অসম

assam

ৰে’ল বিভাগৰ উচ্ছেদক লৈ প্ৰতিক্ৰিয়া কোকৰাঝাৰ ব্যৱসায়ী সন্থাৰ

By

Published : Sep 12, 2022, 4:32 PM IST

()
কোকৰাঝাৰ চহৰৰ শান্তিনগৰ আৰু টেঙাপাৰাত সোমবাৰে ৰে’ল বিভাগে চলোৱা উচ্ছেদ অভিযানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কোকৰাঝাৰ ব্যৱসায়ী সন্থাৰ (Railway eviction Drive) ৷ ৰে’ল বিভাগৰ মাটি অবৈধভাৱে দখল কৰি সেই স্থানত স্থাপন কৰা ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহ উচ্ছেদ কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কোকৰাঝাৰ ব্যৱসায়ী সন্থাই ৷ কোকৰাঝাৰ ব্যৱসায়ী সন্থাৰ উপ সভাপতি তথা মিডিয়া সচিব ভৰত শৰ্মা ওৰফে বাব্লুই আলিপুৰ দুৱাৰ ৰে’লৱে ডিভিজনৰ সংশ্লিষ্ট বিভাগক উচ্ছেদ অভিযানটো সাময়িকভাৱে স্থগিত ৰখাৰ আহ্বান জনায় (Kokrajhar Traders Association reacts on eviction) ৷ আগন্তুক দূৰ্গা পূজালৈকে ব্যৱসায়ী মহলক সকাহ দিয়াৰ বাবে এই উচ্ছেদ অভিযান স্থগিত ৰাখিবলৈ আহ্বান জনাইছে কোকৰাঝাৰ ব্যৱসায়ী সন্থাৰ উপ সভাপতিগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details