ETV Bharat / bharat

ত্ৰিপুৰাত ষ্টাৰ কেম্পেইনাৰ হিচাপে প্ৰচাৰ চলাব হিমন্ত-সৰ্বাই - Tripura star campaigners list

Tripura star campaigners list : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ সভাপতি জে পি নাড্ডা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল’ব ত্ৰিপুৰাত ৷ লোকসভা নিৰ্বাচন 2024 আৰু ত্ৰিপুৰা ৰাজ্যৰ 7 নং ৰামনগৰ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে তাৰকা প্ৰচাৰকৰ তালিকা মুকলি কৰিছে বিজেপিয়ে ৷

BJP releases campaigners list for LS polls, bye-elections in Tripura
ত্ৰিপুৰাত ষ্টাৰ কেম্পেইনাৰ হিচাপে প্ৰচাৰ চলাব হিমন্ত-সৰ্বাই
author img

By ANI

Published : March 31, 2024 at 8:56 AM IST

2 Min Read
Choose ETV Bharat

নেশ্যনেল ডেস্ক, 31 মাৰ্চ: ভাৰতীয় জনতা পাৰ্টীয়ে শেহতীয়াকৈ মুকলি কৰিছে তাৰকা প্ৰচাৰকৰ তালিকা ৷ লোকসভা নিৰ্বাচন 2024 আৰু ত্ৰিপুৰা ৰাজ্যৰ 7 নং ৰামনগৰ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাবলগীয়া নেতাৰ নাম প্ৰকাশ কৰিছে বিজেপিয়ে ।

এই তালিকাত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ সভাপতি জে পি নাড্ডা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ নাম । ইয়াৰ উপৰিও তালিকাখনত সৰ্বানন্দ সোণোৱাল, অৰ্জুন মুণ্ডা, স্মৃতি ইৰাণী, কিৰেন ৰিজিজু, যোগী আদিত্যনাথ, হিমন্ত বিশ্ব শৰ্মা, মাণিক সাহা, ৰাজীব ভট্টাচাৰ্য, বিপ্লৱ কুমাৰ দেৱ, মহাৰাণী কৃতি সিং দেৱবৰ্মা, ৰবীন্দ্ৰ ৰাজু, সম্বিত পাত্ৰ, প্ৰতিমা ভৌমিক আৰু জিষ্ণু দেৱৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে ।

প্ৰণজিৎ সিংহ ৰায়, ৰাজু বিস্তা, হেমা মালিনী, অগ্নিমিত্ৰ পল, ৰেবতী ত্ৰিপুৰা, মনোজ তিৱাৰী, সুৱেন্দু অধিকাৰী, মিথুন চক্ৰৱৰ্তী, ৰতন লাল নাথ, বিকাশ দেৱবৰ্মা আদিৰ নামো তালিকাভুক্ত কৰা হৈছে তালিকাখনত । এই তালিকাত আছে, সুধাংশু দাস, টিংকু ৰায়, সান্তনা চাকমা, কল্যাণী ৰায়, অমিত ৰক্ষিত, পপিয়া দত্ত, ৰাম পদা জামাতিয়া, প্ৰমোদ ৰেয়াং, ভগবান দাস, সম্ভু লাল চাকমা আৰু মহম্মদ বিলাল মিঞা ।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে, আগন্তুক সাধাৰণ নিৰ্বাচন ৰাজ্যখনত দুটা পৰ্যায়ত অনুষ্ঠিত হোৱাৰ কথা । 19 এপ্ৰিলত পশ্চিম ত্ৰিপুৰাত আৰু 26 এপ্ৰিলত পূব ত্ৰিপুৰাত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । 4 জুনত ভোটগণনা অনুষ্ঠিত হ’ব । ইফালে 2014 চনৰ লোকসভা নিৰ্বাচনত ৰাজ্যৰ দুয়োখন আসনত জয়লাভ কৰি চি পি আই (এম) এ বৃহৎ বিজয় লাভ কৰিছিল ।

লগতে পঢ়ক: মাণ্ডিৰ ৰাজপথত জয় শ্ৰীৰাম ধ্বনিৰে কংগনাৰ বিশাল ৰোড শ্ব' - KANGANA RANAUT ROAD SHOW