অসম

assam

Wall painting awareness program: ৰং তুলিকাৰে জীপাল হৈছে ধেমাজি অসামৰিক চিকিৎসালয়

By

Published : Dec 15, 2022, 10:03 AM IST

Updated : Feb 3, 2023, 8:35 PM IST

নতুন ৰঙেৰে ৰঙীন হৈছে ধেমাজি অসামৰিক চিকিৎসালয় (Dhemaji civil hospital)৷ হাতে হাতে ৰং তুলিকা লৈ এদল ন পুৰণি শিল্পীয়ে ধেমাজি অসামৰিক চিকিৎসালয়ৰ দেৱালত সজাগতামূলক বিভিন্ন ছবি আঁকি বুলাই গৈছে ৰং (Wall painting awareness program in Dhemaji) ৷ ধেমাজি জিলা অসামৰিক চিকিৎসালয়ৰ উদ্যোগত, ধেমাজি জিলা স্বাস্থ্য সমিতি আৰু অংকন কলা নিকেতনৰ সহযোগত বুধবাৰে ধেমাজি অসামৰিক চিকিৎসালয়ত স্বচ্ছতা আৰু সুস্বাস্থ্যৰ বাবে এদিন শীৰ্ষক এক অনুষ্ঠান সম্পন্ন হয় (Wall painting at Dhemaji civil hospital)৷ অনুষ্ঠানৰ কাৰ্যসূচী মৰ্মে পুৱা পুৱা চাফাই অভিযানৰ পিছতে ধেমাজিৰ নবীন প্ৰবীন শিল্পীৰ দ্বাৰা চিকিৎসালয়ৰ দেৱাল অংকন আৰু স্বচ্ছতাৰ ওপৰত সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

...view details