অসম

assam

সুশান্ত বৰগোঁহাইক বিজেপিৰ ন-বোৱাৰী আখ্যা অখিল গগৈৰ

By

Published : Sep 26, 2021, 10:17 PM IST

সময় বাগৰাৰ লগে লগে থাওৰাৰ ৰাজনৈতিক পৰিবেশ গৰম হৈ উঠিছে । সুশান্ত বৰগোহাঁইক বিজেপিয়ে পুনৰ প্ৰাৰ্থিত্ব দিছে সমান্তৰালভাৱে ৰাইজৰ দলে ধৈৰ্য্য কোঁৱৰক প্ৰাৰ্থিত্ব প্ৰদান কৰি প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে । অখিল গগৈয়ে ধৈৰ্য্য কোঁৱৰক লগত লৈ প্ৰতিজন ভোটাৰৰ কাষলৈ যাবলৈ চেষ্টা কৰাৰ সমান্তৰালভাৱে প্ৰাক্তন কংগ্ৰেছী বিধায়ক তথা এইবাৰ বিজেপি দলৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইক তীব্ৰ বাক্যবাণেৰে সমালোচনা কৰা পৰিলক্ষিত হৈছে । "পলাই যোৱা ন-বোৱাৰী আৰু বিশ্বঘাটক সুশান্ত বৰগোহাঁইৰ মাজত একো পার্থক্য নাই, থাওৰাবাসীয়ে আৰু তেওঁক বিশ্বাসত নলয়" বুলি সুশান্ত বৰগোহাঁইক কটাক্ষ কৰে অখিল গগৈয়ে । ইয়াৰোপৰি বিশ্বাসঘাতকৰ পৰা থাওৰাক বচাব লাগিব, মাত্ৰ চাৰি মাহৰ পূৰ্বে বিজেপি বেয়া, বিজেপি সাম্প্ৰদায়িক, বিজেপিয়ে অসমলৈ বিদেশী আনিছে বুলি কৈ আজি বিজেপি ভাল বুলি ক'ব তেনে মানুহক শাস্তি দিয়া বা প্ৰতিশোধ লোৱাৰ বাহিৰে আন কোনো বিকল্প নাথাকে বুলিও সুশান্ত বৰগোহাঁইক আক্ৰমণ কৰে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে । লগতে গগৈয়ে কয়, সুশান্ত বৰগোহাঁইৰ থাওৰা সমষ্টি ৰাইজৰ ওচৰলৈ যাবলৈ সাহস কৰিব পৰা নাই । ঘৰলৈ দুই এজনক মাতি আনি টকা দি ভোট‌ ভিক্ষা কৰি আছে । মুঠৰ ওপৰত থাওৰাৰ ৰাজনৈতিক পৰিবেশ এতিয়া ক্ৰমে গৰম হৈ আহিছে ।

ABOUT THE AUTHOR

...view details