অসম

assam

Satgoan fake currency: সাতগাঁৱত গ্ৰেপ্তাৰ হোৱা জালনোট ব্যৱসায়ী চাহিদুলক চাৰি দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

By

Published : May 7, 2023, 5:55 PM IST

Two smugglers arrested with fake note machines at Satgaon

গুৱাহাটী, ৭ মে’:সাতগাঁও আৰক্ষীয়ে শনিবাৰে নিশা দলবাৰীৰ পানীটেংকী অঞ্চলত অভিযান চলাই দুটা জালনোট বনোৱা মেচিন জব্দ কৰাৰ লগতে মহিলাসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ আৰক্ষীৰ জালত পৰা যুৱকজন হৈছে বিহপুৰীয়াৰ চাহিদুল ইছলাম (৩৪) বুলি জনিব পৰা গৈছে (Two smugglers arrested)। 

এক গোপন সূত্ৰৰ পম খেদি সাতগাঁও আৰক্ষীয়ে পানীটেংকী অঞ্চলৰ এটা বাসগৃহৰ ভিতৰত জালনোট বনাই থকা অৱস্থাতেই হাতে লোটে ধৰা পেলাই গ্ৰেপ্তাৰ কৰে দুই জালনোট ব্যৱসায়ীক (Fake note machines at Satgaon)। ধৃত দুই অভিযুক্তৰ পৰা সাতগাঁও আৰক্ষীয়ে জব্দ কৰে দুটাকৈ জালনোট বনোৱা মেচিন, ৫৮ খন জাল পাঁচশ টকাৰ নোট, তিনিটা মোবাইল ফোন আৰু বিভিন্ন জালনোট প্ৰস্তুত কৰা সামগ্ৰী । ইতিমধ্যে সাতগাঁও আৰক্ষীয়ে ধৃত 2 অভিযুক্তক CJM আদালতত হাজিৰ কৰাইছে ৷ মহিলাগৰাকীক কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ বিপৰীতে চাহিদুল ইছলামক চাৰি দিনৰ বাবে নিজৰ জিম্মাত লৈছে আৰক্ষীয়ে ৷

লগতে পঢ়ক:  Gambling in Nalbari : নলবাৰীত 2 জুৱাৰীসহ জুৱা ঘাটি উৎখাত

ABOUT THE AUTHOR

...view details