ETV Bharat / bharat

Daily Horoscope For 28th February: কেনে যাব আপোনাৰ আজিৰ দিনটো ?

author img

By ETV Bharat Assamese Team

Published : Feb 28, 2024, 6:00 AM IST

Daily Horoscope For 27th February 2024
কেনে যাব আপোনাৰ আজিৰ দিনটো ?

Daily Horoscope For 28th February: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

মেষ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ ৷ আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী হৈ থাকিব পাৰে, সেইবাবে আপুনি আজি বৰ উৎসাহ-উদ্দীপনাৰে কামবোৰ সমাপন কৰিব ৷ ধনৰ ক্ষেত্ৰত আজি শুভ ৷ আজি আপুনি নিজৰ পৰিয়ালৰ লোকৰ সৈতে আনন্দৰে সৈতে দিনটো কটাব ৷ মাতৃৰ পৰা কিবা লাভ পোৱাৰ সম্ভাৱনা আছে ৷ আজি আপোনাৰ ঘৰত বন্ধু আৰু আত্মীয়-স্বজনৰ উপস্থিতিয়ে আনন্দৰ পৰিৱেশে সৃষ্টি কৰিব ৷

বৃষ ৰাশি: আজি আপোনাৰ মূলমন্ত্ৰ হ’ল সাৱধানতা ৷ সকলো প্ৰকাৰৰ দুশ্চিন্তাই আপোনাক আগুৰি ধৰিব ৷ আপোনাৰ স্বাস্থ্য বেয়া হ’ব পাৰে ৷ চকু সম্বন্ধীয় সমস্যা দেখা দিব পাৰে ৷ আপোনাৰ পৰিয়ালৰ সৈতে মনোমালিন্য হ’ব পাৰে ৷ আজি যি কামেই হাতত ল’ব, সেয়াই অসম্পূৰ্ণ হৈ ৰ’ব ৷ আপুনি যিমান ভাবিছে তাতকৈ অধিক ব্যয় হ’ব ৷ আপুনি সফলতা পাব বিচাৰিলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ দুৰ্ঘটনা হ’ব পাৰে ৷ সাৱধানে থাকক ৷

মিথুন ৰাশি: প্ৰচুৰ লাভৰ যোগ ৷ বিবাহৰ কথা ভাবি থকা সকলে জীৱনসংগী পাব ৷ আৰ্থিক লাভৰ সম্ভাৱনা আছে ৷ বন্ধুসকলৰ সৈতে সাক্ষাৎ আনন্দদায়ক হ’ব ৷ তেওঁলোকৰ পৰা আপুনি উপকৃতও হ’ব পাৰে ৷ তদুপৰি আপুনি নিজৰ ভাই-ভনী, পত্নী আৰু পুত্ৰৰ পৰাও উপকৃত হ’ব ৷ বান্ধৱীসকলৰ কাৰণে কিবা কাম কৰিব পাৰে ৷ আপোনাৰ সন্তানৰ পৰা ভাল খবৰ পাব ৷ নিজৰ বৃত্তিৰ জগতত লাভবান হ’ব ৷ মহিলাসকলৰ মাজত থকাৰ বিলাসীতাই আপোনাৰ বাবে দিনটোক আকৰ্ষণীয় কৰি তুলিব ৷

কৰ্কট ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে অনুকূল ৷ আজি আপুনি সকলো কাম সহজতে সম্পন্ন কৰিব পাৰিব ৷ আপোনাৰ ঊৰ্ধ্বতনসকলে আপোনাৰ কামত আনন্দ পাব ৷ আপোনাৰ পদোন্নতিৰ যোগ আছে ৷ আপুনি আজি নিজৰ ঊৰ্ধ্বতনসকলৰ সৈতে গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা কৰিব পাৰে ৷ অফিচৰ কামত ভ্ৰমণ হ’ব পাৰে ৷ চৰকাৰী লাভ আৰু সুযোগ পোৱাৰ সম্ভাৱনা আছে আজি ৷ আজি গোটেই দিনটো শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী হৈ থাকিব ৷

সিংহ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া ৷ আগতে আপুনি যি লক্ষ্যস্থিৰ কৰি থৈছে, সেয়া আজি পূৰণ হ’ব পাৰে ৷ আজি আপোনাৰ সপোন বাস্তৱ হ’ব পাৰে ৷ ধৰ্মীয় কাৰ্যকলাপে আপোনাক ব্যস্ত ৰাখিব পাৰে ৷ তীৰ্থযাত্ৰাৰ পৰিকল্পনা কৰিব পাৰে ৷ আপুনি সামান্য আগ্ৰাসী হৈ উঠিব পাৰে ৷ বিদেশত বসবাস কৰা আত্মীয়-স্বজনৰ খা-খবৰ পাব পাৰে ৷ আপুনি সম্ভৱত মানসিক অস্থিৰতাত ভুগিব পাৰে ৷ সন্তান সম্বন্ধীয় দুশ্চিন্তাত আপুনি ভুগিব পাৰে ৷ ব্যৱসায়ীসকলে কিছু বাধা-বিপত্তিৰ মুখত পৰিব পাৰে ৷

