অসম

assam

ATTSA Protest : বৰবাম চাহ বাগিচাত উত্তাল প্ৰতিবাদ

By

Published : Dec 6, 2021, 1:34 PM IST

শ্ৰমিকক শোষণ আৰু বহুকেইটা গুৰুত্বপূৰ্ণ সমস্যা সমাধানৰ দাবীত আমগুৰিত অসম চাহ জনজাতি ছাত্ৰ সন্থা(Assam tea tribes students association)ই সোমবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে বৰবাম চাহ বাগিচা ঘেৰাও কৰি বিশুদ্ধ খোৱাপানী, অনাময়ৰ সু-ব্যৱস্থা, আৱাসগৃহৰ মেৰামতি, স্কুলবাছৰ সু-ব্যৱস্থা, খেলপথাৰৰ সু-ব্যৱস্থা, ক্ৰেচ হাউচ খোলাৰ ব্যৱস্থা কৰা আদি দাবীৰে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বৰবাম চাহ বাগিচা প্ৰাথমিক গোটে আমগুৰিৰ বৰবাম চাহ বাগিচা(Borbam Tea Estate)ৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি ১৫ দিনৰ ভিতৰত শীঘ্ৰেই সমস্যাসমূহ সমাধানৰ দাবী জনায় ৷

ABOUT THE AUTHOR

...view details