অসম

assam

মোদীৰ জন্মদিন: অমৃত সৰোবৰৰ শুভাৰম্ভ কৰিলে ডাঃ ৰনোজ পেগুৱে

By

Published : Sep 17, 2022, 3:57 PM IST

বিশ্বকৰ্মা পূজাৰ দিনটোতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে সমগ্ৰ অসমৰ লগতে ধেমাজি জিলাতো আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি অমৃত সৰোবৰ আঁচনিৰ অধীনত আজি মুঠ ১২ টা স্থানত পুখুৰী খননৰ কাম শুভাৰম্ভ কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ প্ৰথমে ধেমাজি উন্নয়ন খণ্ডৰ অধীনৰ ১নং আজোহা পঞ্চায়তৰ ঐতিহাসিক হাবুঙত ১৩ লাখ টকাৰ পূঁজিৰে ৩.৩৯হেক্টৰ মাটিকালিৰ পুখুৰী খননৰ বাবে ব্যৱহৃত জে চি বিৰ চালকৰ আসনত বহি চাবি অন কৰি আনুষ্ঠানিকভাৱে মুকলি কৰে মন্ত্ৰীগৰাকীয়ে ৷ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে ধেমাজি জিলা পৰিষদৰ সভাপতি মোহন গগৈ , জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া প্ৰফুল্ল দেউৰী, ধেমাজি জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্য আদি ৷

ABOUT THE AUTHOR

...view details