উত্তপ্ত মণিপুৰ; প্ৰথমে বাসগৃহত গুলীচালনা তাৰ পিচত অতিৰিক্ত আৰক্ষী অধীক্ষকক অপহৰণ
Manipur Violence: উত্তপ্ত মণিপুৰ ৷ মেইটেই সংগঠন আৰামবাই টেংগোলৰ কেডাৰে নিজা বাসগৃহৰ পৰাই অপহৰণ কৰে এজন জ্যেষ্ঠ আৰক্ষী বিষয়াক ৷ আছাম ৰাইফলছৰ চাৰিটা বাহিনী মোতায়েন ইম্ফলৰ পূৱ দিশত ৷ মণিপুৰ আৰক্ষীৰ অভিযান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পদত নিযুক্ত অপহৃত আৰক্ষী বিষয়াজন ৷

By PTI
Published : February 28, 2024 at 8:23 AM IST
|Updated : February 28, 2024 at 9:12 AM IST
নেশ্যনেল ডেস্ক, 28 ফেব্ৰুৱাৰী: শান্ত হোৱা নাই মণিপুৰ ৷ মেইটেই সংগঠন আৰামবাই টেংগোলৰ কেডাৰে এজন জ্যেষ্ঠ আৰক্ষী বিষয়াক তেওঁৰ বাসগৃহৰ পৰা অপহৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ এই ঘটনাৰ পিচতে মঙলবাৰে মণিপুৰৰ লগতে ইম্ফলৰ পূৱ দিশত আছাম ৰাইফলছৰ চাৰিটা বাহিনী মোতায়েন কৰা হয় ৷
আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ তাৎক্ষণিক পদক্ষেপৰ অন্তত মণিপুৰ আৰক্ষীৰ অভিযান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিত কুমাৰ নামৰ অপহৃত বিষয়াজনক উদ্ধাৰ কৰা হয় । বিষয়াগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু তেওঁৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে ।
মঙলবাৰে সন্ধিয়া প্ৰায় 7 বজাত এই ঘটনাটো সংঘটিত হোৱা বুলি বিষয়াসকলে জনায় ৷ আৰম্বাই টেংগোলৰ কেডাৰৰ এটা দলে ইম্ফল পূবৰ ৱাংখেইত অৱস্থিত আৰক্ষী অধীক্ষক কুমাৰৰ ঘৰত আক্ৰমণ চলায় বুলি জানিব পৰা হৈছে । অপহৃত আৰক্ষী বিষয়াজনে বাহন চুৰিৰ লগত জড়িত থকাৰ অভিযোগত গোটটোৰ ছয়জন সদস্যক গ্ৰেপ্তাৰ কৰিছিল আৰু ইয়াৰ বাবেই কুমাৰক অপহৰণ কৰা বুলি বিষয়াসকলে জনায় ।
গোটটোৰ ছয়জন সদস্যক গ্ৰেপ্তাৰ কৰাৰ পিছতে মেইৰা পাইবিছ (মেইইটেই মহিলা গোট)ৰ এটা দলে প্ৰতিবাদ সাব্যস্ত কৰি তেওঁলোকৰ মুক্তিৰ দাবীত পথ অৱৰোধ কৰিছিল । আৰক্ষী বিষয়া কুমাৰক লক্ষ্য কৰি হোৱা আক্ৰমণত আৰম্বাই টেংগোল জড়িত বুলি অভিযোগ উত্থাপন কৰি অস্ত্ৰধাৰী কেডাৰৰ দলে ঘৰটোক লক্ষ্য কৰি বন্দুকৰ গুলী নিক্ষেপ কৰি কমেও চাৰিখন বাহনৰ ক্ষতিসাধন কৰে বুলি বিষয়াসকলে জানিবলৈ দিয়ে ।
ঘটনাৰ বিৱৰণ দি আৰক্ষী বিষয়াজনৰ পিতৃ এম কুল্লাই বুকয়, "আমি অস্ত্ৰধাৰী লোককেইজন প্ৰৱেশ কৰাৰ পিছত তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছিলো ৷ কিন্তু হঠাতে তেওঁলোকে গাড়ী আৰু সম্পত্তিৰ ওপৰত গুলীচালনা কৰিবলৈ ধৰিলে । গতিকে আমি ভিতৰলৈ লৰালৰিকৈ ভিতৰলৈ সোমাই তলা মাৰিবলগীয়া হ'ল ।"
মণিপুৰ আৰক্ষী ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পিচতে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰি সফল উদ্ধাৰ অভিযান চলায় আৰু কুমাৰক কিছু সময়ৰ ভিতৰতে নিৰাপদে উভতি অহাটো নিশ্চিত কৰে । ৰাজ্য চৰকাৰে সেনাৰ সহায় ল’বলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছিল ।
বিষয়াসকলে জনোৱা মতে, এই ঘটনা সংঘটিত হোৱা অঞ্চলটোৰ চাৰিওফালে আছাম ৰাইফলছৰ চাৰিটা বাহিনী নিয়োগ কৰা হৈছিল । উপত্যকা অঞ্চলত সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন প্ৰযোজ্য নহয় । অৰ্ধসামৰিক বাহিনী অসম ৰাইফলছে সেনাৰ অপাৰেচনেল কমাণ্ডৰ অধীনত কাম কৰে।
3 মে’ৰ পৰা অঞ্চলটোত হিংসাত্মক পৰিস্থিতি বৃদ্ধি পাইছে আৰু বৰ্তমানেও এই পৰিস্থিতিৰ শাম কটা পৰিলক্ষিত হোৱা নাই ৷
লগতে পঢ়ক: মণিপুৰত শান্তি ঘূৰাই অনাৰ বাবে প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপৰ দাবীত অনশনত বহিল এক ট্ৰান্সজেণ্ডাৰ