কন্যা ৰাশি: আজি নতুন কাম হাতত লোৱাৰ বাবে দিনটো শুভ ৷ নিজৰ স্বাস্থ্যৰ প্ৰতি চকু দিব লাগিব ৷ জাংক ফুড আৰু ৰেস্তোৰাঁত খোৱা-লোৱা বিশেষকৈ এৰাই চলক ৷ নিজৰ মুখত লেকাম টানি ৰাখক কিয়নো আজি আপোনাৰ মূৰ হঠাতে গৰম হৈ যাব পাৰে ৷ পৰিয়ালৰ লোকৰ সৈতে উত্তপ্ত আলোচনা কৰাৰ পৰা দূৰত থাকক ৷ সম্ভৱ হ’লে পানীৰ পৰা দূৰত থাকক ৷ ব্যয়বৃদ্ধিৰ সম্ভাৱনা আছে ৷ বে-আইনী বা চৰকাৰ-বিৰোধী কামকাজত লিপ্ত নহ’ব ৷ কাজিয়া-বিবাদত জড়িত নহ’ব ৷

তুলা ৰাশি: আজিৰ দিনটো আপোনাৰ আনন্দত পাৰ হ’ব ৷ বন্ধুৰ সৈতে সময় কটাই আনন্দ লাভ কৰিব ৷ ভ্ৰমণৰ যোগ ৷ নতুন কাপোৰ কিনিব পাৰে ৷ আজি গোটেই দিনটো আপুনি মানসিক আৰু শাৰীৰিকভাৱে শক্তিশালী হৈ থাকিব ৷ সামাজিক সন্মান লাভ কৰিব পাৰে ৷ সংগীৰ সৈতে সুন্দৰ সময় পাৰ কৰিব পাৰে ৷ ৰোমাণ্টিকভাৱে দিনটো কটাবলৈ সংগীৰ সৈতে বাহিৰত ক’ৰবাত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিলে ভাল হয় ৷

বৃশ্চিক ৰাশি: ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ আৰু আনন্দপূৰ্ণ হৈ থাকিব ৷ আজি আপুনি দিনটো শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী হৈ থাকিব ৷ শাৰীৰিক অসুস্থতাত ভুগি থকা লোকসকলে আজি কিছু সুস্থ অনুভৱ কৰিব পাৰে ৷ আপোনাৰ শত্ৰুসকলে আজি পৰাজিত হ’ব ৷ অফিচত সহকৰ্মী সকলৰ পৰা সহযোগিতা লাভ কৰিব ৷ পিতৃ-মাতৃৰ খা-খবৰ পাব ৷ আৰ্থিক লাভৰ যোগ আছে ৷ যিবোৰ কাম শেষ নোহোৱাকৈ ৰৈ আছে, সেইবোৰ আজি শেষ কৰিব পাৰিব ৷

ধনু ৰাশি: আজি ভ্ৰমণ এৰাই চলক ৷ আজি গোটেই দিনটো সন্তানৰ স্বাস্থ্য আৰু শিক্ষাক লৈ উদ্বিগ্ন হৈ থাকিব ৷ আজি আপুনি কোনো বিষয়ক লৈ কল্পৰাজ্যত বিচৰণ কৰিব ৷ সাহিত্যৰ প্ৰতি আকৃষ্ট হ’ব পাৰে ৷ সংগীৰ সৈতে সুন্দৰ সময় পাৰ কৰিব পাৰে ৷ ৰোমাণ্টিকভাৱে দিনটো কটাবলৈ সংগীৰ সৈতে বাহিৰত ক’ৰবাত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিলে ভাল হয় ৷

মকৰ ৰাশি: আজি আপুনি মানসিক আৰু শাৰীৰিকভাৱে শক্তিশালী হৈ নাথাকিবও পাৰে ৷ প্ৰাণচঞ্চল ঘৰুৱা পৰিৱেশে আপোনাক নষ্টালজিক কৰি পেলাব ৷ আজি আপুনি উৎসাহ-উদ্দীপনাৰ অভাৱ অনুভৱ কৰিব পাৰে ৷ প্ৰিয়জনৰ সৈতে বিবাদ হ’ব পাৰে ৷ বুকুৰ বিষে আপোনাক কষ্ট দিব পাৰে ৷ আজি আপোনাৰ টোপনি ভাল হ’ব ৷ নাৰীৰ পৰা সাৱধান ৷ পানীৰ পৰা দূৰত থাকক ৷

কুম্ভ ৰাশি: আজি আপুনি মানসিকভাৱে প্ৰফুল্লতা অনুভৱ কৰিব পাৰে ৷ আজি ভাই-ভনীৰ সৈতে কোনো অনুষ্ঠান বা কোনো ভ্ৰমণৰ আয়োজন কৰিব পাৰে ৷ ইয়াৰ ফলত তেওঁলোকৰ সৈতে আপুনি ভাল সময় কটাব ৷ বন্ধু আৰু প্ৰিয়জনক সাক্ষাৎ কৰিব ৷ আপুনি ওচৰে-পাজৰে ক’ৰবাত ফুৰিবলৈ যাব পাৰে ৷ আপোনাৰ শত্ৰুসকলে আজি সেও মানিব ৷

মীন ৰাশি: প্ৰয়োজনৰ তুলনাত অধিক ব্যয় হ’বলৈ নিদিব ৷ আকৌ কোনেও যাতে আপোনাৰ আচৰণত আঘাত নাপায় তাৰ বাবে নিজৰ কথাবতৰা আৰু আগ্ৰাসী মনোভাৱক নিয়ন্ত্ৰণত ৰাখক ৷ ধন সম্বন্ধীয় বিষয়ত আজি সতৰ্ক থাকক ৷ আজি গোটেই দিনটো আপোনাৰ মানসিক আৰু শাৰীৰিক অৱস্থা মধ্যমীয়া হৈ থাকিব ৷ নেতিবাচক চিন্তাৰে নিজক বিষণ্ণ হ’বলৈ নিদিব ৷ অধিকভোজন এৰাই চলক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.