ETV Bharat / bharat

ডুবাইত অৱতৰণ এয়াৰ ইণ্ডিয়াৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় বিমান A৩৫০-৯০০ ৰ - A350 Lands in Dubai

author img

By ETV Bharat Assamese Team

Published : May 2, 2024, 9:21 PM IST

A350 Airbus
A350 LANDS IN DUBAI(ETV Bharat)

A350 Airbus: বুধবাৰে এয়াৰ ইণ্ডিয়াই নিজৰ নতুন এয়াৰবাছ A৩৫০-৯০০ বিমানৰ দ্বাৰা ব্যস্ত দিল্লী-ডুবাই পথত বিমান সেৱা আৰম্ভ কৰে । এয়াৰ ইণ্ডিয়াৰ A৩৫০-৯০০ বিমানখনত ৩১৬খন আসনৰ সৈতে তিনিটা শ্ৰেণীৰ কেবিন কনফিগাৰেচন আছে । য’ত ২৮ খন ব্যক্তিগত বিজনেছ ছুইট, ২৪ খন প্ৰিমিয়াম ইক'নমি আসন, আৰু ২৬৪ খন ইক'নমি আসন আছে ।

নিউজ ডেস্ক, ২ মে' : টাটা সমৰ্থিত এয়াৰ ইণ্ডিয়াই বুধবাৰে বিমান সংস্থাটোৱে এইক নতুন পদক্ষেপ গ্ৰহণ কৰিছে । নিজৰ একেবাৰে নতুন এয়াৰবাছ A৩৫০-৯০০ বিমান ব্যৱহাৰ কৰি ব্যস্ত দিল্লী-ডুবাই পথত আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা আৰম্ভ কৰে বিমান সংস্থাটোৱে ।

বিমান সংস্থাটোৱে এক বিবৃতিত কয় যে ইয়াৰ লগে লগে এয়াৰ ইণ্ডিয়াৰ ফ্লেগশ্বিপ বিমানখনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আত্মপ্ৰকাশ কৰে আৰু এয়াৰ ইণ্ডিয়াই ভাৰত আৰু ডুবাইৰ মাজত A৩৫০ বিমান চলোৱা একমাত্ৰ বিমান পৰিবহণ সংস্থা হিচাপে পৰিগণিত হয় । বিমান যাত্ৰা আৰম্ভ হোৱা উপলক্ষে দিল্লী আৰু ডুবাই দুয়োটা বিমানবন্দৰতে প্ৰস্থানৰ পূৰ্বে বিশেষ ধৰণৰ উদযাপন কৰা হয়, য’ত অতিথিসকলক A৩৫০ ৰ স্মাৰক প্ৰদান কৰা হয় ।

  • " class="align-text-top noRightClick twitterSection" data="">

কোম্পানীটোৰ বিবৃতি অনুসৰি এয়াৰ ইণ্ডিয়াৰ A৩৫০-৯০০ বিমানখনত ৩১৬ খন আসনৰ সৈতে তিনিটা শ্ৰেণীৰ কেবিন কনফিগাৰেচন আছে । ইয়াত ২৮ খন ব্যক্তিগত বিজনেছ ছুইট, ২৪ খন প্ৰিমিয়াম ইক'নমি আসন আৰু ২৬৪ খন ইক'নমি আসন আছে । সকলো আসন শেহতীয়া প্ৰযুক্তি আৰু মনোৰঞ্জন ব্যৱস্থাৰে সজ্জিত ।

বিমান সংস্থাটোৱে কয় যে বিমানখনৰ সকলো আসনত শেহতীয়া প্ৰজন্মৰ পেনাছনিক eX3 ইন-ফ্লাইট এণ্টাৰটেইনমেণ্ট চিষ্টেম আৰু এইচডি স্ক্ৰীণ আছে । যিয়ে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ২২০০ ঘণ্টাৰো অধিক মনোৰঞ্জনমূলক বিষয়বস্তু প্ৰদান কৰে ।

এয়াৰ ইণ্ডিয়াই এবছৰৰ পূৰ্বে প্ৰদান কৰা ৪৭০ খন নতুন বিমানৰ অৰ্ডাৰৰ অংশ হিচাপে চলিত বৰ্ষৰ আৰম্ভণিতে A৩৫০ বিমানক অন্তৰ্ভুক্ত কৰিবলৈ আৰম্ভ কৰিছিল । এয়াৰ ইণ্ডিয়াই বৰ্তমান ভাৰতৰ পাঁচখন চহৰৰ পৰা ডুবাইলৈ সপ্তাহত মুঠ ৭২ খন বিমান চলাব, ইয়াৰে ৩২খন বিমান দিল্লীৰ পৰা ।

এয়াৰ ইণ্ডিয়াই এয়াৰবাছ আৰু ব'য়িং উভয়ৰে পৰা ৪৭০ খন বিমানৰ ঐতিহাসিক অৰ্ডাৰ দিছিল, যিটো অহা পাঁচ বছৰত ডেলিভাৰী কৰা হ’ব । বিমান সংস্থাটোৰ অৰ্ডাৰৰ অংশ হিচাপে চলিত বৰ্ষৰ আৰম্ভণিতে এয়াৰ ইণ্ডিয়াৰ ফ্লীটত A৩৫০ বিমানৰ প্ৰৱেশ আৰম্ভ হৈছিল । ইয়াৰ ভিতৰত আছে মুঠ ২০খন এয়াৰবাছ A৩৫০-৯০০ বিমান ।

লগতে পঢ়ক: কেলিফৰ্ণিয়াৰ গুলীচালনাত মৃত্যু হোৱা নাই গোল্ডি ব্ৰাৰৰ; তেন্তে মৰিল কোন ? - Goldy Brar death row

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.