অসম

assam

থাওৰাত অখিল গগৈ-ধৈৰ্য্য কোঁৱৰৰ বিৰুদ্ধে সৰৱ মন্ত্রী পীযুষ হাজৰিকা

By

Published : Oct 16, 2021, 10:09 PM IST

উপ-নিৰ্বাচনলৈ মাজত মাথো ১৪ দিন‌ বাকী । থাওৰা বিধানসভা সমষ্টিত এতিয়া ৰাজনৈতিক দলৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ । থাওৰা বিধানসভা সমষ্টিত মন্ত্ৰী পীযুষ হাজৰিকাই শনিবাৰে কেইবাখনো নিৰ্বাচনী সভাত সুশান্ত বৰগোহাঁইক লগত লৈ অংশগ্ৰহণ কৰে । ইয়াৰ পাছতে থাওৰাত বিজেপিৰ জয় নিশ্চিত বুলি কৈ সাংবাদ মাধ্যমৰ আগত অখিল গগৈ আৰু ধৈৰ্য্য কোঁৱৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে মন্ত্রী পীযুষ হাজৰিকা । তেওঁঁ কয় যে, "পাঁচ মাহতে শিৱসাগৰবাসীৰ আমুৱালে অখিল গগৈক, আগন্তুক নিৰ্বাচনত অখিল গগৈয়ে নিৰ্বাচন খেলিব টীয়কত । ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য্য কোঁৱৰৰ গৃহ পঞ্চায়ততে ধৈৰ্য্য কোঁৱৰক চিনি নাপায় ৰাইজে, অঞ্চলটোত হাতীৰ সমস্যা হয়, বানপানীৰ সমস্যা হয় ধৈৰ্য্য কোঁৱৰ থাকে গুৱাহাটীত"। ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য্য কোঁৱৰৰ গৃহ গাঁও ৰূপহী বামত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী পীযুষ হাজৰিকাই ধৈৰ্য্য কোঁৱৰক তীব্ৰ সমালোচনা কৰাৰ লগতে ৰাইজৰ দল বৰ্তমান হতাশ হৈ পৰিছে তাৰ বাবে বিজেপি দলৰ সভাত প্ৰচাৰ পত্ৰিকা বিতৰণ কৰি আছে বুলি উল্লেখ কৰে ।

ABOUT THE AUTHOR

...view details