অসম

assam

ধলপুৰৰ উচ্ছেদিতক পুনৰ সংস্থাপন ব্যৱস্থা কৰাৰ দাবীত আমছুৰ মানৱ শৃংখল

By

Published : Sep 23, 2021, 7:10 PM IST

চৰকাৰে অসমৰ বিভিন্ন জিলাত অমানৱীয়ভাৱে উচ্ছেদ কৰা আৰু দৰং জিলাৰ ধলপুৰত ৮০০ টা পৰিয়ালৰ লগতে ৩ খন মছজিদ আৰু ১খন মাদ্ৰাছাও উচ্ছেদ কৰা ফলত উচ্ছেদিত পৰিয়ালৰ লোকে বৰ্তমানেও মুকলি আকাশৰ তলত দিন-ৰাতি কটাবলগীয়া হৈছে । সেয়ে চৰকাৰৰ এনে অগণতান্ত্ৰিক, ফেচিবাদী শাসনৰ বিৰুদ্ধে ʼআমছুʼৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসমৰ অন্যান্য জিলা সমিতিৰ লগতে উত্তৰ শালমাৰা জিলা সমিতিৰ উদ্যাগত বৃহস্পতিবাৰে দিনৰ ১১ বজাত উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি কাৰ্য্যালয়ৰ সম্মুখত ʼʼমানৱ শৃংখলʼʼ কাৰ্যসূচী ৰূপায়ন কৰে ৷ এই কাৰ্যসূচীৰ জৰিয়তে উচ্ছেদিত লোক সকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ লগতে পুনৰ সংস্থাপন নিদিয়াকৈ উচ্ছেদ কাৰ্য বন্ধ ৰাখিবলৈ দাবী জনাই জিলা সমিতিৰ সভাপতি বাহাৰুল ইছলামে ।

ABOUT THE AUTHOR

...view details