অসম

assam

অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষে মৰাণত সদৌ অসম ভিত্তিত মাৰাথন প্ৰতিযোগিতা

By

Published : Sep 3, 2022, 11:17 AM IST

Updated : Sep 3, 2022, 12:12 PM IST

আজি ৩ ছেপ্টেম্বৰ । অসমৰ প্ৰথমগৰাকী অৰ্জুন বঁটাপ্ৰাপক ভোগেশ্বৰ বৰুৱাৰ জন্মদিন (Abhiruchi Krira Divas observed in Assam) । এসময়ৰ অসমৰ আগশাৰীৰ ক্ৰীড়া আলোচনী 'অভিৰুচি'য়ে ভাৰতৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈগৰাকীৰ জন্মদিনটো 'অভিৰুচি ক্ৰীড়া' দিৱসৰূপে পোন প্ৰথমে পালন কৰিছিল । তাৰ পিছৰে পৰাই অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো সৰ্বস্তৰতে অভিৰুচি ক্ৰীড়া দিৱস হিচাবে পালন কৰি অহা হৈছে । এইবাৰো ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ মৰাণহাট ক্ৰীড়া সন্থাই অভিৰুচি ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি পোন প্ৰথমবাৰৰ বাবে মৰাণত আয়োজন কৰে সদৌ অসম ভিত্তিত পুৰুষ আৰু মহিলাৰ প্ৰাইজমণি মাৰাথন প্ৰতিযোগিতা (Marathon competition in Moran) । ডবা চাৰিআলিৰ পৰা ল'ৰা আৰু চেপনৰ পৰা ছোৱালীৰ মাৰাথন দৌৰ প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা মৰাণহাট ক্ৰীড়া সন্থাৰ সভাপতি যোগেন মহনে (Minister Jogen Mohan)। মৰাণহাট ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত অভিৰুচি ক্ৰীড়া দিৱসৰ দিনটোত আয়োজিত মাৰাথন দৌৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগী আহি অংশগ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে মন্ত্ৰী যোগেন মহনে ।
Last Updated : Sep 3, 2022, 12:12 PM IST

ABOUT THE AUTHOR

...view details