অসম

assam

Tense Situation in Bokajan: বোকাজানৰ খটখটিত অসম গ্ৰামীণ বিকাশ বেংকত নিশা উত্তপ্ত পৰিস্থিতি

By

Published : Jul 13, 2023, 2:10 PM IST

শতাধিক মহিলাই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে

ডিফু, 13 জুলাই :বুধবাৰে নিশা অসম-নাগালেণ্ড সীমান্তৰ খটখটিত অসম গ্ৰামীণ বিকাশ বেংকত শতাধিক মহিলাই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ গ্ৰাহকৰ ধন আত্মসাৎ কৰাৰ অভিযোগত খটখটি গ্ৰামীণ বিকাশ বেংকত একপ্ৰকাৰৰ হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে স্থানীয় মহিলাই ৷  পিংকি দাস মেচ নামৰ এজেন্ট গৰাকীয়ে মহিলা সকলৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰি বেংকৰ ভিতৰতে প্ৰতিবাদ সাব্যস্ত কৰে মহিলাসকলে ৷  

প্ৰায় শতাধিক মহিলাই নিশা পৰিস্থিতি উত্তপ্ত কৰি তোলে বেংকটোত ৷ বেংকৰ কৰ্মচাৰী সকলক বেংকৰ ভিতৰতে আবদ্ধ কৰি মহিলা সকলে প্ৰাপ্য বিচাৰি হুলস্থূলীয়া পৰিবেশ সৃষ্টি কৰে ৷ 

পৰৱৰ্তী সময়ত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস, খটখটি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰমেন বৰদলৈ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও, বেংকৰ ভিতৰতে বেংক কৰ্মচাৰী সকলক আবদ্ধ কৰি ৰাখে উত্তেজিত মহিলা সকলে ৷ 

লগতে পঢ়ক:Rail Official Arrested: লামডিঙত ৰে’লৱে ভিজিলেঞ্চৰ অভিযান; হাতে-লোটে আটক ৰে’লৱে কৰ্মচাৰী

ABOUT THE AUTHOR

...view details