ETV Bharat / bharat

অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ: উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে আপ - Arvind Kejriwal Arrested

author img

By ETV Bharat Assamese Team

Published : Mar 21, 2024, 9:36 PM IST

Updated : Mar 21, 2024, 9:57 PM IST

Arvind Kejriwal Arrested
অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ

Arvind Kejriwal Arrested: অৱশেষত গ্ৰেপ্তাৰ কৰা হ’ল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ৷ ই ডিয়ে দুঘণ্টাজুৰি বাসগৃহত অনুসন্ধান চলোৱাৰ অন্তত বৃহস্পতিবাৰে নিশা গ্ৰেপ্তাৰ কৰা হয় নেতাগৰাকীক ৷

নতুন দিল্লী, 21 মাৰ্চ: অৱশেষত গ্ৰেপ্তাৰ কৰা হ’ল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ৷ দিল্লীৰ সুৰানীতি কেলেংকাৰীৰ অভিযোগত অভিযুক্ত আপ নেতাগৰাকীক ইডিয়ে 9 খনকৈ চমন দিয়াৰ পিচতো হাজিৰ হোৱাৰ নাছিল ৷ অৱশেষত দশমখন চমন লৈ কেজৰিৱালৰ বাসগৃহত বৃহস্পতিবাৰে সন্ধিয়া উপস্থিত হয় প্ৰৱৰ্তন সঞ্চালকালয়ৰ 12 জনীয়া এটা দল ৷

  • " class="align-text-top noRightClick twitterSection" data="">

বৃহস্পতিবাৰে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ বাসগৃহত ইডিৰ দলটো উপস্থিত হৈ প্ৰায় দুঘন্টা তেওঁক জেৰা কৰাৰ লগতে বিভিন্ন অনুসন্ধান চলায় ৷ অনুসন্ধানকাৰী দলটোৱে কেজৰিৱালৰ মোবাইল ফোনকে ধৰি আন বহু সামগ্ৰী জব্দ কৰে ৷ ইপিনে মুখ্যমন্ত্ৰীগৰাকীৰ বাসগৃহত এই অভিযান চলি থকাৰ সময়ছোৱাত তেওঁৰ ঘৰৰ চৌদিশে নিয়োগ কৰা হয় ৰেপিড এক্সন ফ’ৰ্চ(RAF). একেদৰে সেই সময়তেই দিল্লী চৰকাৰৰ কেবাগৰাকীও মন্ত্ৰীৰ লগতে দিল্লী বিধানসভাৰ অধ্যক্ষ আৰু আম আদমি পাৰ্টীৰ বহু শীৰ্ষ নেতা সমবেত হয় কেজৰিৱালৰ বাসগৃহত ৷ গ্ৰেপ্তাৰৰ পিচতেই দিল্লী চৰকাৰৰ মন্ত্ৰী আতিশী সিঙে স্পষ্ট কৰি দিছে যে গ্ৰেপ্তাৰ হ’লেও মুখ্যমন্ত্ৰীৰ আসনত কেজৰিৱালেই অধিস্থিত হৈ থাকিব ৷ আনহাতে কেজৰিৱালৰ গ্ৰেপ্তাৰৰ পিচতে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে আপ ৷

অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰ নিঃসন্দেহে নিৰ্বাচনৰ পূৰ্বে ইণ্ডি মিত্ৰজোঁটৰ বাবে এক মোক্ষম আঘাত ৷ লক্ষ্যণীয় যে 9 খনকৈ চমনক আওকাণ কৰাৰ পিচত তেওঁক কোনোধৰণে গ্ৰেপ্তাৰৰ পৰা সুৰক্ষা নিদিয়ে বুলি বৃহস্পতিবাৰে পুৱাৰ ভাগত দিল্লী উচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে স্পষ্ট কৰি দিছিল ৷ ইতিমধ্যে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক ইডিৰ কাৰ্যালয়লৈ লৈ যোৱা হৈছে ৷ উল্লেখ্য যে ইতিমধ্যে আপৰ নেতা মনীষ চিছোদিয়া আৰু সঞ্জয় সিঙো অনুৰূপ অভিযোগৰ ভিত্তিত ন্যায়িক জিম্মাত আছে ৷

লগতে পঢ়ক: অৰবিন্দ কেজৰিৱালৰ বাসগৃহত ই ডিৰ দল: গ্ৰেপ্তাৰৰ সম্ভাৱনা

Last Updated :Mar 21, 2024, 9:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.