অসম

assam

কলগাছিয়াৰ বলাইপাথাৰত আকৰ্ষণীয় নাওখেল প্ৰতিযোগিতা

By

Published : Oct 3, 2022, 7:24 AM IST

প্ৰতিবছৰৰ দৰে এইবাৰো কলগাছিয়াৰ বলাইপাথাৰত আয়োজন কৰা হয় পৰাম্পৰাগত নাওখেল প্ৰতিযোগিতাখন (Boat Competition In Kalgachia)। লোক সংস্কৃতিক জীয়াই ৰখাৰ উদ্দেশ্যে দেওবাৰে বেকী নদীৰ বুকুত আয়োজন কৰা হয় নামনি অসম ভিত্তিক আকৰ্ষণীয় নাওখেল প্ৰতিযোগিতাখন (Traditional boat games held in Beki River) ৷ বেকী ভেলী ক্লাৱ এণ্ড লাইব্ৰেৰীৰ উদ্যোগত আৰু বলাইপাথাৰ-লাচাংগা পঞ্চায়তৰ যুৱ সমাজৰ সহযোগিতাত অনুষ্ঠিত নাওখেলখনত চৈধ্যখন নাৱৰ মাজত অনুষ্ঠিত হয় প্ৰতিযোগিতা । এই নাওখেল চাবলৈ দূৰ-দূৰণিৰ পৰা অহা অগণন লোকৰ সমাগম পৰিলক্ষিত হয় ৷ এক প্ৰকাৰে লোকে লোকাৰণ্য হৈ পৰে বেকী নদীৰ পাৰ ৷ খেলুৱৈসকলৰ মাজতো পৰিলক্ষিত হয় ব্যাপক উচাহ-উদ্দীপনা ৷ ইফালে খেলৰ অন্তত বিজয় সাব্যস্ত কৰা বিজয়ী দলসমূহক নগদ ধনৰে পুৰস্কৃত কৰা হয় ৷

ABOUT THE AUTHOR

...view details