ETV Bharat / bharat

সোণৰ গাখীৰ দিয়া পৃথিৱীৰ ক্ষুদ্ৰতম গৰু ! - SMALLEST PUNGANUR COW

author img

By ETV Bharat Assamese Team

Published : Apr 2, 2024, 8:37 PM IST

Etv BharatSMALLEST PUNGANUR COW
সোণালী ৰঙৰ গাখীৰ দিয়া পৃথিৱীৰ ক্ষুদ্ৰতম গৰুৰ প্ৰজাতিটো কি জানেনে ?

Smallest Punganur Cow: সোণৰ গাখীৰ দিয়া গৰুৰ কথা আমি সাধাৰণতে সাধুকথাবোৰতহে শুনি আহিছো ৷ কিন্তু আজি আমি আপোনালোকক এনে এক প্ৰজাতিৰ গৰুৰ কথা ক’বলৈ ওলাইছো, এই প্ৰজাতিৰ গৰু পৃথিৱীৰ ভিতৰত ক্ষুদ্ৰতম গৰু বুলি জনা যায় ৷ ঋকবেদতো উল্লেখ আছে এইবিধ গৰুৰ কথা ৷ পঢ়ক এই প্ৰতিবেদন...

নেশ্যনেল ডেস্ক, 2 এপ্ৰিল : আপুনি কেতিয়াবা আঢ়ৈ ফুটীয়া গৰু দেখিছেনে ? এই আঢ়ৈফুটীয়া গৰুবিধৰ আন এটা বৈশিষ্ট হৈছে যে এই গৰুবিধে সোণৰ গাখীৰ দিয়ে ! হয় আজি আপোনালোকক ক’বলৈ ওলোৱা এইবিধ গৰু প্ৰজাতি ভাৰততে উপলব্ধ ৷ শুনিবলৈ আচৰিত যেন লাগিলেও এটা গৰুৰ পোৱালীৰ সমান এইবিধ গৰুৰ উচ্চতা ৷

SMALLEST PUNGANUR COW
পৃথিৱীৰ ক্ষুদ্ৰতম গাই গৰু

পুংগানুৰ গৰু পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰতম গৰু হিচাপে জনাজাত ৷ এই গৰুৰ এক বিশেষত্ব হৈছে যে, গৰুৰ পোৱালিৰ দৰে এই গৰুবিধ ঘৰৰ ভিতৰত ৰাখিব পাৰি । এই গৰুৰ গাখীৰত বহুতো ঔষধি গুণ আছে । ইয়াৰ গাখীৰৰ ৰং সোণালী হোৱাৰ বাবে ইয়াক সোণৰ গাখীৰ বুলি কোৱা হয়।

  • " class="align-text-top noRightClick twitterSection" data="">

এই গৰুবিধ অন্ধ্ৰ প্ৰদেশৰ চিত্তুৰ জিলাৰ পুংগানুৰ চহৰত পোৱা যায় ৷ ইয়াক চহৰখনৰ নামেৰে নামাকৰণ কৰা হৈছে । এই প্ৰজাতিৰ গৰুৰ এক প্ৰাচীন ইতিহাস আছে । এই গৰুৰ বজাৰ মূল্য লাখ টকা পৰ্যন্ত ৷ অৱশ্যে সম্প্ৰতি এই গৰুবিধ উত্তৰ আৰু মধ্য ভাৰতৰ কিছু অংশতো লাভ কৰা যায় ৷

শেহতীয়াকৈ পুংগানুৰ গৰু এহাল মধ্য়প্ৰদেশৰ কাচিধানা গাঁৱলৈ ক্ৰয় কৰি আনিছে এজন লোকে ৷ পান্ধুৰ্ণাৰ কাচ্চিধানা গাঁৱৰ সঞ্জীৱ খাণ্ডেলৱালে অন্ধ্ৰ প্ৰদেশৰ কান্নুৰ জিলাৰ পৰা গৰুহাল ক্ৰয় কৰিছে । গৰুহালj লগতে এযোৰ ষাঁড় গৰু ২.৮০ লাখ টকাত ক্ৰয় কৰা হয় বুলি লোকজনে কয় ৷

মহাশিৱৰাত্ৰিৰ দিনাই গাওঁখনত নতুন প্ৰজাতিক গৰু আৰু ষাঁড়যোৰাৰ খবৰ পোৱাৰ লগে লগে গাঁওবাসীয়ে গৰুহাল চাবলৈ প্ৰতিদিনে ভিৰ কৰে ৷

উল্লেখ্য যে, পুংগানুৰ গৰুৰ প্ৰজাতি সম্প্ৰতি বিলুপ্তিৰ পথত । ইয়াৰ সংখ্যা কম বাবে এই গৰু লাখত বিক্ৰী হয় ৷ ঋকবেদতো পুংগানুৰ গৰুৰ কথা উল্লেখ আছে ৷ এই গৰুটোৰ মূল্য প্ৰায় একৰ পৰা দহ লাখ টকা বুলি কোৱা হয় । তিৰুপতি বালাজীত পুংগানুৰ গৰুৰ গাখীৰ প্ৰসাদ হিচাপে আগবঢ়ায় ৷

কাচিধানা গাঁৱৰ পুংগানুৰ গৰুৰ যত্ন লোৱা অংগদ ঠাকুৰে কয় যে শিৱৰাত্ৰিৰ দিনা এই গৰুযোৰ গাঁৱলৈ অনা হৈছিল, তেতিয়াৰ পৰা এই গৰুটো ইয়াৰ থলুৱা গৰুৰ সৈতে সহজে মিলিব পাৰিছে । এই গৰু পুহিবলৈ অন্য কোনো ধৰণৰ সমস্যা নাই ৷ প্ৰথমতে, এই গৰুৱে মাত্ৰ আধা লিটাৰ গাখীৰ দিছিল, কিন্তু এতিয়া ই দৈনিক ডেৰৰ পৰা দুই লিটাৰ গাখীৰ দিয়ে । লোকসকলে কয় যে, তিৰুপতি বালাজীত এই গৰুৰ গাখীৰ প্ৰসাদ হিচাপে আগবঢ়োৱা হয় । এই গৰুবিধ লাহে লাহে নোহোৱা হ’বলৈ লৈছে যদিও এতিয়া ইয়াক সংৰক্ষণ কৰাৰ চেষ্টা কৰা হৈছে ।

লগতে পঢ়ক: অৰুণাচলৰ স্থানৰ নাম সলনি কৰিবলৈ চীনে কৰা প্ৰচেষ্টাক ‘অৰ্থহীন’ অভিহিত ভাৰতৰ - China to rename places in Arunachal

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.