ETV Bharat / bharat

কাৰাগাৰৰ পৰাই এটাৰ পিচত আন এটা নিৰ্দেশনা কেজৰিৱালৰ - Kejriwal directive from jail

author img

By ETV Bharat Assamese Team

Published : Mar 26, 2024, 12:51 PM IST

Kejriwal directive from jail
কাৰাগাৰৰ পৰাই এটাৰ পিচত আন এটা নিৰ্দেশনা কেজৰিৱালৰ

Kejriwal directive from jail: সুৰা নীতি কেলেংকাৰীত ইডিয়ে গ্ৰেপ্তাৰ কৰা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কাৰাগাৰৰ ভিতৰৰ পৰাই চৰকাৰ পৰিচালনা কৰি আছে । বিভিন্ন বিভাগক নিজৰ নিজৰ কামবোৰ সূচাৰুৰূপে পৰিচালনা কৰাৰো নিৰ্দেশ দিছে কেজৰিৱালে । মঙলবাৰে স্বাস্থ্য বিভাগলৈ গুৰুত্বপূৰ্ণ নিৰ্দেশ জাৰি কৰিছে মুখ্যমন্ত্ৰীয়ে ।

নেশ্যনেল ডেস্ক,২৬ মাৰ্চ : শেহতীয়াকৈ দিল্লীৰ সুৰা নীতি কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কাৰাগাৰৰ পৰাই চৰকাৰ পৰিচালনা কৰিছে । দিল্লী চৰকাৰৰ কাম-কাজ তেওঁ কাৰাগাৰৰ ভিতৰৰ পৰাই পৰিচালনা কৰিছে । আনহাতে বিভিন্ন বিভাগলৈ নিৰ্দেশনাও জাৰি কৰি আছে । কেৱল আঁচনিসমূহৰ ৰূপায়ণ নিৰীক্ষণ কৰাই নহয়, দিল্লীৰ লোকসকলৰ সুবিধাৰো যত্ন লৈছে কেজৰিৱালে । মুখ্যমন্ত্ৰীয়ে কাৰাগাৰৰ ভিতৰৰ পৰা চৰকাৰলৈ আন এক নিৰ্দেশনা জাৰি কৰিছে ।

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এইবাৰ স্বাস্থ্য বিভাগলৈ এক নিৰ্দেশনা জাৰি কৰিছে । চৰকাৰী চিকিৎসালয়ত চিকিৎসা আৰু ঔষধৰ বাবে উন্নত ব্যৱস্থা নিশ্চিত কৰিবলৈ তেওঁ নিৰ্দেশ দিছে । লেফটেনেণ্ট গৱৰ্ণৰৰ সৈতে আলোচনা কৰি স্বাস্থ্য ব্যৱস্থা উন্নত কৰিব লাগে আৰু কোনো ৰোগীয়ে যাতে সমস্যাৰ সন্মুখীন নহয় সেয়া নিশ্চিত কৰিবলৈ কেজৰিৱালে নিৰ্দেশ দিছে । স্বাস্থ্য মন্ত্ৰী সৌৰভ ভৰদ্বাজে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে জাৰি কৰা নিৰ্দেশনাৰ বিষয়ে উল্লেখ কৰিছে ।

মন্ত্ৰীগৰাকীৰ মতে কাৰাগাৰত থাকিলেও মুখ্যমন্ত্ৰী কেজৰিৱাল দিল্লীৰ জনসাধাৰণক লৈ চিন্তিত । বহুতো লোকে জীৱনদায়িনী ঔষধ বিচাৰি আৰু বিভিন্ন পৰীক্ষা কৰিবলৈ মহল্লা ক্লিনিকলৈ গৈছে । কিন্তু লোকসকলে এই ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে । সেয়েহে মুখ্যমন্ত্ৰীয়ে অতি সোনকালে উপযুক্ত পদক্ষেপ ল'বলৈ আৰু সকলো চিকিৎসালয় আৰু মহল্লা ক্লিনিকত সকলো ঔষধ, সকলো পৰীক্ষা বিনামূলীয়াকৈ প্ৰদান কৰাটো নিশ্চিত কৰিবলৈ মন্ত্ৰীগৰাকীক নিৰ্দেশ দিছে ।

সৌৰভ ভৰদ্বাজে লগতে কয় যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা তেওঁৰ বাবে ঈশ্বৰৰ আদেশ । যাৰ বাবে তেওঁ আৰু তেওঁৰ বিভাগে যুদ্ধংদেহী মনোভাৱেৰে ব্যৱস্থা গ্ৰহণ কৰিব । মন্ত্ৰীগৰাকীৰ মতে অৰবিন্দ কেজৰিৱাল কাৰাগাৰত থাকিলেও তেওঁ কেৱল দিল্লীৰ জনসাধাৰণৰ বাবেহে চিন্তা কৰি আছে ।

ইয়াৰপূৰ্বে দেওবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে দিল্লীৰ জনসাধাৰণৰ পানীৰ সমস্যা সমাধান সন্দৰ্ভত মুখ্য সচিবক এক নিৰ্দেশ দিছিল । তেওঁ মুখ্য সচিব নৰেশ কুমাৰক পাইপলাইনৰ জৰিয়তে পানী যোগান নধৰা এলেকাবোৰত টেংকাৰৰ জৰিয়তে পানীৰ যোগান নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছিল ।

লগতে পঢ়ক :প্ৰধানমন্ত্ৰীৰ বাসগৃহ ঘেৰাও কাৰ্যসূচী, দিল্লীত কটকটীয়া নিৰাপত্তা - Kejriwal Arrested

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.