অসম

assam

জনজাতিকৰণৰ দাবীত ধেমাজিত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ ধৰ্মঘট

By

Published : Sep 21, 2022, 10:14 PM IST

কেন্দ্ৰীয় চৰকাৰৰ জনজাতিকৰণৰ সিদ্ধান্তক লৈ উত্তপ্ত হৈ পৰিছে সমগ্ৰ ৰাজ্য ৷ বুধবাৰে জনজাতিকৰণৰ দাবীত ধেমাজি নগৰৰ কাছাৰী ময়দানৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে সদৌ অসম চুতীয়া জাতি ছাত্ৰ সন্থাৰ (All Assam Chutia Student Union) ধেমাজি জিলা সমিতিয়ে (AACSU protest in Dhemaji) ৷ সংগঠনটোৰ শতাধিক পুৰুষ -মহিলাই হাতে প্লে’ কাৰ্ড লৈ আৰু সদৌ চুতীয়া জাতি ছাত্ৰ সন্থা জিন্দাবাদ, জনজাতিকৰণ লাগিবই আদি দাবীৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷ লগতে অনতিপলমে চুতীয়াকে ধৰি বাকী জনজাতিৰ স্বীকৃতিৰ দাবীদাৰসকলক জনজাতিকৰণ কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰীসকলে (AACSU demands for ST status) ৷

ABOUT THE AUTHOR

...view details