অসম

assam

Torch Relay Programme: ডিব্ৰুগড়ত যুৱ অলিম্পিক শিখা সমদল

By

Published : Jul 20, 2022, 1:54 PM IST

ডিব্ৰুগড়ত আয়োজন শিখা সমদল কাৰ্য্যসূচী (Torch Relay programme held in Dibrugarh)৷ যুৱ অলিম্পিক সমাৰোহত অংশগ্ৰহণ কৰিবলগীয়া ডিব্ৰুগড়ৰ ৩০০ প্ৰতিযোগীক উৎসাহিত কৰাৰ উদ্দেশ্যে অনুষ্ঠিত হ'ল এই শিখা সমদল (Torch Relay is aimed at encouraging 300 contestants from Dibrugarh to participate in Youth Olympics)৷ অসম অলিম্পিক সন্থাৰ তত্ত্বাৱধানত অহা ২২ জুলাইৰ পৰা ২৭ জুলাইলৈ গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া যুৱ অলিম্পিক সমাৰোহত ডিব্ৰুগড়ৰ পৰা অংশগ্ৰহণ কৰিব এটা বৃহৎ দলে । যুৱ অলিম্পিক সমাৰোহত অংশগ্ৰহণ কৰিবলগীয়া ডিব্ৰুগড়ৰ ৩০০ প্ৰতিযোগীক উৎসাহিত কৰাৰ লগতে নিশ্চিত বিজয় ধ্বজ্জা উৰুৱাবলৈ সক্ষম হোৱাৰ বাবে আৰ্শীবাদ যাত্ৰা আৰু ডিব্ৰুগড়ত শিখা সমদল ( Torch Rally) বাহিৰ কৰা হয় । ডিব্ৰুগড় উপায়ুক্ত কাৰ্যালয়ৰ পৰা ডিব্ৰুগড় জালান আউটডৰ ষ্টেডিয়ামলৈকে ৰূপায়ণ কৰা এই শিখা সমদলত সকলো খেলুৱৈয়ে অংশগ্ৰহণ কৰে । এই সমদলৰ শুভাৰম্ভ কৰে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে । শিখা সমদলৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই ।

ABOUT THE AUTHOR

...view details