অসম

assam

Bandh-Free Republic Day: কূটাঘাত অবিহনে ৰাজ্যত পাৰ হ’ল গণতন্ত্ৰ দিৱস

By

Published : Jan 26, 2022, 8:22 PM IST

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো উলহ মালহেৰে পালন কৰা হয় গণৰাজ্য দিৱস (Republic Day celebration in Guwahati)। পুৱাই পত্নী পুত্ৰসহ শ্ৰদ্ধাঞ্জলি কাননত উপস্থিত হৈ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনায় মুখ্যমন্ত্ৰী ড৹ শৰ্মাই । শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই সংবাদ মাধ্যমৰ আগত কয় যে, আজিৰ দিনটো অসমৰ বাবে ইতিবাচক দিন । দেশে স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰিছে । বিগত ১৫ আগষ্টতৰ দিনটোতো কোনো সংগঠনে বন্ধ ঘোষণা কৰা নাছিল । একেধৰনে আজি ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসৰ দিনটোতো কোনো দল সংগঠনে বন্ধ ঘোষণা কৰা নাই (No party call Assam Bandh on Republic Day)। এক প্ৰকাৰে সকলোৱে প্ৰতিশ্ৰুতি দিছে যে, গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচী শান্তিপূৰ্ণভাৱে পালন হ’ব ।

ABOUT THE AUTHOR

...view details