অসম

assam

TAYPA reacts on language issue: মাতৃভাষা নিঃশেষ কৰিব বিচৰাতো দুৰ্ভাগ্যজনক আখ্যা টাইপাৰ

By

Published : Aug 5, 2022, 2:15 PM IST

()
অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংৰাজীত পাঠদান কৰিবৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰিছে টাই আহোম যুৱ পৰিষদ অসমৰ (টাইপা) কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰে(TAYPA against teaching in English) । শুকুৰবাৰে মৰাণত সাংবাদিকৰ আগত সভাপতিগৰাকীয়ে কয় যে ইংৰাজীত পাঠদান কৰিবলৈ হ'লে শিক্ষক সকলকো ইংৰাজীত পাৰ্গত কৰি তুলিব লাগিব(TAYPA reacts on language issue) । কোনো আগ-পিছ নগনি মাতৃভাষা আঁ‌তৰাই ইংৰাজী জাপি দিলেই নহ'ব । তেওঁ লগতে এয়া ভাষা নিঃশেষ কৰাৰ এক কৌশল নেকি বুলি চৰকাৰক প্ৰশ্ন কৰে । যিটো সময়ত প্ৰধানমন্ত্ৰীয়ে চিকিৎসা বিজ্ঞানৰ পাঠদান মাতৃভাষাত হ'ব বুলি মন্তব্য কৰিছে, সেই সময়তে কিন্তু অসম চৰকাৰখনে গণিত আৰু বিজ্ঞান বিষয় দুটা তৃতীয় শ্ৰেণীৰ পৰা ইংৰাজী ভাষাত শিক্ষা দিয়াৰ সিদ্ধান্ত লৈছে বুলি উল্লেখ কৰে । লগতে কেন্দ্ৰীয় সমিতিৰ নেতাজনে কয় যে অসমৰ বাহিৰৰ অন্য ৰাজ্য সমূহত মাতৃভাষাক অধিক গুৰুত্ব দিয়া হয় বাবেই এই ৰাজ্যসমূহ আগবঢ়াও । অসমত কিন্তু ইয়াৰ ওলোটা ছবিহে দেখিবলৈ পোৱা গৈছে বুলি উল্লেখ কৰে । তেওঁ লগতে চৰকাৰক এই ভাষা বিৰোধী সিদ্ধান্ত সলনি কৰিবলৈ দাবী জনাইছে ।

ABOUT THE AUTHOR

...view details