অসম

assam

স্বাস্থ্য বিভাগৰ নীতি নিৰ্দেশনাৰ মানি অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা

By

Published : May 29, 2021, 10:55 PM IST

ডিব্ৰুগড়ৰ সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যালয়ত উপস্থিত শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু । জনজাতিসকলৰ মৌলিক সমস্যা সমাধান কৰাৰ উদ্দেশ্যে সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী আৰু অন্যান্য বিষয়ববীয়াসকলৰ সৈতে আলোচনা কৰে মন্ত্ৰীগৰাকীয়ে । সাংবাদিকৰ আগত মন্ত্ৰী গৰাকীয়ে কয়, "স্বাস্থ্য বিভাগৰ অনুমতি পোৱাৰ পাচতে স্বাস্থ্য বিভাগৰ নীতি নিৰ্দেশনা অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত হ'ব ।" বাগিচা অঞ্চলৰ শিক্ষা ব্যৱস্থা সন্দৰ্ভত ডাঃ ৰনোজ পেগুৱে কয় যে, বাগিচা অঞ্চলত ১০০ খন মডেল বিদ্যালয় নিৰ্মাণ কৰি থকা হৈছে । ৬০ শতাংশ ইতিমধ্যে নিৰ্মাণ হৈছে । বাকী ৪০ শতাংশ শেষ হোৱাৰ পিছতে বাগিচা অঞ্চলত মডেল স্কুল আৰম্ভ হ'ব । ১ লাখ নিযুক্তিৰ ভিতৰত এই স্কুল সমূহতো নিযুক্তি দিয়া হ'ব ।

ABOUT THE AUTHOR

...view details