ETV Bharat / bharat

পূব ছিকিমত তুষাৰপাত: আৱদ্ধ ৫০০ পৰ্যটকক উদ্ধাৰ ভাৰতীয় সেনাৰ

author img

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 9:52 PM IST

East Sikkim snowfall
পূব ছিকিমত তুষাৰপাত

Northeast India Weather: প্ৰচণ্ড শীতৰ প্ৰকোপত পৰিছে উত্তৰ-পূব ভাৰত ৷ তাৰ মাজতে বুধবাৰে ছিকিমত হোৱা প্ৰচণ্ড তুষাৰপাতত আৱদ্ধ হৈ পৰিল বহু বহু পৰ্যটক ৷ ভাৰতীয় সেনাৰ তৎপৰতাত 500ৰো অধিক পৰ্যটকক উদ্ধাৰ খবৰ লাভ কৰা গৈছে ৷

তুষাৰপাতত আৱদ্ধ পৰ্যটকক উদ্ধাৰ ভাৰতীয় সেনাৰ

তেজপুৰ, ২১ ফেব্ৰুৱাৰী : দেশৰ কেবাটাও প্ৰান্তৰ স্বাভাৱিক জনজীৱনত ব্যাঘাত জন্মাইছে প্ৰচণ্ড তুষাৰপাতে৷ তাৰ মাজতে হঠাতে হোৱা প্ৰচণ্ড তুষাৰপাতৰ ফলত বুধবাৰে পূব ছিকিমৰ নাথুলাত ৫০০ ৰো অধিক পৰ্যটকসহ প্ৰায় ১৭৫ খন বাহন আৱদ্ধ হৈ পৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

(-)শূণ্য ডিগ্ৰী চেলচিয়াছৰ তলৰ তাপমাত্ৰাত আৱদ্ধ হৈ থকা পৰ্যটকসকলক ত্ৰিশক্তিকৰ্পৰ সৈন্যই উদ্ধাৰ কৰাৰ লগতে বিভিন্নধৰণেৰে সহায় কৰিবলৈ সক্ষম হয় বুলি জানিবলৈ দিছে প্ৰতিৰক্ষা মুখপাত্ৰ লেঃ কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে ।

পৰ্যটকসকলক সুৰক্ষিত স্থানত উপনীত হোৱাত সহায় কৰিবলৈ তৎকালিনভাৱে মেডিকেয়াৰ, গৰম সতেজ খাদ্য আৰু নিৰাপদ পৰিবহণৰ ব্যৱস্থা সময়মতে প্ৰদান কৰা হয় বুলি প্ৰতিৰক্ষা মুখপাত্ৰগৰাকীয়ে জানিবলৈ দিয়ে ৷

লেঃ কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে জনায় যে ছিকিমৰ সীমান্তত পহৰা দি থকাৰ সময়ত ভাৰতীয় সেনাৰ ত্ৰিশক্তি কৰ্পছৰ সৈন্য জনসাধাৰণক সহায় কৰিবলৈ সদায় সাজু হৈ আছে । আনহাতে পশ্চিম অৰুণাচল প্ৰদেশৰ বৈশাখিৰ পৰা চেলা পাছ আৰু নুৰানঙত প্ৰচণ্ড তুষাৰপাতৰ ফলত জিলা প্ৰশাসনে অলপতে যান-বাহনৰ চলাচলত সতৰ্কতা অৱলম্বনৰ নিৰ্দেশনা জাৰি কৰিছে ।

বৰ্তমান উক্ত জিলাখনত (-১৩৹C) ডিগ্ৰী চেলচিয়াচ তাপমাত্ৰা চলি আছে ৷ ফলত পৰ্যটকসকল পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং ভ্ৰমণলৈ যাওতে পূৰ্বে পথ নিৰ্দেশনা আৰু যোগাযোগৰ সন্দৰ্ভত সবিশেষ জানি ল’বলৈ আহ্বান জনাইছে প্ৰশাসনে । শেহতীয়া পূৰ্বানুমান অনুসৰি, উত্তৰ পূৰ্বাঞ্চলৰ অধিকাংশ অঞ্চলতে বুধবাৰৰ পৰা শুক্ৰবাৰলৈ (২১-২৩ ফেব্ৰুৱাৰী) বজ্ৰপাত আৰু ধুমুহা বতাহৰ লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ আৰু তুষাৰপাতৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন স্থানতো বিগত কেবাদিনো ধৰি প্ৰচণ্ড শীতৰ প্ৰকোপ পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: খেলো ইণ্ডিয়াৰ পূৰ্বে কাশ্মীৰ উপত্যকাত প্ৰচণ্ড তুষাৰপাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.