জিলাত নিশা গৰম হ'ব ৷ আনহাতে অহা 24 ঘণ্টাত বেলাগাভি, বিদাৰ, বিজয়পুৰা, বাগালকোট, গাদগ, কালাবুৰাগী, হাভেৰী, ধাৰৱাড, কোপ্পাল, ৰাইচুৰ, য়াদাগিৰি, বাল্লাৰী, চিত্ৰদুৰ্গা, দাভাংগেৰ আৰু বিজয়নগৰ জিলাতো হীট ৱেভৰ আগজাননী দিয়া হৈছে ।

বেংগালুৰুত হীট ৱেভৰ প্ৰতি লক্ষ্য ৰাখি, কেচি জেনেৰেল ৱাৰ্ডকে ধৰি বেছিভাগ চিকিৎসালয়ত হীট ৱেভ ৱাৰ্ড খোলা হৈছে ৷ চিকিৎসকসকলে মানুহক মূৰ নঢকাকৈ বাহিৰলৈ নোলাবলৈ আৰু হীট ৱেভ পৰিহাৰ নিজকে সঠিকভাৱে হাইড্ৰেট কৰিবলৈ পৰামৰ্শ দিছে ।

লগতে পঢ়ক : বিশ্ব স্বাস্থ্য দিৱস: সুস্থ স্বাস্থ্যৰ বাবে এইসমূহ অভ্যাস পৰিহাৰ কৰক - World Health Day 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.